ETV Bharat / sports

আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ৰোহিত শৰ্মা অধিনায়কৰ উপযুক্ত বিকল্প: সৌৰভ গাংগুলী

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:19 PM IST

T20 World Cup 2024
আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ৰোহিত শৰ্মা অধিনায়কৰ উপযুক্ত বিকল্প

T20 World Cup 2024: জুন মাহত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেটত ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব দিব । জয় শ্বাহৰ এই ঘোষণাৰ পিচতে সৌৰভ গাংগুলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । গাংগুলীৰ মতে অধিনায়কৰ বাবে ৰোহিত উপযুক্ত বিকল্প ।

স্পৰ্টছ ডেস্ক,২০ ফেব্ৰুৱাৰী : এইবছৰৰে জুন মাহত অনুষ্ঠিত হ'ব পুৰুষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট । তাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক কোন হ'ব তাক লৈ বিভিন্ন ধৰণৰ জল্পনা-কল্পনা অব্যাহত আছে । বহুতে ৰোহিত শৰ্মাকে পুনৰ দলৰ নেতৃত্ব দিব লাগে বুলি দাবী কৰি আহিছে । বিচিচিআই কৰ্তৃপক্ষইও একপ্ৰকাৰ ৰোহিত শৰ্মাক দলৰ নেতৃত্ব দিয়াৰ ইংগিত দিয়া দেখা গৈছে ।

তাৰ মাজতে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও টি-২০ বিশ্বকাপৰ অধিনায়ক হোৱাৰ বাবে ৰোহিত শৰ্মাক সমৰ্থন আগবঢ়াইছে । শেহতীয়াকৈ, বিচিচিআইৰ সচিব জয় শ্বাহে কৈছে যে ৰোহিত শৰ্মাই ২০২৪ চনৰ জুনত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ নেতৃত্ব দিব । তেওঁৰ মন্তব্যৰ পিচতে স্পষ্ট হৈছিল যে ৰোহিত শৰ্মাই ২০২৪ চনৰ টি-২০ বিশ্বকাপ খেলিব আৰু লগতে দলক নেতৃত্ব দিব ।

ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিশ্বাস কৰে যে ৰোহিত দলটোক নেতৃত্ব দিয়াৰ বাবে উপযুক্ত বিকল্প । তেওঁ কৈছে যে টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মা সঠিক পছন্দ । শেহতীয়া এদিনীয়া বিশ্বকাপত তেওঁ যিদৰে ভাৰতীয় দলক নেতৃত্ব দিছিল আৰু ১০ খন মেচ জয়ী হৈছিল সেয়া এতিয়াও তেওঁৰ স্মৃতিত সতেজ হৈ আছে । গতিকে, ৰোহিত এই ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ পছন্দ ।

ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৰোহিতে ভাৰতীয় দলক নেতৃত্ব দি আছে । ৰাজকোটত ৪৩৪ ৰাণৰ ব্যৱধানত ভাৰতীয় দলটোৱে বৃহৎ জয় সাব্যস্ত কৰে । ভাৰতে শৃংখলাটোত ২-১ ৰ অগ্ৰগতি লাভ কৰিছে ।

ইয়াৰ পূৰ্বে, ৰোহিত আৰু কোহলীয়ে টি-২০ বিশ্বকাপ ২০২৪ খেলিব নে নাই সেই বিষয়ে সামাজিক মাধ্যমত বিতৰ্ক হৈছিল । যেতিয়া দুয়োগৰাকী খেলুৱৈক আফগানিস্তানৰ বিৰুদ্ধে ৩ খনীয়া টি-২০ শৃংখলাত অন্তৰ্ভুক্ত কৰা হৈছিল, আশা কৰা হৈছিল যে দুয়োগৰাকী খেলুৱৈ বিশ্বকাপৰ অংশ হ'ব । কিয়নো ইয়াৰ পূৰ্বে তেওঁলোক দুয়োজনে ২০২২ চনৰ টি-২০ বিশ্বকাপত তেওঁলোকৰ অন্তিম খন খেল খেলিছিল ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট; ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ৰেকৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.