ETV Bharat / sports

আইচিচি ৰেংকিঙৰ শীৰ্ষত থকা বুমৰাহক বুমবল আখ্যা অশ্বিনৰ

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 6:48 PM IST

Ashwin praises Bumrah
আইচিচি ৰেংকিঙৰ শীৰ্ষত থকা বুমৰাহক বুমবল আখ্যা অশ্বিনৰ

Ashwin praises Bumrah: শেহতীয়াকৈ ভাৰতীয় পেচাৰ বুমৰাহ আইচিচি ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে । এই সফলতাত আনন্দিত জ্যেষ্ঠ স্পিনাৰ আৰ অশ্বিন । ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত উন্নত প্ৰদৰ্শনৰ বাবে বুমৰাহক বুমবল আখ্যা দিছে অশ্বিনে ।

স্পৰ্টছ ডেস্ক, ১১ ফেব্ৰুৱাৰী: ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহক 'বুমবল' আখ্যা সতীৰ্থ খেলুৱৈ তথা ভাৰতীয় দলৰ জ্যেষ্ঠ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ । বুমৰাহৰ প্ৰশংসা কৰি অশ্বিনে কয় যে পেচাৰগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত আশ্চৰ্যকৰ কাম কৰিছিল । ইফালে বুমৰাহে তিনিওটা ফৰ্মেটৰ আইচিচি ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে । এয়া এক বৃহৎ সাফল্য বুলি অশ্বিনে উল্লেখ কৰিছে । শেহতীয়াকৈ বিশাখাপট্টনমত অনুষ্ঠিত টেষ্টত বুমৰাহৰ উন্নত প্ৰদৰ্শনৰ বাবেই ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ১০৬ ৰাণৰ ব্যৱধানত জয়ী হৈছিল ।

বুমৰাহে ইংলেণ্ডৰ প্ৰথম ইনিংছত ৰিভাৰ্চ চুইঙৰ সৈতে ভাল প্ৰদৰ্শন কৰিছিল আৰু ৪৫ ৰাণত ৬ টা উইকেট দখল কৰিছিল । ইয়াৰ পিচত তেওঁ দ্বিতীয় ইনিংছত ৩ টা উইকেট লাভ কৰে । মেচখনত ৯১ ৰাণত বুমৰাহে মুঠ ৯ টা উইকেট দখল কৰে । এই প্ৰভাৱশালী প্ৰদৰ্শনৰ বাবে বুমৰাহে টেষ্ট ৰেংকিং তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰু তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় ফাষ্ট বলাৰ হিচাপেও পৰিগণিত হৈছে ।

বুমৰাহে পূৰ্বে এদিনীয়া আৰু টি-২০ত শীৰ্ষস্থান দখল কৰিছিল । বুমৰাহৰ এই সফলতাত আনন্দিত ভাৰতীয় খেলুৱৈসকল । অশ্বিনে আনন্দ প্ৰকাশ কৰি কয় যে দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনটোত খেলুৱৈসকলৰ মাজত উৎসাহ আৰু শক্তিয়ে ভাৰতক আকাংক্ষিত ফলাফল পোৱাত সহায় কৰিছিল ।

অশ্বিনে সামাজিক মাধ্যমত বুমৰাহৰ প্ৰশংসা কৰি কয় যে আটাইতকৈ উৎকৃষ্ট প্ৰদৰ্শন আছিল 'বুমবল'। যশপ্ৰীত বুমৰাহে অসাধাৰণ বলিং কৰিছিল, তেওঁ ১৪ টা উইকেটৰ সৈতে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল আৰু লগতে এক নম্বৰ টেষ্ট বলাৰো হয় । অশ্বিনৰ মতে তেওঁ নিজেও বুমৰাহৰ এগৰাকী অনুৰাগী ।

অশ্বিনে লগতে কয় যে ২০১৭ চনত ভাৰতে ধৰ্মশালা, ৰাঁচী, পুনে আৰু বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল । সাধাৰণতে যদি ৪-৫ খন মেচৰ টেষ্ট শৃংখলা থাকে, সেইবোৰ কমেও এখন বা দুখন ডাঙৰ চহৰত হয় ।

কিন্তু এইবাৰ বিশ্বকাপৰ খেলৰ অংশ নোহোৱা স্থানত হৈ আছে । বেছিভাগ ভাৰতীয় খেলুৱৈৰ বাবে এইবোৰ নতুন স্থান । তেওঁৰ মতে দলত বহুতো খেলুৱৈ আছে যিসকলে বিশাখাপট্টনমত প্ৰথম শ্ৰেণী বা টেষ্ট মেচ খেলা নাই । তেওঁ নাভাবে যে এয়া আন কোনো দেশত সম্ভৱ । ভাৰতত এয়া সম্ভৱ কাৰণ ইয়াত বহুতো টেষ্টৰ বাবে স্থান আছে । সেইকাৰণে খেলুৱৈসকল ঘৰুৱা খেলপথাৰৰ সৈতে পৰিচিত নহয় । খেলুৱৈসকলে হয়তো আই পি এল, টি-২০ বা এদিনীয়া খেলিছিল কিন্তু ৰঙা বলৰ সৈতে খেলিলে নিশ্চিতভাৱে এক পাৰ্থক্য থাকে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ ফাইনেল, ষষ্ঠ খিতাপৰ দৌৰত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.