ETV Bharat / sports

অলি পোপৰ দৰ্শনীয় শতকেৰে তৃতীয় দিনা ইংলেণ্ডৰ সংগ্ৰহ 316/6

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 7:25 PM IST

India vs England 1st Test : ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডৰ হৈ অলি পোপে অপৰাজিত ১৪৮ ৰাণৰ সংগ্ৰহ কৰে ৷ এই শতকে আলহী দলটোক ১০০ ৰাণতকৈ অধিক অগ্ৰগতি লাভ কৰাত সহায় কৰে। ভাৰতৰ হৈ দুটা উইকেট দখল কৰি যশপ্ৰীত বুমৰাহে শক্তিশালী প্ৰদৰ্শন কৰে ৷

India vs England 1st Test
ভাৰত-ইংলেণ্ডৰ প্ৰথম টেষ্ট

স্পৰ্টছ ডেস্ক, 27 জানুৱাৰী : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত তৃতীয় দিনা ভাৰতে 436 ৰান সংগ্ৰহ কৰি অল আউট হয় ৷

প্ৰথম ইনিংছত ইংলেণ্ডক 246 অল ৰাণত আউট কৰাৰ পিছত ভাৰতে সামগ্ৰিকভাৱে 190 ৰাণৰ অগ্ৰগতি লাভ কৰিছিল ৷ ভাৰতৰ হৈ তৃতীয় দিনাৰ পুৱা ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলে পুনৰ ইনিংছ আৰম্ভ কৰে ৷

ৰবীন্দ্ৰ জাডেজা 87 ৰাণত আউট হৈ শতক বঞ্চিত হয় ৷ ইংলেণ্ডৰ পাৰ্ট টাইম স্পীনাৰ জ’ ৰুটৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে জাডেজাই ৷ বাওঁহাতীয়া বেটছমেনজনে 180 টা বলৰ নকত 7 টা বাউণ্ডেৰী আৰু দুটা 6 কোবায় ৷

জাডেজা আৰু অক্ষৰে 78 ৰাণৰ অংশীদাৰীত্ব গঢ়ি তোলে ৷ অক্ষৰ পেটেলেও তৃতীয় দিনৰ প্ৰথম ছেশ্যনত বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে ৷ 44 ৰাণ সংগ্ৰহ কৰি অক্ষৰে ৰেহান আহমেদেৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ অক্ষৰৰ ইনিংছটো সাতটা চাৰিৰে সজ্জিত আছিল ৷

ইয়াৰ পাছতেই ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত 77 অভাৰত 6 টা উইকেট হেৰুৱাই 316 ৰাণ সংগ্ৰহ কৰি 126 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷ দলৰ হৈ দিনটোৰ শেষত অলি পোপে সাৰ্বাধিক 148 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ৰেহান আহমেদে 16 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ আৰু স্পীনাৰ ৰবিচন্দ্ৰ অশ্বিনে 2 টাকৈ উইকেট দখল কৰে ৷ অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাডেজাই 1 টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম ত্ৰিশতক; তন্ময় আগৰৱালৰ বিশ্ব অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.