ETV Bharat / sports

বেংগালুৰুৰ সন্মুখত 148 ৰাণৰ লক্ষ্য বান্ধিলে গুজৰাটে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:30 PM IST

Today IPL Match : এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হৈছে আই পি এলৰ 52 সংখ্যক মেচ ৷ গুজৰাট টাইটানছে বেংগালুৰুৰ সন্মুখত বান্ধি দিছে 148 ৰাণৰ লক্ষ্য ৷

Today IPL Match
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ যুঁজ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 4 মে’ : বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024ৰ 52 সংখ্যক মেচ | এই মেচখনত ফাফ ডু প্লেছিছক আৰ চি বিৰ অধিনায়ক হিচাপে আৰু শুভমন গীলক জি টিৰ অধিনায়ক হিচাপে দেখা গৈছে ৷ এই দুয়োটা দলৰ মাজত চলিত ছিজনৰ প্ৰথমখন মেচত আৰ চি বিয়ে 9 উইকেটত জয় লাভ কৰিছিল ৷ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত এতিয়ালৈকে মুঠ 4 খন মেচ অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত আৰ চি বি আৰু জি টিয়ে 2-2 মেচত জয়লাভ কৰিছে ৷

আজিৰ মেচত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি গুজৰাট টাইটানছে বেংগালুৰুৰ সন্মুখত বান্ধি দিছে 148 ৰাণৰ লক্ষ্য ৷ গুজৰাট দলে 19.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 147 ৰাণ ৷ দলৰ হৈ শ্বাহৰুখ খানে সাৰ্বাধিক 37 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ ৰাহুল তেৱতিয়াই 35 ৰাণ সংগ্ৰহ কৰে ৷ ডেভিদ মিলাৰে 30 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ বাংগালুৰুৰ হৈ মহম্মদ চিৰাজ, বিজয়কুমাৰ বিষক আৰু য়শ দয়ালে 2 টাকৈ উইকেট দখল কৰে ৷ কেমেৰুন গ্ৰীণ আৰু কৰ্ণ শৰ্মাই দখল কৰে 1টাকৈ উইকেট ৷

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰৰ স্কোৱাড:

বিৰাট কোহলী, ফাফ ডু প্লেচিছ (অধিনায়ক), উইল জেকছ, গ্লেন মেক্সৱেল, কেমেৰুন গ্ৰীণ, দিনেশ কাৰ্তিক (উইকেট কীপাৰ), কৰ্ণ শৰ্মা, স্বপ্নিল সিং, মহম্মদ চিৰাজ, যশ দয়াল, বিজয়কুমাৰ বিষক ৷

গুজৰাট টাইটানছ স্কোৱাড:

ঋদ্ধিমান সাহা (উইকেট কীপাৰ), শুভমন গীল (অধিনায়ক), সাই সুদৰ্শন, ডেভিড মিলাৰ, শ্বাহৰুখ খান, ৰাহুল তেৱাতিয়া, ৰছিদ খান, মানৱ সুথাৰ, নুৰ আহমেদ, মোহিত শৰ্মা, যিহোচুৱা লিটল ৷

লগতে পঢ়ক : ৰভমেন পাৱেলৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজৰ টি-২০ বিশ্বকাপ দল ঘোষণা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.