ETV Bharat / sports

পেৰিছ অলিম্পিকত মিক্সড ডাবলছ খেলিবলৈ সংগী নাই ৰোহন বোপান্নাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:45 AM IST

Updated : Feb 10, 2024, 11:17 AM IST

শেহতীয়াকৈ অষ্ট্ৰেলিয়ান অ’পেনত পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰা ভাৰতীয় টেনিছ খেলুৱৈ ৰোহন বোপান্নাই পেৰিছ অলিম্পিকৰ মিক্সড ডাবলছত খেলিব নোৱাৰিব । কাৰণ, বিশ্বৰ আটাইতকৈ বয়সস্থ এক নম্বৰ খেলুৱৈজনৰ লগত ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ ইভেণ্টটোত অংশগ্ৰহণ কৰিব পৰাকৈ কোনো ভাৰতীয় মহিলা টেনিছ খেলুৱৈয়ে শীৰ্ষ স্থান লাভ কৰা নাই ৷

paris olympics 2024
পেৰিছ অলিম্পিকত মিক্সড ডাবলছত খেলিবলৈ সংগী নাই ৰোহন বোপান্নাৰ

স্পৰ্টছ ডেস্ক, ১০ ফেব্ৰুৱাৰী : বিশ্বৰ ১ নম্বৰ পুৰুষ ডাবলছ টেনিছ খেলুৱৈ ৰোহন বোপান্নাৰ লগত মিক্সড ডাবলছত খেলিবলৈ কোনো খেলুৱৈ নাই । তেওঁ ইতিমধ্যে পেৰিছ অলিম্পিকত মিক্সড ডাবলছত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে । বোপান্নাই মিক্সড ডাবলছত অংশগ্ৰহণ নকৰাৰ কাৰণটো হ’ল বৰ্তমান কোনো ভাৰতীয় মহিলা টেনিছ খেলুৱৈয়ে তেওঁৰ সংগী হ’ব পৰাকৈ শীৰ্ষ স্থান লাভ কৰা নাই ।

ছানিয়া মিৰ্জাৰ পিচত ভাৰতত এনে কোনো মহিলা টেনিছ খেলুৱৈ নাই যিয়ে নিজৰ খেলক অবিৰতভাবে নতুন দিশ দিব পাৰে । ২০২৩ চনৰ জানুৱাৰী মাহত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ছানিয়াই । হায়দৰাবাদৰ লাল বাহাদুৰ ষ্টেডিয়ামত ৰোহন বোপান্নাৰ সৈতে বিদায়ী মেচ খেলি টেনিছৰ পৰা অৱসৰ লৈছিল ছানিয়াই ।

ছানিয়া মিৰ্জাই টেনিছ কেৰিয়াৰৰ বেছিভাগ মেচ ডাবলছ আৰু মিক্সড ডাবলছ শাখাত খেলিছে । তেওঁ ৬টা গ্ৰেণ্ড শ্লেম জয় কৰিছে । ২০১৬ চনৰ ৰিঅ’ অলিম্পিকতো ছানিয়া ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । বোপান্নাই কয়, এইবাৰ পেৰিছ অলিম্পিক অতি দৰ্শনীয় হ’ব । তাৰবাবে মই অতিশয় উৎসাহিত । পুৰুষৰ ডাবলছত মোৰ সংগী কোন হ’ব সেয়া হ’ব লক্ষ্যণীয় । কাৰ লগত খেলিম সেয়া এতিয়াও নিশ্চিত হোৱা নাই । জুন মাহ নাম দাখিলৰ অন্তিম সময় আৰু তেতিয়ালৈকে ঘোষণা কৰা হ’ব ।

বোপান্নাই পেৰিছ অলিম্পিকৰ পুৰুষৰ ডাবলছত য়ুকি ভাম্বৰী, শ্ৰীৰাম বালাজী, বিজয় সুন্দৰ প্ৰশান্তৰ দৰে খেলুৱৈক নিজৰ সংগী কৰিব পাৰে । উল্লেখ্য যে, ডাবলছত প্ৰথম যোগ্যতা অৰ্জন কৰা খেলুৱৈসকল এছ’চিয়েশ্যন অৱ টেনিছ প্ৰফেচনেলছ (এ টি পি) আৰু উইমেনছ টেনিছ এছ’চিয়েশ্যনৰ (ডব্লিউ টি এ) ডাবলছ ৰেংকিঙৰ শীৰ্ষ দহটা স্থানত থাকিব লাগিব । তেওঁলোকে নিজৰ দেশৰ শীৰ্ষ ৩০০ ৰেংকিঙৰ খেলুৱৈক বাছি লোৱাৰ সুযোগ পায় ।

ৰোহন বোপান্নাই শেহতীয়াকৈ অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছৰ ফাইনেলৰ খিতাপ দখল কৰিছে । অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ সৈতে তেওঁ এই কৃতিত্ব অৰ্জন কৰে । ইয়াৰ লগতে তেওঁ ৪৩ বছৰ বয়সত গ্ৰেণ্ড শ্লেম জয় কৰা আৰু শীৰ্ষত উপনীত হোৱাৰ অভিলেখ গঢ়িছিল ।

লগতে পঢ়ক: আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

Last Updated : Feb 10, 2024, 11:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.