ETV Bharat / sports

ফাইনেলত প্ৰৱেশৰ লক্ষ্য : চেন্নাইত ৰাজস্থান-হায়দৰাবাদৰ হাইভল্টেজ যুঁজ - rr vs srh

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:41 PM IST

IPL 2024 Qualifier 2 : চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক 176 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ এই মেচত জয়ী হোৱা দলটোৱে ফাইনেলৰ টিকট লাভ কৰিব ৷

IPL 2024 Qualifier 2
ৰাজস্থান-হায়দৰাবাদৰ যুঁজ (ETV BHARAT HINDI DESK)

স্পৰ্টছ ডেস্ক, 24 মে’ : আই পি এল 2024ৰ কোৱালিফায়াৰ-2 আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছে ৷ এই মেচত জয়ী হোৱা দলটোৱে ফাইনেলৰ টিকট লাভ কৰিব ৷ এই মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মুখামুখি হ’ব লাগিব ৷ কোৱালিফায়াৰ-1ত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদে এই মেচত প্ৰৱেশ কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে এলিমিনেটৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক পৰাস্ত কৰি এই মেচত প্ৰৱেশ কৰে ৷

দুয়োটা দল শক্তিশালী যদিও এই মেচত জয়ী হ’ব যিটো দলে চাপ ভালদৰে চম্ভালিব পাৰিব ৷ অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 19 খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত হায়দৰাবাদে 10 বাৰ জয়লাভ কৰিছে ৷ একে সময়তে ৰাজস্থানে 9 বাৰ বিজয়ৰ পতাকা উত্তোলন কৰিছে ৷ প্ৰতিযোগিতাখনৰ ইতিহাসত দুয়োটা দলৰ মাজত কঠোৰ প্ৰতিযোগিতা চলি আহিছে ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক 176 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় ৰাজস্থানে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি হায়দৰাবাদে হেনৰিখ ক্লাছেনৰ অৰ্ধশতকৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 175 ৰাণ সংগ্ৰহ কৰে ৷ ক্লাছেনে 34 টা বলত 50 ৰাণ সংগ্ৰহ কৰে ৷ ৰাহুল ত্ৰিপাঠীয়ে 37 ৰাণ আৰু অ’পেনাৰ ট্ৰেভিছ হেডে 34 ৰাণ সংগ্ৰহ কৰে ৷ ৰাজস্থানৰ হৈ ট্ৰেন্ট বৌল্ট আৰু আভেশ খানে 3 টাকৈ উইকেট দখল কৰে ৷ সন্দীপ শৰ্মাই 2 টা উইকেট দখল কৰে ৷

লগতে পঢ়ক : আই পি এল ইমপেক্ট প্লেয়াৰৰ নিয়ম: ইয়াৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ - IPL Impact Player Rule

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.