ETV Bharat / sports

ছাফ অনূৰ্ধ্ব 19 মহিলা হকীৰ ফাইনেলত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:03 AM IST

India on SAFF U19 Womens Final : ঢাকাত অনুষ্ঠিত ছাফ অনূৰ্ধ্ব-১৯ মহিলা চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ভাৰতে নেপালক ৪-০ গ'লত পৰাস্ত কৰে । ইয়াৰ জৰিয়তে ভাৰতে দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ অনূৰ্ধ্ব-19 চেম্পিয়নশ্বিপৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ।

ছাফ অনূৰ্ধ্ব 19 মহিলা হকীৰ ফাইনেলত ভাৰত
ছাফ অনূৰ্ধ্ব 19 মহিলা হকীৰ ফাইনেলত ভাৰত

স্পৰ্টছ ডেস্ক, ৭ ফেব্ৰুৱাৰী : মঙলবাৰে ঢাকাৰ বিএছএছএছএম ষ্টেডিয়ামত অনুষ্ঠিত অন্তিম ৰাউণ্ড ৰবিন মেচত ভাৰতে নেপালক ৪-০ গ'লত পৰাস্ত কৰি দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ (ছাফ) অনূধ্ব-১৯ মহিলা চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁলোকৰ স্থান সুৰক্ষিত কৰে ।

বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ভাৰতে এতিয়া আয়োজক আৰু ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশৰ মুখামুখী হ'ব । ইয়াৰ পূৰ্বে যুৱ ভাৰতীয় দলটোৱে ভূটানৰ বিৰুদ্ধে প্ৰথমখন মেচত ১০-০ ব্যৱধানত জয়লাভ কৰিছিল । অৱশ্যে বাংলাদেশৰ হাতত ০-১ গ'লৰ ব্যৱধানত পৰাস্ত হ'বলগা হয় ।

মেচখনৰ প্ৰথমাৰ্ধ গ'লশূন্য়ভাৱে সমাপ্ত হয় । ইয়াৰ পিচত ভাৰতীয় যুৱতীসকলে দ্বিতীয়াৰ্ধত সুন্দৰ প্ৰদৰ্শন কৰি চাৰিটা গ'ল কৰে । নেহা, শিৱানী দেৱী আৰু সুলাঞ্জনা ৰাউলৰ ভাৰতীয় ফৰৱাৰ্ড লাইনে নিয়মিত ব্যৱধানত প্ৰতিদ্বন্দ্বী দলৰ ৰক্ষণ বিভাগক পৰাস্ত ভংগ কৰে । যাৰ ফলত নেপালে ৰক্ষণাত্মক খেল খেলিবলৈ বাধ্য হয় ।

দ্বিতীয়াৰ্ধত দুটা গ'লসহ উইংগাৰ নেহাই উন্নত প্ৰদৰ্শন কৰে । আনহাতে, সুলাঞ্জনা ৰাউল আৰু পৰিৱৰ্ত খেলুৱৈ সিণ্ডি টেমৰুতপুই কলনিয়ে অন্তিম সময়ত দুটাকৈ গ'ল কৰি ভাৰতৰ সহজ জয় নিশ্চিত কৰে । ভাৰতীয় আক্ৰমণাত্মক যুৱতী দলটোৱে আৰম্ভণিৰে পৰা বিপক্ষৰ ওপৰত তীব্ৰ হেঁচা প্ৰদান কৰিবলৈ আৰম্ভ কৰে । তেওঁলোকৰ বেছিভাগ আক্ৰমণেই বাঁওফালৰ পৰা আহে ।

এই আক্ৰমণত নেহাই তীব্ৰ গতিৰে নেতৃত্ব প্ৰদান কৰে । তেওঁৰ ক্ৰছবোৰে নেপালৰ প্ৰতিৰক্ষা বিভাগক বাৰম্বাৰ আঘাত কৰে । যাৰ বাবে ইয়াৰ মোকাবিলা কৰিবলৈ ৰক্ষণ বিভাগে যথেষ্ট কষ্ট কৰিবলগা হয় । আনহাতে, নেপালৰ গ'লৰক্ষক লীলা যোশীয়ে ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৰ্থ হয় ।

নেপালৰ চেনু পৰিয়াৰে একমাত্ৰ সুযোগটো লাভ কৰিছিল । কিন্তু তেওঁ ভাৰতীয় প্ৰতিৰক্ষা বিভাগক পৰাস্ত কৰি গ'ল কৰিব পৰাকৈ পৰ্যাপ্ত সুযোগ নাছিল । ভাৰতে ৫৪ মিনিটত পুনৰ আক্ৰমণ আৰম্ভ কৰি আন এটা সফলতা লাভ কৰে । শিৱানীৰ বাঁও ভৰিৰ ক্ৰছটো গৈ পোষ্টৰ ওচৰত থকা নেহাৰ ওচৰ পায় আৰু তেওঁ ইয়াক গ'লপোষ্টলৈ ঠেলি গ'লৰক্ষকক পৰাস্ত কৰে ।

আনহাতে, সমগ্ৰ মেচখনত যথেষ্ট সুযোগ পোৱা ৰাউলে অৱশেষত ৮৫ মিনিটত মেচখনৰ তৃতীয়টো গ'ল কৰে । ইফালে ৰাউলৰ স্থানত খেলপথাৰত নমা সিণ্ডিয়ে চতুৰ্থটো গ'ল কৰে ।

লগতে পঢ়ক : 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত; ছেমিফাইনেলতে থমকিল আয়োজক দঃ আফ্ৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.