ETV Bharat / sports

অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া; শ্বাসৰুদ্ধকাৰী ছেমি ফাইনেলত ১ উইকেটত পৰাস্ত পাকিস্তান

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 8:36 AM IST

Updated : Feb 9, 2024, 8:53 AM IST

অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া
অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া

Aus U19 Entered Final : অষ্ট্ৰেলিয়া অনূৰ্ধ্ব ১৯ দলে পাকিস্তানক এক উইকেটত পৰাস্ত কৰি অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । নিম্ন স্ক'ৰৰ মেচখনত দুয়োটা দলেই অতি উচ্চ মানৰ খেল প্ৰদৰ্শন কৰে । পেচাৰ ষ্ট্ৰেকাৰৰ (৬/২৪) বিৰুদ্ধে যুঁজ দিবলগা হোৱা পাক বেটাৰসকলে প্ৰথমে বেটিং কৰি মাত্ৰ ১৭৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । প্ৰত্যুত্তৰত অন্তিম অভাৰৰ প্ৰথম বলটোত অষ্ট্ৰেলিয়াই বিজয় লক্ষ্যত উপনীত হয় ।

স্পৰ্টছ ডেস্ক, ৯ ফেব্ৰুৱাৰী : পেচাৰ টম ষ্ট্ৰেকাৰৰ ছয় উইকেট আৰু হেৰী ডিক্সনৰ অৰ্ধশতকেৰে বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাত চলি থকা অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । অতি নিম্ন স্ক'ৰ সংগ্ৰহ কৰিও শক্তিশালী প্ৰত্যাহ্বান আগবঢ়োৱা সাহসী পাকিস্তানৰ বিৰুদ্ধে এক উইকেটৰ উত্তেজনাপূৰ্ণ বিজয়ৰ পিছত এতিয়া কেংগাৰু দলটোৱে ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আইচিচি অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ফাইনেল মেচখন দেওবাৰে অনুষ্ঠিত হ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে প্ৰথমে বেটিং কৰিবলৈ নমা পাকিস্তানৰ বেটিং লাইন তচনচ কৰে পেচাৰ ষ্ট্ৰেকাৰে । ষ্ট্ৰেকাৰে মাত্ৰ ২৪ ৰাণ খৰচ কৰি পাকিস্তানৰ মূল্যৱান ৬ টা উইকেট দখল কৰে । যাৰ বাবে পাক দলৰ দলীয় স্ক'ৰ মাত্ৰ ১৭৯ ৰাণতে সীমাবদ্ধ হৈ ৰয় । অৱশ্যে এই ৰাণ সংখ্যাত উপনীত হোৱাত পাক দলৰ দুই অৰ্ধশতক অৰ্জনকাৰী আৰাফাত মিনহাছ (৫২) আৰু আজান আৱাইছৰ (৫২) অৱদান অপৰিসীম ।

আনহাতে, ১৮০ ৰাণৰ জয়ৰ লক্ষ্য অনুসৰণ কৰা অষ্ট্ৰেলিয়ান বেটছমেনকো সহজে মেচ এৰি দিব বিচৰা নাছিল পাক বলাৰসকলে । উদ্যমী পাকিস্তানৰ বলাৰসকলৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই যথেষ্ট সংগ্ৰাম কৰিবলগা হয় । ১৭৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ ৯ টা উইকেট হেৰুৱাবলগা হয় আৰু ৫০ নম্বৰ অভাৰ পৰ্যন্ত অপেক্ষা কৰিবলগা হয় ।

অৱশ্যে অষ্ট্ৰেলিয়াই 49.1 অভাৰত 9 উইকেটত 181 ৰাণ সংগ্ৰহ কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে । ডিক্সন (50) আৰু অলিভাৰ পীকেয়ে (49) অষ্ট্ৰেলিয়াৰ হৈ দৃঢ়তাপূৰ্ণ বেটিং কৰে । এতিয়া দেওবাৰে অষ্ট্ৰেলিয়াই ফাইনেলত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । ভাৰতে এইবাৰ নৱমবাৰৰ বাবে খিতাপ দখলৰ মেচত অৱতীৰ্ণ হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হ'ব ।

উল্লেখ্য যে ভাৰতে ইতিমধ্যে অভিলেখ সংখ্যক পাঁচবাৰ অনূৰ্ধ্ব ১৯ বিশ্বকাপ খিতাপ জয় কৰিছে । আনহাতে, অষ্ট্ৰেলিয়াই তিনিটা খিতাপ অৰ্জন কৰিছে । অন্তিমবাৰ ২০১০ চনত অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল । সেইবাৰ বিশ্বকাপ নিউজীলেণ্ডত অনুষ্ঠিত হৈছিল । অৱশ্যে অষ্ট্ৰেলিয়াৰ এইবাৰৰ এই জয় ইমান মসৃণ নাছিল । কিয়নো পাকিস্তানৰ বলাৰসকলে প্ৰতিটো ৰাণৰ বাবে অষ্ট্ৰেলিয়ান বলাৰসকলক সংগ্ৰাম কৰিবলৈ বাধ্য কৰিছিল ।

লগতে পঢ়ক :আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

Last Updated :Feb 9, 2024, 8:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.