ETV Bharat / sports

ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনৰ ৩০ শতাংশ মেচ ফী কৰ্তন - SANJU SAMSON FINED

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 11:32 AM IST

Updated : May 8, 2024, 11:49 AM IST

IPL 2024: মঙলবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে এখন লীগ মেচত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাজস্থান ৰয়েলছে ৷ এই মেচখনত তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰাৰ অপৰাধত ৰাজস্থান ৰয়েলছৰ স্কীপাৰ সঞ্জু চেমছনৰ ৩০ শতাংশ মেচ ফী কৰ্তন কৰা হয় ৷

IPL 2024
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন (Etv Bharat English)

স্প’ৰ্টছ ডেস্ক, 8 মে’: লৈ আহিছো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অথবা আই পি এল ৰ খবৰ ৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক মঙলবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত ৩০ শতাংশ জৰিমনা বিহা হৈছে । খেলুৱৈগৰাকীৰ বিৰুদ্ধে লীগৰ খেলৰ সময়তে এই আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মাত্ৰ ৪৬ টা বলত চেমছনে ৮৬ ৰাণৰ দুৰ্দান্ত ইনিংছ দলক উপহাৰ দিয়াৰ পিছতো ৰাজস্থান ৰয়েলছে অৰুণ জেটলী ষ্টেডিয়ামত খেলা মেচখনত ২০ ৰাণত পৰাজয়ৰ সন্মুখীন হয় ।

আই পি এল কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা এক চৰকাৰী বিবৃতিত, "7 মে’ত অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2024 ৰ মেচ 56-ৰ সময়ত আই পি এল ৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক তেওঁৰ মেচ মাচুলৰ 30 শতাংশ জৰিমনা বিহা হৈছে" বুলি প্ৰকাশ কৰা হৈছে ৷

চেমছনে আই পি এলৰ আচৰণ বিধিৰ অনুচ্ছেদ 2.8 ৰ অধীনত লেভেল 1 ত এই অপৰাধ সংঘটিত কৰা বুলি বিবৃতিত প্ৰকাশ পাইছে ৷ খেলুৱৈগৰাকীয়ে নিয়ম উলংঘা কৰা বুলি স্বীকাৰ কৰে ৷ আচৰণ বিধিৰ স্তৰ 1 উলংঘনৰ বাবে আৰু মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বিৰুদ্ধাচৰণ কৰা বাবে মেচ ফী কৰ্তন কৰা কথাটো বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

দিল্লী কেপিটেলছে প্ৰথমে ৮ উইকেটত ২২১ ৰাণ সংগ্ৰহ কৰে ৷ তাৰপিছত বিপক্ষক ৮ উইকেটত ২০১ ৰাণত সীমিত কৰি ২০ ৰাণত জয় লাভ কৰে ৷ ইয়াৰ লগে লগে দলটোৰ প্লে অফ বাৰ্থৰ আশা উজ্জীৱিত হৈ পৰে ৷

উল্লেখ্য যে, তৃতীয় আম্পায়াৰে খেলুৱৈগৰাকীক আউট হোৱাৰ সিদ্ধান্ত জাৰি কৰাৰ পিছত চেমছনক খেলপথাৰতে আম্পায়াৰসকলৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গৈছিল ৷

লগতে পঢ়ক: ৰাজস্থানৰ সমুখত দিল্লীৰ ২২২ ৰাণৰ শক্তিশালী টাৰ্গেট - IPL DC VS RR MATCH

Last Updated : May 8, 2024, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.