ETV Bharat / sports

ছানৰাইজাৰ্ছৰ সন্মুখত 166 ৰাণৰ লক্ষ্য বান্ধিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:06 PM IST

Today IPL MATCH
ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ যুঁজ (ETV BHARAT ENGLISH DESK)

Today IPL MATCH : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হৈছে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ লক্ষ্ণৌ দলে বিজয়ৰ বাবে ছানৰাইজাৰ্ছৰ সন্মুখত বান্ধি দিছে 166 ৰাণৰ লক্ষ্য ৷

স্পৰ্টছ ডেস্ক, 8 মে’ : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আই পি এল 2024ৰ 57 সংখ্যক মেচখন ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হৈছে ৷ এই মেচত হায়দৰাবাদৰ অধিনায়ক পেট কামিন্স আৰু লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুল ৷ প্লে’ অফলৈ যোৱাৰ ক্ষেত্ৰত দুয়োটা দলৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ হ’ব ৷ এই পৰ্যন্ত হায়দৰাবাদ আৰু লক্ষ্ণৌৰ মাজত মুঠ 3 খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত লক্ষ্ণৌ দলে 3 খন খেলৰ আটাইকেইখনতে জয়লাভ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ লক্ষ্ণৌ দলে বিজয়ৰ বাবে ছানৰাইজাৰ্ছৰ সন্মুখত বান্ধি দিছে 166 ৰাণৰ লক্ষ্য ৷ লক্ষ্ণৌ দলে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে ৷ দলৰ হৈ আয়ুস বাদনীয়ে সাৰ্বাধিক 55 ৰাণৰ বৰঙণি আগবঢ়াই ৷ বেটছমেনজনে 30 টা বলত 55 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ইফালে নিকোলাছ পৰাণে 26 টা বলত 48 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ অধিনায়ক কে এল ৰাহুলে 29 ৰাণ সংগ্ৰহ কৰে ৷ ছানৰাইজাৰ্ছৰ হৈ ভুৱনেশ্বৰ কুমাৰে সাৰ্বাধিক 2 টা উইকেট দখল কৰে ৷ অধিনায়ক পেট কামিনছে দখল কৰে 1 টা উইকেট ৷

ছানৰাইজাৰ্ছৰ মূল একাদশ-

ট্ৰেভিছ হেড, নীতিশ ৰেড্ডী, হেনৰিচ ক্লাচেন (উইকেট কীপাৰ), আব্দুল ছামাদ, শ্বাহবাজ আহমেদ, সনবীৰ সিং, পেট কামিন্স (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ, জয়দেৱ উনাদকট, বিজয়কান্ত বিয়াস্কান্ত, টি নটৰাজন ৷

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মূল একাদশ-

কুইণ্টন ডি কক, কে এল ৰাহুল (অধিনায়ক আৰু উইকেটকীপাৰ), মাৰ্কাছ ষ্টয়নিছ, নিকোলাছ পৰাণ, আয়ুছ বাডোনি, দীপক হুডা, ক্ৰুনাল পাণ্ডিয়া, কৃষ্ণপ্পা গৌথাম, যশ ঠাকুৰ, ৰবি বিষ্ণোই, নবীন-উল-হক ৷

লগতে পঢ়ক : ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনৰ ৩০ শতাংশ মেচ ফী কৰ্তন - SANJU SAMSON FINED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.