ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কেন উইলিয়ামছনৰ ঐতিহাসিক শতক

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:40 PM IST

Kane Williamson century: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নিউজীলেণ্ডৰ বেটছমেন কেন উইলিয়ামছনৰ একেৰাহে দুটা শতক । সৰ্বনিম্ন ইনিংছত ৩১ টা শতক অৰ্জন কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষ ৩ নম্বৰ স্থানত উইলিয়ামছন । তালিকাৰ প্ৰথমস্থানত আছে ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ ।

Kane Williamson century
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কেন উইলিয়ামছনৰ ঐতিহাসিক শতক

স্পৰ্টছ ডেস্ক, ৬ ফেব্ৰুৱাৰী : যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলা আৰম্ভ হৈছে । প্ৰথমখন টেষ্টৰ আজি তৃতীয় দিন । প্ৰথমখন টেষ্টত ইতিমধ্যে আক্ৰমণাত্মক ৰূপ দেখুৱাবলৈ সক্ষম হৈছে নিউজীলেণ্ড দলে । প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনে টেষ্টখনৰ দুটা ইনিংছত একেৰাহে দুটা শতক অৰ্জন কৰিছে । ইয়াৰ লগে লগে উইলিয়ামছনে অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথৰ পূৰ্বৰ অভিলেখ ভংগৰ দিশে আগবাঢ়িছে । খেলখনৰ প্ৰথম ইনিংছত উইলিয়ামছনে ১১৮ ৰাণ কৰিছিল আৰু দ্বিতীয় ইনিংছতো ১০৯ ৰাণ কৰিছে ।

প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছত উইলিয়ামছনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বেটিং ফৰ্ম অব্যাহত ৰাখি ১৩২ টা বলত ১০৯ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ শতকীয় ইনিংছত ১২ টা চাৰি আৰু ১ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছিল । ইয়াৰ পূৰ্বে দেওবাৰে একেখন খেলৰ প্ৰথম ইনিংছত তেওঁ ২৮৯ টা বলৰ সন্মুখীন হৈ ১১৮ ৰাণ সংগ্ৰহ কৰিছিল, য'ত ১৬ টা চাৰি অন্তৰ্ভুক্ত আছিল । যোৱা ১০ টা ইনিংছত এয়া উইলিয়ামছনৰ ষষ্ঠ শতক ।

কেন উইলিয়ামছনে আফ্ৰিকাৰ বিৰুদ্ধে ৩১ নম্বৰ শতক সম্পূৰ্ণ কৰাৰ লগে লগে সৰ্বনিম্ন ইনিংছত ৩১ টা শতক অৰ্জন কৰা বেটছমেনৰ শীৰ্ষ ৩ তালিকাত নিজৰ স্থান অন্তৰ্ভুক্ত কৰিছে । তেওঁৰ পূৰ্বে শচীন তেণ্ডুলকাৰ আৰু ষ্টিভ স্মিথ এই তালিকাত আছে । তেণ্ডুলকাৰে তেওঁৰ ৩১ নম্বৰ শতক সম্পূৰ্ণ কৰিবলৈ ১৬৫ টা ইনিংছ খেলিছিল । তাৰ পিচত, অষ্ট্ৰেলিয়াৰ সোঁহাতৰ বেটছমেন ষ্টিভ স্মিথে ১৭০ টা ইনিংছত তেওঁৰ ৩১ নম্বৰ শতক সম্পূৰ্ণ কৰিছিল । এতিয়া উইলিয়ামছনেও ষ্টিভ স্মিথৰ সমকক্ষ হৈছে আৰু ১৭০ টা ইনিংছত ৩১ টা শতক অৰ্জন কৰি এই অভিলেখ গঢ়া বিশ্বৰ তৃতীয়গৰাকী বেটছমেন হৈ পৰিছে ।

কেন উইলিয়ামছনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈ ৪৪ টা শতক অৰ্জন কৰিছে । তেওঁ ডেভিদ ৱাৰ্ণাৰ, ৰোহিত শৰ্মা আৰু জ' ৰুটৰ ঠিক পিছতে আছে । ডেভিদ ৱাৰ্ণাৰৰ ৪৯ টা, ৰোহিত শৰ্মা আৰু জ' ৰুটৰ ৪৬ টা শতক আছে । যদি উইলিয়ামছনৰ বেটিং ফৰ্ম এনেদৰে চলি থাকে, তেন্তে তেওঁ এই খেলুৱৈসকলকো কম সময়ৰ ভিতৰতে অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে । অৱশ্যে এই ক্ষেত্ৰত বিৰাট কোহলী যথেষ্ট আগবাঢ়ি আছে ।

লগতে পঢ়ক :দ্বিতীয় টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.