ETV Bharat / sports

কিয় চৰ্চাত লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোয়েঙ্কা আৰু কে এল ৰাহুল ? - SRH beat LSG

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 6:25 PM IST

SRH beat LSG: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত শোচনীয়ভাৱে পৰাজিত লক্ষ্ণৌ চুপাৰ জায়েন্টছ । খেলখনৰ পিচতে লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোয়েঙ্কা আৰু কে এল ৰাহুলৰ কথোপকথনৰ ভিডিঅ' ভাইৰেল । কি হৈছিল দুয়োৰে মাজত ?

SRH beat LSG
কিয় চৰ্চাত লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোয়েঙ্কা আৰু কে এল ৰাহুল (IANS)

স্পৰ্টছ ডেস্ক,৯ মে': লক্ষ্ণৌ চুপাৰ জায়েন্টছে বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হয় । হায়দৰাবাদে মাত্ৰ ৯.৪ অভাৰতে লক্ষ্ণৌৱে বান্ধি দিয়া ১৬৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

খেলখনৰ পিচতে হায়দৰাবাদৰ দলটোক যথেষ্ট প্ৰশংসা কৰা দেখা গৈছে । ইয়াৰ বিপৰীতে লক্ষ্ণৌৰ দলটোও সমালোচনাৰ সন্মুখীন হৈছে । পিছে আন এটা বিষয়ক লৈ খেলখন সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে । বিষয়টো হৈছে কে এল ৰাহুলৰ ষ্ট্ৰাইক ৰেট । এলএছজিয়ে খেলখনত মুঠ ১৬৫ ৰাণ কৰিছিল আৰু অধিনায়ক কে এল ৰাহুলে ৩৩ টা বলত মাত্ৰ ২৯ ৰাণৰ এক লেহেমীয়া ইনিংছ খেলিছিল ।

এলএছজিয়ে গোটেই ইনিংছটোত অধিক সংগ্ৰাম কৰা দেখা গৈছিল । বেটছমেনসকলে প্ৰথম ১০ অভাৰত এটা বাউণ্ডেৰীও কোবাবলৈ সক্ষম হোৱা নাছিল । প্ৰথম ইনিংছত উইকেট লেহেমীয়া দেখা গৈছিল যদিও এছআৰএইচৰ অপেনাৰ ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই টাৰ্গেটৰ পিচত যোৱাৰ সময়ত বিপক্ষৰ বলাৰসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ।

ইফালে, খেলখনৰ পিচত লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোয়েঙ্কা আৰু কে এল ৰাহুলৰ কথোপকথনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । খেলখনৰ ফলাফলক লৈ এলএছজিৰ স্বত্বাধিকাৰী সঞ্জীৱ গোয়েঙ্কাক অসন্তুষ্ট যেন দেখা গৈছে । সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটো আৰু ভাইৰেলবোৰে দাবী কৰিছে যে সঞ্জীৱ গোয়েঙ্কাই দলটোৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে অধিনায়ক কে এল ৰাহুলৰ ওপৰত ক্ষোভিত হৈছে । বহু লোকে ভিডিঅ'টোৰ দ্বাৰা অনুমান কৰিছে যে গোয়েঙ্কাই ৰাহুলক জৱাবদিহি কৰিছে । ই সাধাৰণ যদিও বহুতো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এগৰাকী স্বত্বাধিকাৰীৰ সন্মুখত অধিনায়কৰ এনে অৱস্থাই বহুতকে আচৰিত কৰি তুলিছে । এলএছজিৰ স্বত্বাধিকাৰী গোয়েঙ্কাক বহুতে সমালোচনাও কৰিছে ।

লগতে পঢ়ক :ছানৰাইজাৰ্ছৰ সন্মুখত 166 ৰাণৰ লক্ষ্য বান্ধিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.