ETV Bharat / sports

ছিৰিজৰ বাকী টেষ্টৰ বাবে কোহলী ঘূৰি আহিলে ভাৰত অধিক বিধ্বংসী হ’ব: নাছেৰ হুছেইন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:39 PM IST

IND vs ENG Test Series
বিৰাট কোহলী সন্দৰ্ভত প্ৰতিক্ৰিয়া নাছেৰ হুছেইন

IND vs ENG Test Series: ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইনে ভৱিষ্যদ্বাণী কৰিছে যে বিৰাট কোহলী দললৈ ঘূৰি আহিলে ভাৰতীয় দলটোৱে নিৰ্দয়ভাৱে খেলিব । লগতে তেওঁ লগতে কয় যে এই শৃংখলাত এণ্ডাৰছন আৰু কোহলীৰ মাজত এক ৰোমাঞ্চকৰ যুঁজ হ’ব ।

স্পৰ্টছ ডেস্ক, 7 ফেব্ৰুৱাৰী : ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ নাছেৰ হুছেইনে কয় যে যদি বিৰাট কোহলী টেষ্ট শৃংখলাৰ বাকী থকা মেচলৈ ঘূৰি আহে তেন্তে মেন ইন ব্লু দলে নিৰ্দয়ভাৱে খেলিব ৷ বৰ্তমান ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলা খেলি আছে আৰু শৃংখলা 1-1 ব্যৱধানত সমতা স্থাপন কৰিছে দলটোৱে ৷

শৃংখলাৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত জয়লাভ কৰিছে ভাৰতীয় দলটোৱে ৷ ব্যক্তিগত কাৰণত প্ৰথম দুখন টেষ্টৰ পৰা আঁতৰি আছিল বিৰাট কোহলী ৷ শৃংখলাৰ শেষৰ তিনিখন মেচৰ বাবে দল এতিয়াও ঘোষণা হোৱা নাই আৰু 35 বছৰীয়া কোহলীক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৷ লগতে তেওঁৰ দক্ষতাই দলটোৰ অনভিজ্ঞ বেটিং ইউনিটৰ মনোবল বৃদ্ধি কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কোহলীৰ উভতি অহাৰ কথা চিন্তা কৰি ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইনে কয় যে যদিহে তেওঁলোকৰ তাৰকা বেটছমেন গৰাকী চেটআপলৈ ঘূৰি আহে তেন্তে আয়োজক দলটোৱে নিৰ্দয়ভাৱে খেলিব ৷

জেমছ এণ্ডাৰছন আৰু কোহলীয়ে ক্ৰিকেট খেলপথাৰত এক আকৰ্ষণীয় যুঁজ প্ৰদৰ্শন কৰিছে আৰু টেষ্ট ক্ৰিকেট বহুবাৰ ইয়াৰ সাক্ষী হৈ আহিছে ৷ ইংলেণ্ডৰ এই পেচাৰগৰাকীয়ে যেতিয়াই মুখামুখি হয় তেতিয়াই 37 ৰ ভিতৰত 10 বাৰ কোহলীক আউট কৰিছে ৷ ৰঙা বলৰ ক্ৰিকেটত 25 খন খেলৰ ভিতৰত 7 বাৰ ভাৰতীয় বেটছমেনক আউট কৰিছে ৷ হুছেইনে লগতে শ্বেয়াৰ কৰে যে টেষ্ট ছিৰিজত এই মেচ চাবলগীয়া হ’ব ৷

তেওঁ লগতে কয়, ‘মই আশা কৰিছো যে তেওঁ ঘূৰি আহিব কাৰণ এই ছিৰিজত হেৰাই যোৱা একমাত্ৰ বস্তুটোৱেই হৈছে কোহলী আৰু এণ্ডাৰছনৰ মাজৰ যুঁজ ৷ মই তাৰ বাবে অপেক্ষা কৰি আছোঁ ৷"

লগতে পঢ়ক : জুলাই মাহত টি-20 শৃংখলাৰ বাবে জিম্বাব’ৱে ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.