ETV Bharat / sports

ইউৰোপ ভ্ৰমণৰ বাবে ভাৰতীয় জুনিয়ৰ হকী দল ঘোষণা - India Hockey Junior team

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 2:17 PM IST

India Hockey Junior team for Europe tour
ইউৰোপ ভ্ৰমণৰ বাবে ভাৰতীয় জুনিয়ৰ হকী দল ঘোষণা(IANS)

India Hockey Junior team : অহা ২০ মে'ত ভাৰতীয় জুনিয়ৰ হকী দলে বেলজিয়াম, জাৰ্মানী আৰু নেডাৰলেণ্ডৰ এটা ক্লাবৰ বিৰুদ্ধে ৩ খন দেশত ৫ খন মেচ খেলিব । হকী ইণ্ডিয়াই ৰোহিত কাৰখানিছৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা কৰিছে ।

স্পৰ্টছ ডেস্ক, ৪ মে' : অহা ২০ মে'ৰ পৰা ২৯ মে'লৈ ইউৰোপ ভ্ৰমণলৈ যাব ভাৰতীয় জুনিয়ৰ হকী দল । তাৰ পূৰ্বে হকী ইণ্ডিয়াই শনিবাৰে ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দল ঘোষণা কৰে । দলটোৱে বেলজিয়াম, জাৰ্মানী আৰু ব্ৰেডেজ হকী ভেৰেনিগিং পুছ নামৰ নেডাৰলেণ্ডৰ ক্লাব দলৰ বিৰুদ্ধে ৩ খন দেশত ৫ খন খেল খেলিব ।

ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোক অভিজ্ঞতা অৰ্জনৰ সহায়ৰ বাবে হকী ইণ্ডিয়াৰ অধীনত বেলজিয়াম, জাৰ্মানী আৰু নেডাৰলেণ্ডত মেচ খেলিবলৈ পঠিয়াব । দলটোৱে বেলজিয়ামৰ এণ্টৱাৰ্পত ২০ মে'ত বেলজিয়ামৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব আৰু ২২ মে'ত নেডাৰলেণ্ডৰ ব্ৰেডাত দ্বিতীয়খন খেল খেলিব ।

ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে ২৩ মে'ত ব্ৰেডাত ডাচ্চ ক্লাব দল ব্ৰেডেজ হকী ভেৰেনিগিং পুছৰ বিৰুদ্ধে খেলিব আৰু তাৰ পিচত ২৮ মে'ত জাৰ্মানীত জাৰ্মানীৰ বিৰুদ্ধে এখন খেল খেলিব । তাৰ পিচত তেওঁলোকে ২৯ মে'ত ভ্ৰমণৰ অন্তিম খন খেলত জাৰ্মানীৰ সৈতে পুনৰ ব্ৰেডালৈ উভতিব । দলটোক ডিফেণ্ডাৰ ৰোহিতে নেতৃত্ব দিব আৰু শাৰদানন্দ তিৱাৰীক দলৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।

গ'লকিপাৰ হিচাপে থাকিব ৰাজকুমাৰ দীপ সিং আৰু বিক্ৰমজিৎ সিং । আনহাতে শাৰদানন্দ তিৱাৰী, যোগেম্বাৰ ৰাৱট, আনমোল এক্কা, ৰোহিত, মনোজ যাদৱ আৰু তালেম প্ৰিঅ বাৰ্টাক ডিফেণ্ডাৰ হিচাপে দলত নিৰ্বাচিত কৰা হৈছে । অংকিত পাল, ৰোশন কুজুৰ, বিপিন বিলৱাৰা ৰবি, মুকেশ টপ্পো, মনমিত সিং আৰু বচন এইচ এ মিডফিল্ডাৰ হিচাপে দলত থাকিব ।

দলটোত ফৰৱাৰ্ড হিচাপে ৰখা হৈছে সৌৰভ আনন্দ কুশৱাহা, অৰ্শদীপ সিং, গুৰজোত সিং, মহম্মদ কোনাইন দাদ, দিলৰাজ সিং আৰু গুৰসেৱক সিঙক । অধিনায়ক ৰোহিতে এই সন্দৰ্ভত কয় যে তেওঁলোকে শিবিৰত কঠোৰ প্ৰশিক্ষণ লৈ আছে আৰু ইজনে সিজনৰ গেমপ্লেৰ বিষয়ে বুজাবুজি উন্নত কৰিছে ।

তেওঁ কোৱা মতে আন দেশৰ দলবোৰৰ বিৰুদ্ধে একেলগে খেলাটো আশ্চৰ্যজনক হ'ব, যি দলটোক তেওঁলোকৰ খেল উন্নত কৰাত আৰু এনে প্ৰদৰ্শনৰ সৈতে উন্নত হোৱাত সহায় কৰিব ।

লগতে পঢ়ক :ৱাংখেড়েত আই পি এল জয়ৰ সপোন স্তব্ধ মুম্বাই ইণ্ডিয়ানছৰ; কেকেআৰৰ বিৰুদ্ধে ২৪ ৰাণত পৰাজয় স্বীকাৰ - IPL 2024 MI Vs KKR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.