ETV Bharat / sports

বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপ, ভাৰতীয় মহিলা দলৰ ঐতিহাসিক বিজয়

author img

By ANI

Published : Feb 18, 2024, 2:33 PM IST

Badminton Asia Team Championship
বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপ

Badminton Asia Team Championship: প্ৰথমবাৰৰ বাবে আয়োজিত বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপত ভাৰতৰ ইতিহাস । প্ৰতিযোগিতাখনত থাইলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা দলে খিতাপ অৰ্জন কৰে । ভাৰতীয় মহিলা দলক প্ৰশংসা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ।

স্পৰ্টছ ডেস্ক,১৮ ফেব্ৰুৱাৰী : মালয়েছিয়াৰ চেলাংগৰত প্ৰথমবাৰৰ বাবে আয়োজিত বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপত খিতাপ দখল ভাৰতীয় মহিলা দলৰ । ভাৰতীয় মহিলা বেডমিণ্টন দলে চূড়ান্ত খেলখনত থাইলেণ্ডক ৩-২ পইণ্টত পৰাস্ত কৰি বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপৰ প্ৰথমটো খিতাপ অৰ্জন কৰে ৷ ভাৰতে প্ৰতিযোগিতাটোত চীনক পৰাস্ত কৰাৰ লগে লগে উন্নত মানৰ প্ৰদৰ্শন আৰম্ভ কৰে ৷ তাৰ পিচত হংকং আৰু জাপানকো পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে ভাৰতৰ হৈ আৰম্ভণিতে চুপানিদা কাটেথংক ২১-১২, ২১-১২ ব্যৱধানত পৰাস্ত কৰে । সিন্ধুৱে আৰম্ভণিৰ পৰাই থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আৰু মাত্ৰ ৩৯ মিনিটতে খেলখন সমাপ্ত হয় । দ্বিতীয় খন খেলত ট্ৰীচা জলি আৰু গায়ত্ৰী গোপীচান্দে পুনৰ এবাৰ সন্মুখলৈ আহে । জলি আৰু গায়ত্ৰী যুটীয়ে জংকোলফান কিতিথাৰাকুল আৰু ৰাবিন্দা প্ৰজংজাইৰ বিৰুদ্ধে ২১-১৬, ১৮-২১, ২১-১৬ ব্যৱধানত জয় লাভ কৰি ভাৰতক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । অৱশ্যে থাইলেণ্ড বেডমিণ্টন খেলুৱৈসকলে অস্মিতা চলিহাক ২১-১১, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি ফাইটবেক কৰে ।

ইয়াৰ পিছত প্ৰিয়া কঞ্জেংবাম আৰু শ্ৰুতি মিশ্ৰাই বেনিয়াপা এমাইচাৰ্ড আৰু নুন্টাকৰ্ণ এমিছাৰ্ডৰ হাতত ২১-১১, ২১-৯ ব্যৱধানত পৰাজিত হয় আৰু খেলখন চূড়ান্ত ৰাউণ্ডলৈ লৈ যায় ।

১৭ বছৰীয়া অনমোল খাৰ্বৰ ওপৰত চূড়ান্ত ৰাউণ্ডত গুৰুত্বপূৰ্ণ দায়িত্ব আছিল । অৱশ্যে তেওঁ ভাৰতীয় অনুৰাগীসকলক নিৰাশ নকৰিলে । নিৰ্ণায়ক মেচখনত বিশ্বৰ ৪৫ নম্বৰ পৰ্ণপিচা চোইকিওঙৰ মুখামুখি হোৱাৰ সময়ত খাৰ্বে ২১-১৪, ২১-৯ ৰ জয়েৰে ভাৰতক প্ৰতিযোগিতাখনত এক ঐতিহাসিক জয় প্ৰদান কৰে । ইয়াৰ লগে লগে ভাৰতীয় মহিলা বেডমিণ্টন খেলুৱৈসকলে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ।

থাইলেণ্ডৰ বিৰুদ্ধে চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় মহিলা দলৰ প্ৰথমটো পদক অৰ্জন কৰাৰ লগে লগে বিশ্বজুৰি যথেষ্ট প্ৰশংসা দেখা গৈছে । সকলো খেলুৱৈকে বহুতে অভিনন্দন জনাইছে । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণেও অফিচিয়েল এক্স একাউণ্টত ভাৰতীয় দলটোক অভিনন্দন জনাইছে ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড, ৫০০ ৰাণৰ অগ্ৰগতি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.