ETV Bharat / sports

সুস্থ হৈ স্বগৃহত উপস্থিত মায়ংক আগৰৱাল

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:42 PM IST

Mayank Agarwal Accident : কৰ্ণাটক ক্ৰিকেট দলৰ মেনেজাৰ ৰমেশে নিশ্চিত কৰিছে যে ভাৰতীয় ক্ৰিকেটাৰ মায়ংক আগৰৱালে আগৰতলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ডিঙিৰ চিকিৎসা গ্ৰহণৰ অন্তত বেংগালুৰুস্থিত তেওঁৰ ঘৰত উপস্থিত হৈছে ।

সুস্থ হৈ উভতিল মায়ংক আগৰৱালা
সুস্থ হৈ উভতিল মায়ংক আগৰৱালা

স্পৰ্টছ ডেস্ক, ১ ফেব্ৰুৱাৰী : ভাৰতীয় ক্ৰিকেটাৰ মায়ংক আগৰৱাল চিকিৎসালয়ৰ পৰা তেওঁৰ গৃহ চহৰ বেংগালুৰুলৈ উভতি আহিছে । উল্লেখ্য যে তেওঁৰ ডিঙিত জ্বলা-পোৰা অনুভৱ হোৱাৰ বাবে মঙলবাৰে আগৰতলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় । বৰ্তমান তেওঁ সুস্থ বুলি জানিব পৰা গৈছে ।

মায়ংকৰ স্বাস্থ্য সম্পৰ্কে শেহতীয়া তথ্য প্ৰদান কৰি কৰ্ণাটক ক্ৰিকেট দলৰ মেনেজাৰ ৰমেশে কয়, "চিকিৎসকসকলৰ প্ৰচেষ্টাৰ বাবে তেওঁ (মায়াংক) উন্নত চিকিৎসা লাভ কৰে আৰু তেওঁক বেংগালুৰুলৈ অনা হৈছে । মায়াংক পোনে পোনে তেওঁৰ ঘৰলৈ গৈছে । অৱশ্যে এই ঘটনাৰ বাবে কোন দায়ী সেয়া এতিয়াও সঠিককৈ কোৱা সম্ভৱ নহয় ।"

"মায়ংক আগৰৱাল ঠিকেই আছে । পানী খোৱাৰ সময়ত স্পিৰিটৰ বাবে মুখখন সামান্য জ্বলি গৈছিল । কৰ্ণাটক আৰু ত্ৰিপুৰা ক্ৰিকেট এছোচিয়েচন, ত্ৰিপুৰা আৰক্ষী আৰু তেওঁক চিকিৎসা প্ৰদান কৰা আইএলএছ চিকিৎসালয়ে ভালদৰে সহযোগিতা কৰিছে । সকলোকে ধন্যবাদ ।" তেওঁ লগতে কয় ।

ইয়াৰ পূৰ্বে বুধবাৰে কৰ্ণাটকৰ ক্ৰিকেটাৰগৰাকীয়ে নিজেই স্পষ্ট কৰি দিছিল যে তেওঁ সুস্থ অনুভৱ কৰিছে আৰু ক্ৰিকেটলৈ তেওঁৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি আছে । তেওঁৰ অফিচিয়েল 'এক্স' হেণ্ডেলত নিজৰ ফটো শ্বেয়াৰ কৰি লগতে লিখিছে, "মই এতিয়া সুস্থ অনুভৱ কৰিছোঁ । খেলৰ মাজলৈ ঘূৰি আহিবলৈ সাজু । প্ৰাৰ্থনা, মৰম আৰু সমৰ্থন সকলোৰে বাবে আপোনালোকক ধন্যবাদ ।"

আনহাতে, কৰ্ণাটক দলৰ মেনেজাৰে মায়াংকৰ হৈ ত্ৰিপুৰা আৰক্ষীক ঘটনাটোৰ তদন্ত কৰিবলৈও অনুৰোধ জনায় । আৰক্ষী অধীক্ষক (ত্ৰিপুৰা পশ্চিম) কে কিৰণ কুমাৰক এই সন্দৰ্ভত এক লিখিত অভিযোগ দিয়া হয় আৰু আগৰতলাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

উল্লেখ্য যে ৩২ বছৰীয়া খেলুৱৈগৰাকী ঘৰুৱা ক্ৰিকেটত কৰ্ণাটকৰ বাবে এক গুৰুত্বপূৰ্ণ সদস্য আৰু চলিত ৰঞ্জী ট্ৰফী ছিজনত তেওঁ এক ব্যতিক্ৰমী ফৰ্ম প্ৰদৰ্শন কৰিছে । চলিত ৰঞ্জী ট্ৰফী সংস্কৰণত তেওঁ দুটা শতক আৰু এটা অৰ্ধ-শতক অৰ্জন কৰি গ্ৰুপ চিত দুটা জয়, এটা ড্ৰ আৰু চাৰিখন মেচত পৰাজয়েৰে দলক দ্বিতীয় স্থান অৰ্জন কৰাত তেওঁ পথ প্ৰদৰ্শন কৰিছে ।

ইফালে তেওঁৰ অনুপস্থিতিত উপ-অধিনায়ক নিকিন জোছে পৰৱৰ্তী মেচখনত কৰ্ণাটকক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে । এই মেচখন ২ ফেব্ৰুৱাৰীৰ পৰা চুৰাটৰ লালভাই কণ্ট্ৰেক্টৰ ষ্টেডিয়ামত ৰে'লৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ।

উল্লেখ্য, মায়ংকে ভাৰতৰ হৈ 21 খন টেষ্ট খেলিছে । য'ত তেওঁ 1,488 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বোচ্চ স্ক'ৰ হৈছে 243 ৰাণ । অপেনাৰগৰাকীৰ নামত চাৰিটা টেষ্ট শতক আৰু ছয়টা অৰ্ধ-শতক আছে । তেওঁ পাঁচখন এদিনীয়া খেলিছে যদিও মাত্ৰ 86 ৰাণ সংগ্ৰহ কৰিছে । ২০২২ চনৰ মাৰ্চ মাহত শ্ৰীলংকাৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰ বেংগালুৰুত মায়ংকে অন্তিম টেষ্টখন খেলিছে ।

লগতে পঢ়ক :কিবা এক অদৃশ্য শক্তিয়ে মোক ৰক্ষা কৰিছে; মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতা গাড়ী দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.