ETV Bharat / sports

পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত ৰোহন বোপান্না-জোৎস্না চিনাপ্পা

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 6:20 PM IST

Padma Shri Award : শীৰ্ষ ডাবলছ ৰেংকিং প্ৰাপ্ত প্ৰখ্যাত টেনিছ খেলুৱৈ ৰোহন বোপান্নাক পদ্মশ্ৰী বঁটাৰ বাবে বাছনি কৰা হৈছে । তেওঁ অষ্ট্ৰেলিয়ান অপেনত প্ৰথম পুৰুষৰ দ্বৈত মুখ্য খিতাপ জয় কৰে । ইফালে এছিয়ান গেমছৰ একাধিক পদক বিজয়ী স্কোৱাছ খেলুৱৈ জোৎস্না চিনাপ্পাৰ নামো পদ্মশ্ৰী বঁটাৰ বাবে বাচনি হৈছে ৷

Padma Shri Award
পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত ৰোহন বোপান্না আৰু জোছনা চিনাপ্পা

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্ৰী বঁটাৰ বাবে প্ৰখ্যাত টেনিছ খেলুৱৈ এছ ৰোহন বোপান্না আৰু স্কোৱাছ খেলুৱৈ জোৎস্না চিনাপ্পাৰ নাম বাছনি কৰিছে । টেনিছ কোৰ্টত বোপান্নাৰ সুন্দৰ সাফল্যৰ বাবে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হৈছে ৷ ডাবলছ ৰেংকিং মুকলি হোৱাৰ পিচতে বোপান্নাই শীৰ্ষস্থান অৰ্জন কৰা আটাইতকৈ পুৰণি খেলুৱৈ হিচাপে পৰিণত হৈছে ৷ 43 বছৰীয়া ভাৰতীয় টেনিছ খেলুৱৈগৰাকীয়ে শনিবাৰে মেথিউ এবডেনৰ সৈতে অষ্ট্ৰেলিয়ান অপেনৰ ফাইনেলত পুৰুষৰ দ্বৈত মুখ্য খিতাপ অৰ্জন কৰিছে ৷

বোপান্নাৰ কেৰিয়াৰৰ ভিতৰত অন্যতম বৈছে তেওঁ গ্ৰেণ্ড শ্লেম ট্ৰফী অৰ্জন কৰা চতুৰ্থগৰাকী ভাৰতীয়, যি 2017 চনত ফ্ৰেঞ্চ অপেনত কানাডিয়ান খেলুৱৈ গেব্ৰিয়েলা ডাব্ৰোস্কিৰ সৈতে মিক্সড ডাবলছ শ্ৰেণীত এই ট্ৰফী জয় কৰিছিল ।

পদ্মশ্ৰী বঁটা বিজয়ীসকলৰ তালিকাত বোপান্নাৰ সৈতে অন্তৰ্ভুক্ত হৈছে অভিজ্ঞ স্কোৱাছ খেলুৱৈ জোৎস্না চিনাপ্পা ৷ 37 বছৰীয়া খেলুৱৈগৰাকীৰ সফলতাৰ ইতিহাস সকলোৰে পৰিচিত । এছিয়ান গেমছৰ একাধিক পদক বিজয়ী আৰু দুবাৰকৈ কমনৱেলথ গেমছৰ পদক বিজয়ী চিনাপ্পাই 2022 চনত স্বৰ্ণসহ ডাবলছত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত চাৰিটা পদক অৰ্জন কৰিছে ৷

পদ্মশ্ৰী হৈছে ভাৰত ৰত্ন, পদ্মবিভূষণ আৰু পদ্মভূষণৰ পিচত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান । পদ্মশ্ৰী যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে দিয়া হয় । বোপান্না আৰু চিনাপ্পাৰ উপৰিও হকী খেলুৱৈ হৰবিন্দৰ সিং, পূৰ্ণিমা মহাতো, সতেন্দ্ৰ সিং লোহিয়া, গৌৰৱ খান্না আৰু উদয় বিশ্বনাথ দেশপাণ্ডে দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হ’ব ৷

হৰবিন্দৰ সিং 1966 চনত ভাৰতীয় দলে সোণৰ পদক অৰ্জন কৰা দলৰ সদস্য আছিল ৷ 1970 চনত সিঙে অধিনায়ক হিচাপে নেতৃত্ব দিয়া দলটোৱে ৰূপৰ পদক জয় কৰিছিল । তেওঁ আন্তৰ্জাতিক হকী প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: কোহলীক বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা, জয় শ্বাহৰ অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.