ETV Bharat / sports

ৱাংখেড়েত আই পি এল জয়ৰ সপোন স্তব্ধ মুম্বাই ইণ্ডিয়ানছৰ; কেকেআৰৰ বিৰুদ্ধে ২৪ ৰাণত পৰাজয় স্বীকাৰ - IPL 2024 MI Vs KKR

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:28 AM IST

MI Vs KKR match : আই পি এল ২০২৪ ৰ ৫২ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ২৪ ৰাণত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ । ষ্টাৰ্কৰ পেচ আক্ৰমণত ধৰাশায়ী পাণ্ডিয়া বাহিনী ।

MI Vs KKR match
IPL 2024 MI Vs KKR (AP)

নিউজ ডেস্ক, ৪ এপ্ৰিল : শুকুৰবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৫২ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে । এই বিজয়ৰ জৰিয়তে নিজৰ প্ৰভাৱশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে কেকেআৰে ।

কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ১৬৯ ৰানত অল আউট হৈছিল যদিও তেওঁলোকৰ বলাৰসকলে এক বিধ্বংসী শ্ব’ দেখুৱাই বিপক্ষক ১৪৫ ৰানত অল আউট কৰি দুটা গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে ।

কেকেআৰৰ পেচাৰ মিচেল ষ্টাৰকে ৩৩ ৰানত ৪ টা উইকেট সংগ্ৰহ কৰি দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাই দলটোৰ বাবে আন এক বেয়া দিন আছিল, যি এতিয়া প্লে' অফৰ দৌৰৰ পৰা কাৰ্যতঃ আঁতৰি গৈছে ।

ভেংকটেশ আয়াৰক প্লেয়াৰ অৱ দ্য মেচ হিচাপে বিবেচিত কৰা হয় । আই পি এলৰ ইতিহাসত এইটো চতুৰ্থ উদাহৰণ আছিল ৷ য'ত দুয়োটা দল অল আউট হৈছিল ।

কেকেআৰ 10 খন খেলৰ পৰা 14 পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে । তেওঁলোকে 7 খনত জয় লাভ কৰিছে আৰু মাত্ৰ তিনিখনত পৰাজিত হৈছে । এইটো মুম্বাই ইণ্ডিয়ানছৰ অষ্টম পৰাজয় আছিল । হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত দলটোৱে এই ছিজনত ১১ খন খেলৰ মাত্ৰ তিনিখন খেলহে জিকিবলৈ সক্ষম হৈছে ।

কালিৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় । প্ৰথম অৱস্থাত কেকেআৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় আৰু ৫৭ ৰাণতে ৫ টাকৈ মূল্যবান উইকেট হেৰুৱায় । কিন্তু ভেংকটেশ আয়েৰ আৰু মনীশ পাণ্ডেই সুন্দৰভাৱে খেলি দলটোৰ স্ক'ৰ ১৬৯ ৰাণলৈ লৈ যায় । আয়েৰে ৫২ টা বলত তিনিটা ছিক্সাৰ আৰু ছটা বাউণ্ডেৰী কোবাই মুঠ ৭০ ৰাণ সংগ্ৰহ কৰে ।

ইফালে পাণ্ডেই ৩১ টা বলত দুটা ছিক্সাৰ আৰু দুটা বাউণ্ডেৰীসহ ৪২ ৰাণ সংগ্ৰহ কৰে । মুম্বাইৰ হৈ থুশাৰা আৰু বুমৰাহে ৩ টাকৈ উইকেট দখল কৰাৰ বিপৰীতে পাণ্ডিয়াই ২ টা আৰু পিয়ুষ চাওলাই ১ টা উইকেট দখল কৰে । ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেকেআৰে ১৬৯ ৰাণ সংগ্ৰহ কৰে ।

ঘৰুৱা খেলপথাৰত মুম্বাইৰ বাবে এই টাৰ্গেট বৰ কঠিন নাছিল যদিও কলকাতাৰ বলিং ইউনিটে মেচখন মুম্বাইৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হয় । নিয়মীয়া গতিত উইকেটৰ পতন ঘটনা মুম্বাইৰ জয়ৰ আশা সূৰ্যকুমাৰ যাদৱে জীয়াই ৰাখিছিল যদিও ৰাছেলৰ বলত ছল্টৰ কেচটোৱে মুম্বাইৰ আশা পানীত মিলাই দিয়ে । শেষৰ ফালে টিম ডেভিদে যুঁজ দিছিল যদিও ষ্টাৰ্কৰ চিকাৰ হয় ।

ক্ৰমাগতভাৱে এইখন খেলতো বেটিঙত শোচনীয় প্ৰদৰ্শন দেখুৱাই অধিনায়ক পাণ্ডিয়াই । ১৮.৫ অভাৰত ১৪৫ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে মুম্বাই দলে । কলকাতাৰ হৈ মিচেল ষ্টাৰ্কে ৩৩ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰিনে আৰু আন্দ্ৰে ৰাছেলে ২ টাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক: আই পি এল ২০২৪ ৰ শীৰ্ষ চাৰিটা স্থানলৈ যাবলৈ ভাগ্যই লগ দিবনে মুম্বাই ইণ্ডিয়ানছক - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.