ETV Bharat / sports

বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপ, ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ

author img

By ANI

Published : Feb 16, 2024, 12:13 PM IST

Badminton Asia Team Championship
বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ভাৰতীয় মহিলা দল

Badminton Asia Team Championship: মালয়েছিয়াৰ চেলাংগৰত অনুষ্ঠিত হৈছে বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপ । ভাৰতীয় মহিলা দলে হংকঙক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ভাৰতৰ পুৰুষ দলে শুকুৰবাৰে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলিব ।

স্পৰ্টছ ডেস্ক,১৬ ফেব্ৰুৱাৰী : বেডমিণ্টন এছিয়া টীম চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা দলৰ উৎকৃষ্ট প্ৰদৰ্শন । প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা বেডমিণ্টন দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । শুকুৰবাৰে মালয়েছিয়াৰ চেলাংগৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা বেডমিণ্টন দলে হংকঙক ৩-০ পইণ্টত পৰাস্ত কৰে । মঙলবাৰে গ্ৰুপ ডব্লিউৰ শীৰ্ষস্থানত উপনীত হোৱা চীনক ভাৰতে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ সৈতে অনুকূল কোৱাৰ্টাৰ ফাইনেল ড্ৰ'ত পুনৰ এবাৰ নেতৃত্ব দিয়ে ।

আঘাতৰ ফলত দীঘলীয়া বিৰতিৰ পিচত উভতি অহা সিন্ধুৱে ল' ছিন ইয়ান হেপ্পীৰ বিৰুদ্ধে শক্তিশালী আৰম্ভণি কৰিছিল কিন্তু দ্বিতীয় খেলত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হয় । কিন্তু খেলৰ শেষলৈ ২১-৭, ১৬-২১, ২১-১২ ত জয়লাভ কৰি ভাৰতক আগুৱাই লৈ যোৱাত সফল হয় সিন্ধু । সিন্ধুৱে প্ৰথম ১২ পইণ্টৰ ভিতৰত ১১ পইণ্ট লাভ কৰিছিল আৰু সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হৈছিল ।

ইফালে তানিশা ক্ৰেষ্টো আৰু অশ্বিনী পোনাপ্পাৰ মহিলা দ্বৈত সংমিশ্ৰণেও প্ৰমাণ কৰিলে যে তেওঁলোক ফৰ্মত আছে । কিয়নো তেওঁলোকে ইয়ুং নগা টিং আৰু য়ুং পুই লামৰ ১৮ নম্বৰৰ সংমিশ্ৰণত ২১-১০, ২১-১৪ ৰ পইণ্টৰ সৈতে ভাৰতক ছেমি ফাইনেলত উপনীত হোৱাত সহায় কৰিছিল ।

ইয়াৰ পিচত অস্মিতা চলিহাই য়ুং চুম য়িৰ বিৰুদ্ধে ২১-১২, ২১-১৩ ব্যৱধানত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলৰ অভিযান সামৰে । পদক নিশ্চিত হোৱা ভাৰতে এতিয়া শীৰ্ষ স্থানপ্ৰাপ্ত জাপান আৰু চীনৰ মাজত হোৱা আনখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ মুখামুখি হ'ব । ভাৰতীয় পুৰুষ দলটোৱেও দিনটোৰ শেষলৈ কোৱাৰ্টাৰ ফাইনেলৰ সংঘৰ্ষত জাপানৰ সৈতে খেলিব ।

লগতে পঢ়ক :দ্বিতীয় দিনাৰ আৰম্ভণিতে ভাৰতে হেৰুৱালে জাদেজা আৰু কুলদ্বীপৰ উইকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.