ETV Bharat / sports

ধ্বংসাত্মক য়ৰ্কাৰৰ বাবে পুনৰ চৰ্চাত বুমৰাহ

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 11:35 AM IST

Bumrah Yorker ball
ধ্বংসাত্মক য়ৰ্কাৰৰ বাবে পুনৰ চৰ্চাত বুমৰাহ

Bumrah Yorker ball: য়ৰ্কাৰ বুলি ক'লে সচৰাচৰ সকলোৰে মুখত ভাৰতীয় পেচাৰ বুমৰাহৰ নাম আহে । সফল য়ৰ্কাৰ বুমৰাহৰ অন্যতম শক্তি । ইংলেণ্ডৰ বিৰুদ্ধেও কেইবাটাও সফল য়ৰ্কাৰ কৰিছে বুমৰাহে । তাৰ ভিতৰত অলি পোপ আৰু ষ্টকছৰ উইকেট গুৰুত্বপূৰ্ণ ।

স্পৰ্টছ ডেস্ক, ৪ ফেব্ৰুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বলাৰ আৰু টেষ্ট ফৰ্মেটৰ উপ-অধিনায়ক যশপ্ৰীত বুমৰাহে বিশাখাপট্টনমত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচত আশ্চৰ্যজনক প্ৰদৰ্শন কৰি এক আলোড়নৰ সৃষ্টি কৰিছে । বুমৰাহে এই খেলখনত ইংলেণ্ডৰ প্ৰথম ইনিংছত ৬ টা উইকেট দখল কৰে আৰু ১৫.৫ অভাৰৰ ভিতৰত ২.২৮ৰ ইক'নোমিৰ সৈতে ৪৫ ৰাণ দিয়ে । এই সময়ছোৱাত এটা অভিলেখো সৃষ্টি কৰে । তেওঁ ভাৰতীয় দলৰ হৈ ১৫০ টা টেষ্ট উইকেট অৰ্জন কৰে ।

বুমৰাহৰ ৬ টা উইকেটৰ ভিতৰত প্ৰথমটো গুৰুত্বপূৰ্ণ উইকেট আছিল অলি পোপৰ । যোৱা খেলখনত দ্বিশতক কৰা পোপক বুমৰাহে এক আকৰ্ষণীয় য়ৰ্কাৰত আউট কৰে । পূৰ্বৰে পৰা য়ৰ্কাৰৰ বাবে চৰ্চিত বুমৰাহৰ এই য়ৰ্কাৰটোও যথেষ্ট প্ৰশংসিত হৈছে । অনুৰাগীসকলে বুমৰাহৰ এই য়ৰ্কাৰ বলটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এই য়ৰ্কাৰ বলটোক শতকৰ বল বুলিও বৰ্ণনা কৰা হৈছে । একাংশই আকৌ ইয়াক ড্ৰীম য়ৰ্কাৰ বুলিও কৈছে । প্ৰথম ইনিংছত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিচত যশপ্ৰীত বুমৰাহে কয় যে টেষ্ট ফৰ্মেট তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । কাৰণ তেওঁ দীৰ্ঘদিনলৈ এই ফৰ্মেটত খেলিব বিচাৰে । নিজৰ দলটোলৈ অৱদান আগবঢ়োৱাতকৈ ভাল একোৱে হ'ব নোৱাৰে । তেওঁ এনেদৰেই প্ৰদৰ্শন কৰি থাকিব বিচাৰে ।

উইকেটৰ সংখ্যা তেওঁৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয়, দলটোৰ বিজয়হে গুৰুত্বপূৰ্ণ । বেন ষ্টকছৰ উইকেট সন্দৰ্ভত তেওঁ কয় যে তেওঁ চুইং আউট কৰিবলৈ চেষ্টা কৰি আছিল । পৰিকল্পনা কৰা ধৰণে বলটো চুইং হৈছিল । বলটোত আউট হোৱাৰ পিচত ষ্টকছৰ প্ৰতিক্ৰিয়াও চাবলগীয়া আছিল ।

বুমৰাহে কয় যে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ টেষ্ট কেৰিয়াৰৰ ১০০ টা উইকেট লাভ কৰিছিল । সেই উইকেটটোও অলি পোপৰ আছিল । অভালত অনুষ্ঠিত সেই খেলখনত বলটো ৰিভাৰ্চ হৈছিল আৰু পোপ আউট হৈছিল । তেওঁ এই উইকেটটো তেওঁৰ পুত্ৰক উৎসৰ্গা কৰিব বিচাৰে । কিয়নো প্ৰথমবাৰৰ বাবে এই ভ্ৰমণত পুত্ৰ তেওঁৰ সৈতে ভ্ৰমণ কৰি আছে ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড, তৃতীয় দিনা আৰম্ভণিতে ৰোহিত আৰু জয়ছোৱালৰ উইকেট পতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.