ETV Bharat / sports

আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত দ্বি শতক অৰ্জন শ্ৰীলংকাৰ পাথুম নিশাংকৰ

Pathum Nissanka double hundred : শ্ৰীলংকাৰ অ’পেনাৰ পাথুম নিশাংকই আফগানিস্তানৰ বিৰুদ্ধে দ্বি শতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰিছে। নিশাংক এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী শ্ৰীলংকান আৰু বিশ্বৰ দশমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

Pathum Nissanka double hundred
এদিনীয়াত দ্বি শতক অৰ্জন শ্ৰীলংকাৰ পাথুম নিশাংকৰ
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 9:04 PM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 9 ফেব্ৰুৱাৰী : শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচত ইতিহাসৰ সৃষ্টি কৰিছে শ্ৰীলংকাৰ সোঁহতীয়া অ’পেনিং বেটছমেন পাথুম নিশাংকই ৷ এদিনীয়া ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা শ্ৰীলংকাৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে নিশাংক ৷ আফগানিস্তানৰ বলাৰক নিষ্ঠুৰ প্ৰহাৰ কৰি 139 টা বলত 210 ৰানৰ অপৰাজিত ইনিংছ খেলা নিশাংক এদিনীয়াত দ্বি শতক অৰ্জন কৰা বিশ্বৰ দশমজন খেলুৱৈ হিচাপেো পৰিগণিত হৈছে ৷

দ্বি শতক অৰ্জন কৰা প্ৰথমজন শ্ৰীলংকাৰ খেলুৱৈ-

আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শ্ৰীলংকাক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৷ ইয়াৰ পিছতে খেলপথাৰত শ্ৰীলংকাৰ অ’পেনাৰ বেটছমেন নিশাংকই ধুমুহাৰ সৃষ্টি কৰে ৷ 139 টা বলৰ মুখামুখি হৈ নিছাংকাই 210 ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে তেওঁ ৷ এই ইনিংছত তেওঁ 20 টা চাৰি আৰু 8 টা ছয় কোবায় ৷ এই অভিলেখেৰে তেওঁ এদিনীয়াত দ্বি শতক অৰ্জন কৰা প্ৰথমজন শ্ৰীলংকাৰ বেটছমেন হিচাপে পৰিগণিত হয় ৷

নিশাংকই 136 টা বলত দ্বি শতক অৰ্জন কৰে আৰু ভাৰতৰ ঈশান কিষণ আৰু অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ পিছত দ্বি শতক অৰ্জন কৰা আটাইতকৈ দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হয় ৷

200 ৰান সংগ্ৰহ কৰা বিশ্বৰ দহগৰাকী বেটছমেন-

‘গড অৱ ক্ৰিকেট’ শচীন তেণ্ডুলকাৰ এদিনীয়া খেলত দ্বৈত শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ ৷ একে সময়তে শ্ৰীলংকাৰ পাথুম নিশাংক এতিয়া এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ দশমগৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে ৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত সৰ্বাধিক 3 টা এদিনীয়া দ্বি শতক আছে, য’ত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত 264 ৰানৰ সৰ্বোত্তম ব্যক্তিগত স্ক’ৰ অন্তৰ্ভুক্ত আছে ৷

এদিনীয়া ক্ৰিকেটত দ্বি শতক অৰ্জন কৰা বেটছমেন-

-শচীন তেণ্ডুলকাৰ (ভাৰত) - 200* বনাম দক্ষিণ আফ্ৰিকা, ফেব্ৰুৱাৰী 2010

-বীৰেন্দ্ৰ ছেহৱাগ (ভাৰত) – 219 বনাম ৱেষ্ট ইণ্ডিজ, ডিচেম্বৰ 2011

-ৰোহিত শৰ্মা (ভাৰত) - 3 বাৰ 264 (সৰ্বোচ্চ) বনাম শ্ৰীলংকা, 209 ৰান বনাম অষ্ট্ৰেলিয়া আৰু 208* বনাম শ্ৰীলংকা

-ক্ৰীছ গেইল (ৱেষ্ট ইণ্ডিজ) – 215 বনাম জিম্বাবৱে, ফেব্ৰুৱাৰী 2015

-মাৰ্টিন গুপটিল (নিউজীলেণ্ড) - 237* বনাম ৱেষ্ট ইণ্ডিজ, মাৰ্চ 2015

-ফখৰ জামান (পাকিস্তান) - 210* বনাম জিম্বাবৱে, জুলাই 2018

-ঈশান কিষণ (ভাৰত) – 210 বনাম বাংলাদেশ, ডিচেম্বৰ 2022

-শুভমন গীল (ভাৰত) – 208 বনাম নিউজীলেণ্ড, জানুৱাৰী 2023

-গ্লেন মেক্সৱেল (অষ্ট্ৰেলিয়া) - 201* বনাম আফগানিস্তান, নৱেম্বৰ 2023 (ক্ৰিকেট বিশ্বকাপ)

-পাথুম নিশাংক (শ্ৰীলংকা) - 210* বনাম আফগানিস্তান, 9 ফেব্ৰুৱাৰী 2024

লগতে পঢ়ক : অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া; শ্বাসৰুদ্ধকাৰী ছেমি ফাইনেলত ১ উইকেটত পৰাস্ত পাকিস্তান