ETV Bharat / sports

পঞ্জাৱক জয়ৰ বাবে 242 ৰাণৰ লক্ষ্য বান্ধি দিলে বেংগালুৰুৱে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:58 PM IST

TODAY IPL MATCH : ধৰমশালাত পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024ৰ 58 সংখ্যক মেচ ৷ বিৰাট কোহলীৰ বিস্ফোৰক বেটিঙৰ সহায়ত পঞ্জাৱক জয়ৰ বাবে 242 ৰাণৰ লক্ষ্য বান্ধি দিছে বেংগালুৰুৱে ৷

IPL 2024 LIVE MATCH
পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ যুঁজ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 9 মে’ : আই পি এল 2024ৰ 58 সংখ্যক মেচত ধৰমশালাত পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছে ৷ এই মেচত পঞ্জাৱৰ কমাণ্ড ছেম কাৰেণৰ হাতত থকাৰ বিপৰীতে ফাফ ডু প্লেছিছক আৰ চি বিৰ অধিনায়ক হিচাপে দেখা গৈছে ৷ এই পৰ্যন্ত আৰ চি বি আৰু পঞ্জাৱৰ মাজত 32 খন মেচ হৈছে ৷ এই সময়ছোৱাত পঞ্জাবে 17 খন মেচত জয়লাভ কৰিছে আৰু বেংগালুৰুৱে 15 খন মেচত জয়লাভ কৰিছে ৷

আজিৰ মেচত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় পঞ্জাৱ দলে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি বেংগালুৰু দলে বিৰাট কোহলীৰ বিস্ফোৰক বেটিঙৰ সহায়ত পঞ্জাৱক জয়ৰ বাবে 242 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 241 ৰাণ সংগ্ৰহ কৰে ৷ বিৰাট কোহলীয়ে বিস্ফোৰক বেটিঙেৰে 47 টা বলত 92 ৰাণ সংগ্ৰহ কৰে ৷ ইফালে ৰজত পাটিদাৰে 23 টা বলত 55 ৰাণ সংগ্ৰহ কৰি দলক বিশাল স্ক’ৰ সংগ্ৰহ কৰাৰ দিশে লৈ যায় ৷ পঞ্জাৱৰ হৈ হৰ্ষাল পেটেলে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷

পঞ্জাৱ কিংছৰ মূল একাদশ-

জনী বেয়াৰষ্টো (উইকেট কীপাৰ), প্ৰভসিমৰন সিং, ৰিলী ৰছৌ, লিয়াম লিভিংষ্টন, শশাংক সিং, ছেম কাৰেণ (অধিনায়ক), আশুতোষ শৰ্মা, হৰ্ষাল পেটেল, ৰাহুল চহৰ, অৰ্শদীপ সিং, বিধৱথ কাবেৰাপ্পা ৷

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মূল একাদশ-

বিৰাট কোহলী, ফাফ ডু প্লেছিছ (অধিনায়ক), উইল জেকছ, ৰজত পাটিদাৰ, মহিপাল লমৰ’ৰ, কেমেৰুণ গ্ৰীণ, দীনেশ কাৰ্তিক (উইকেট কীপাৰ), স্বপ্নিল সিং, কৰ্ণ শৰ্মা, মহম্মদ চিৰাজ, লকি ফাৰ্গুচন ৷

লগতে পঢ়ক : কিয় চৰ্চাত লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোয়েঙ্কা আৰু কে এল ৰাহুল ? - SRH Beat LSG

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.