ETV Bharat / sports

বিশ্বকাপত কোহলীক অপেনিং কৰাৰ পৰামৰ্শ অজয় জাদেজাৰ - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:25 PM IST

T20 World Cup 2024: পুৰুষৰ টি-২০ বিশ্বকাপলৈ মাত্ৰ এমাহ বাকী । ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ইতিমধ্যে ঘোষণা কৰা হৈছে । তাৰ মাজতে দলটোৰ বেটিং ক্ৰমক লৈ অজয় জাদেজাই গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছে ।

T20 World Cup 2024
বিশ্বকাপত কোহলীক অপেনিং কৰাৰ পৰামৰ্শ অজয় জাদেজাৰ (IANS)

স্প’ৰ্টছ ডেস্ক,৩ মে' : অহা ২ জুনৰ পৰা অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ত অংশগ্ৰহণ কৰিব । কিন্তু তাৰ পূৰ্বে ৰোহিত শৰ্মাৰ বেটিং স্থিতিক লৈ বিভিন্নজনে প্ৰশ্ন কৰা দেখা গৈছে । ইয়াৰ মাজতে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ অজয় জাদেজাই টি-২০ বিশ্বকাপত ভাৰতৰ প্লেয়িং একাদশক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । তেওঁ দলটোৰ বেটিং ক্ৰমত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ পৰামৰ্শ দিছে ।

এক সাক্ষাৎকাৰত অজয় জাদেজাই কয়, 'মোৰ মতে, বিৰাট কোহলীয়ে অপেনিং কৰিব লাগে আৰু ৰোহিত শৰ্মাই ৩ নম্বৰত বেটিং কৰা উচিত । এনে পৰিস্থিতিত, ৰোহিতে অলপ বিশ্ৰাম পাব আৰু লগতে খেলখন বুজি পোৱাৰ ভাল সুযোগ পাব । এগৰাকী অধিনায়ক হিচাপে তেওঁৰ মনত বহুতো কথা চলি থাকে । যদি বিৰাট দলত থাকে, তেন্তে আপুনি কিছু স্থিৰতা লাভ কৰিব । গতিকে আপুনি তেওঁক ব্যৱহাৰ কৰিব পাৰে । বিৰাটৰ বেটিং ২০-৩০ ৰাণৰ পিচত উন্নত হয় আৰু যেতিয়া স্পিন আহে, তেওঁ ইয়াক ভালদৰে খেলিব পাৰে । যদি বিৰাট দলত থাকে, তেন্তে মোৰ পছন্দ যে তেওঁ যাতে অপেনিং কৰে ।"

ইয়াৰ উপৰিও, অজয় জাদেজাই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বিষয়েও মন্তব্য কৰে । তেওঁ কয় যে, ভাৰতৰ এই ফাষ্ট বলাৰ অলৰাউণ্ডাৰে টি-২০ বিশ্বকাপ ২০২৪ত সুন্দৰ প্ৰদৰ্শন কৰিব । জাদেজাৰ মতে বিৰাট কোহলী আৰু যশস্ৱী জয়ছোৱালে ইনিংছ আৰম্ভ কৰিব লাগে । আনহাতে ৰোহিতে তিনি নম্বৰত খেলিব লাগে ।

টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজৱেন্দ্ৰ চাহাল, মহম্মদ চিৰাজ, জছপ্ৰীত বুমৰাহ ।

সংৰক্ষিত খেলুৱৈ : শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খান ।

লগতে পঢ়ক : কিয় টি-20 বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিংকু সিঙে ! - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.