ETV Bharat / sports

লক্ষ্ণৌক জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য বান্ধি দিলে চেন্নাই ছুপাৰ কিংছে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:15 PM IST

CSK VS LSG
চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ যুঁজ

একনা ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024 ৰ 34 সংখ্যক মেচ ৷ প্ৰথমে বেটিং কৰি চেন্নাই দলে লক্ষ্ণৌক জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷

স্পৰ্টছ ডেস্ক, 19 এপ্ৰিল : লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024 ৰ 34 সংখ্যক মেচ ৷ এতিয়ালৈকে খেলা 6 খন মেচৰ 4 খন জয়ৰে চেন্নাই ছুপাৰ কিংছ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ৷ একে সময়তে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দলে এতিয়ালৈকে খেলা 6 খন মেচৰ 3 খনত জয়ৰে তালিকাৰ পঞ্চম স্থানত আছে ৷ দুয়োটা দলৰ মাজৰ অভিলেখৰ কথা ক’বলৈ গ’লে এই দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ 3 খন মেচ অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত চি এছ কে দলে 1 খন খেলত জয়লাভ কৰিছে ৷ আনহাতে এল এছ জিয়েও 1 খন মেচত জয়লাভ কৰিছে ৷ এই দুয়োটা দলৰ মাজত এখন মেচ অ-নিৰ্ণায়কভাৱে সমাপ্ত হৈছে ৷ এনে পৰিস্থিতিত এই দুটা দলৰ মাজত প্ৰতিযোগিতা কঠিন হ’বলৈ গৈ আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথমে বেটিং কৰি চেন্নাই দলে লক্ষ্ণৌক জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ টচত জিকি প্ৰথমে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই চুপাৰ কিংছ দলে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 176 ৰাণ৷ দলৰ হৈ ৰবীন্দ্ৰ জাডেজাই সাৰ্বাধিক 57 ৰাণ সংগ্ৰহ কৰে৷ জাডেজাই 1 টা ছয় আৰু 5 টা চাৰিৰ সহায়ত 40 টা বলত 57 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ আজিংখ্য ৰাহানেই 36 ৰাোণ সংগ্ৰহ কৰাৰ বিপৰীতে ময়ন আলীয়ে সংগ্ৰহ কৰে 30 ৰাণ ৷ মহেন্দ্ৰ সিং ধোনীয়ে স্বাভাৱসুলভ বিস্ফোৰক বেটিঙেৰে মাত্ৰ 9 টা বলতে 2 টা ছয় আৰু 3 টা চাৰিৰ সহায়ত 28 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ লক্ষ্ণৌৰ হৈ ক্ৰুণাল পাণ্ডিয়াই সাৰ্বাধিক 2 টা উইকেট দখল কৰে ৷ মহছীন খান, য়শ ঠাকুৰ, ৰবি বিষ্ণয়, মাৰ্কাছ ষ্টয়নিছে দখল কৰে 1টাকৈ উইকেট ৷

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মূল একাদশ-

কুইণ্টন ডি ক’ক, কে এল ৰাহুল (অধিনায়ক আৰু উইকেট কীপাৰ), দীপক হুডা, মাৰ্কাছ ষ্টয়নিছ, নিকোলাছ প’ৰাণ, আয়ুছ বাডোনি, ক্ৰুনাল পাণ্ডিয়া, মেট হেনৰী, ৰবি বিষ্ণয়, মহচিন খান, যশ ঠাকুৰ ৷

চেন্নাই ছুপাৰ কিংছৰ মূল একাদশ-

ৰুতুৰাজ গাইকোৱাদ (অধিনায়ক), ৰাচিন ৰবীন্দ্ৰ, অজিংক্য ৰাহানে, ময়ন আলী, শিৱম ডুবে, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনি (উইকেট কীপাৰ), দীপক চাহাৰ, তুষাৰ দেশপাণ্ডে, মুস্তাফিজুৰ ৰহমান, মথিছা পাথিৰানা ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়া দলত ৱাৰ্নাৰৰ ঠাইত ল’ব পাৰে ফ্ৰেজাৰ মেকগাৰ্কে : শ্বেনন ইয়ং - Jake Fraser McGurk

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.