ETV Bharat / sports

ভাৰতৰ হকী খেলুৱৈৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ, ভুক্তভোগীয়ে দাখিল কৰিলে এজাহাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:06 AM IST

Hockey player Varun Kumar: ভাৰতীয় হকী দলৰ ডিফেণ্ডাৰ বৰুণ কুমাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে । ভলীবল খেলুৱৈক বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনা কৰাৰ অভিযোগ কুমাৰৰ বিৰুদ্ধে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় খেলুৱৈগৰাকীৰ বিৰুদ্ধে এজাহাৰ ৰুজু ।

Indian hockey player accused of cheating
ভাৰতৰ হকী খেলুৱৈৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

স্পৰ্টছ ডেস্ক, ৬ ফেব্ৰুৱাৰী : অৰ্জুন বঁটা বিজয়ী ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ খেলুৱৈ বৰুণ কুমাৰৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ । হায়দৰাবাদৰ এগৰাকী ভলীবল খেলুৱৈয়ে বৰুণ কুমাৰৰ বিৰুদ্ধে বিবাহৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে । খেলুৱৈগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত জ্ঞানভাৰতী আৰক্ষী থানাত এখন এজাহাৰো পঞ্জীয়ন কৰা হৈছে । বৰুণ কুমাৰ বৰ্তমান ভাৰতীয় হকী দলৰ ডিফেণ্ডাৰ ।

জানিব পৰা মতে, ভুক্তভোগী খেলুৱৈগৰাকীক ২০১৬-১৭ বৰ্ষত ভলীবল খেলৰ বাবে নিৰ্বাচিত কৰা হৈছিল আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ দক্ষিণ বিভাগত প্ৰশিক্ষণ লৈ আছিল । ভুক্তভোগীগৰাকী সেই সময়ত নাবালিকা আছিল । সামাজিক মাধ্যমৰ জৰিয়তে হকী খেলুৱৈজনৰ সৈতে তেওঁ চিনাকী হৈছিল । অভিযোগ অনুসৰি অভিযুক্ত বৰুণ কুমাৰে হকী খেলুৱৈগৰাকীক ভালপোৱাৰ প্ৰস্তাৱ দিছিল আৰু পিচত বিয়াৰো প্ৰতিশ্ৰুতি দিছিল ।

ভুক্তভোগীগৰাকীয়ে অভিযোগ কৰা মতে ২০১৯ চনত বৰুণ কুমাৰে তেওঁক নৈশ ভোজনৰ অজুহাতত জয়নগৰলৈ লৈ গৈছিল আৰু তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰিছিল । ইয়াৰ পাচতো বিবাহৰ অজুহাতত সময়ে সময়ে ৫ বছৰ ধৰি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি আছিল । এবছৰ পূৰ্বে যেতিয়া ভলীবল খেলুৱৈগৰাকীৰ পিতৃৰ মৃত্যু হৈছিল তেতিয়াও সান্তনা দিবলৈ হকী খেলুৱৈগৰাকী ঘৰলৈ আহিছিল । কিন্তু তাৰ পিছৰে পৰা ভুক্তভোগীগৰাকীৰ সৈতে কোনো যোগাযোগ নকৰাৰ অভিযোগ উঠিছে ।

হিমাচল প্ৰদেশৰ হকী খেলুৱৈ বৰুণ কুমাৰ বৰ্তমান ভাৰতীয় হকী দলৰ ডিফেণ্ডাৰ হিচাপে জনাজাত । ২০১৭ চনত ভাৰতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰা খেলুৱৈগৰাকী ২০২২ চনৰ বাৰ্মিংহাম-কমনৱেলথ গেমছত ৰূপ, ২০২২ চনৰ এছিয়ান গেমছত স্বৰ্ণ আৰু ২০২০ টকিঅ' অলিম্পিকত ব্ৰঞ্জ লাভ কৰা ভাৰতীয় দলৰ সদস্য আছিল । ব্ৰঞ্জ লাভৰ পিচত হিমাচল প্ৰদেশ চৰকাৰে খেলুৱৈগৰাকীক ১ কোটি টকাৰ পুৰস্কাৰো প্ৰদান কৰিছিল ।

তেওঁক ২০২১ চনত অৰ্জুন বঁটাও প্ৰদান কৰা হৈছিল । কিন্তু এনে এগৰাকী তাৰকা খেলুৱৈৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ কিমান সঁচা ? যদি সঁচাকৈয়ে খেলুৱৈগৰাকীয়ে ভলীবল খেলুৱৈগৰাকীক প্ৰতাৰণা কৰিছে তেনেহ'লে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব ? সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :দ্বিতীয় টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.