ETV Bharat / sports

পাঞ্জাৱ কিংছৰ সন্মুখত 200 ৰাণৰ লক্ষ্য বান্ধিলে গুজৰাটে, শুভমন গীলৰ বিস্ফোৰক বেটিং - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 10:03 PM IST

Today IPL Match : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ মুখামুখি পাঞ্জাৱ কিংছ ৷ প্ৰথমে বেটিং কৰি গুজৰাটে 4 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 199 ৰাণ ৷ শুভমন গীলৰ অপৰাজিত 89 ৷

Today IPL Match
গুজৰাট টাইটানছৰ মুখামুখি পাঞ্জাৱ কিংছ

স্পৰ্টছ ডেস্ক, 4 এপ্ৰিল : আই পি এল 2024ৰ 17 সংখ্যক মেচখনত বৃহস্পতিবাৰে গুজৰাট টাইটানছৰ মুখামুখি হৈছে পাঞ্জাৱ কিংছ ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় পাঞ্জাৱ দলটোৱে ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি ঘৰুৱা দল গুজৰাট টাইটানছে জয়ৰ বাবে পাঞ্জাৱ কিংছক বান্ধি দিছে 200 ৰাণৰ লক্ষ্য ৷ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই গুজৰাট দলটোৱে সংগ্ৰহ কৰে 199 ৰাণ ৷ দলৰ হৈ অধিনায়ক শুভমন গীলে বিস্ফোৰক বেটিঙেৰে অপৰাজিত 89 ৰাণ সংগ্ৰহ কৰে ৷ সাই সুদৰ্শনে 33 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগে কেন উইলিয়ামছনে সংগ্ৰহ কৰে 26 ৰাণ ৷ পাঞ্জাৱৰ হৈ কাগিছো ৰাবাদা সাৰ্বাধিক 2 উইকেট দখল কৰে ৷ হৰপ্ৰীত ব্ৰাৰ আৰু হৰ্ষাল পেটেল দখল কৰে 1 টাকৈ উইকেট ৷

উল্লেখ্য যে, আই পি এলৰ চলিত সংস্কৰণত এতিয়ালৈকে খেলা 3 খন মেচৰ 2 খনত জয়লাভ কৰি গুজৰাট টাইটানছে 4 পইন্টেৰে তালিকাৰ পঞ্চম স্থানত অৱস্থান কৰিছে ৷ আনহাতে পাঞ্জাৱ দলটোৱে এতিয়ালৈকে খেলা 3 খন মেচৰ মাত্ৰ 1 খনত জয়লাভ কৰি 2 পইন্টেৰে তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে ৷

গুজৰাট টাইটানছৰ মূল একাদশ-

ঋদ্ধিমান সাহা (উইকেট কীপাৰ), শুভমন গীল (অধিনায়ক), সাই সুদৰ্শন, কেন উইলিয়ামছন, বিজয় শংকৰ, আজমতুল্লাহ ওমৰজাই, ৰাহুল তেৱাটিয়া, ৰছিদ খান, নূৰ আহমদ, উমেশ যাদৱ, দৰ্শন নলকাণ্ডে ৷

পাঞ্জাৱ কিংছৰ মূল একাদশ-

শিখৰ ধাৱন (অধিনায়ক), জনী বেৰিষ্টো, জিতেশ শৰ্মা (উইকেট কীপাৰ), প্ৰভসিমৰন সিং, ছেম কাৰেণ, শশাংক সিং, চিকন্দৰ ৰাজা, হৰপ্ৰীত ব্ৰাৰ, হৰ্ষাল পেটেল, কাগিছো ৰাবাদা, অৰ্শদীপ সিং ৷

লগতে পঢ়ক : দিল্লী কেপিটেলছৰ প্ৰদৰ্শনত লজ্জিত মুখ্য প্ৰশিক্ষক পন্টিং - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.