ETV Bharat / sports

আইচিচিৰ আচৰণ বিধি উলংঘন, ভুল স্বীকাৰ বুমৰাহৰ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:30 PM IST

ICC code of conduct violation
আইচিচিৰ আচৰণ বিধি উলংঘন, ভুল স্বীকাৰ বুমৰাহৰ

ICC code of conduct violation: ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টৰ সময়ত বুমৰাহে অলি পোপক ৰাণ সংগ্ৰহৰ সময়ত বাধা দিছিল । যাৰ বাবে তেওঁৰ বিৰুদ্ধে আচৰণ বিধি উলংঘাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আইচিচিয়ে তেওঁক ভৰ্ৎসনা কৰে ।

স্পৰ্টছ ডেস্ক,২৯ জানুৱাৰী : ভাৰতীয় ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছে । বুমৰাহক ইতিমধ্যে আইচিচিয়ে ভৰ্ৎসনা কৰিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলা প্ৰথমখন টেষ্ট মেচত বুমৰাহক আচৰণ বিধি উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে । অৱশ্যে, বুমৰাহে তেওঁৰ ভুল স্বীকাৰ কৰিছে । যাৰ বাবে তেওঁৰ ওপৰত কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নহ'ব ।

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট মেচৰ চতুৰ্থ দিনা অলি পোপে ৮১ অভাৰৰ সময়ত ৰাণৰ বাবে দৌৰি আছিল । সেই সময়ত বুমৰাহে ইচ্ছাকৃতভাৱে অলি পোপৰ পথত বাধা হিচাপে থিয় দিছিল । যাৰ ফলত দুয়োৰে মাজত অনুপযুক্ত শাৰীৰিক সম্পৰ্ক হৈছিল । পৰৱৰ্তী সময়ত তেওঁ আইচিচিৰ আচৰণ বিধিৰ অনুচ্ছেদ ২.১২ উলংঘা কৰা দেখা গৈছিল । ইয়াৰ পিচত, আইচিচিয়ে তেওঁক লেবেল ১ উলংঘা কৰাৰ বাবে ভৰ্ৎসনা কৰে ।

২ বছৰত যশপ্ৰীত বুমৰাহৰ এইটো প্ৰথম অপৰাধ আছিল । গতিকে তেওঁৰ ৰেকৰ্ডত এটা ডিমেৰিট পইণ্ট যোগ কৰা হয় । খেলপথাৰৰ আম্পায়াৰ পল ৰিফেল আৰু ক্ৰিছ গাফানিক তৃতীয় আম্পায়াৰ মাৰাইছ ইৰাচমাছ আৰু চতুৰ্থ আম্পায়াৰ ৰোহন পণ্ডিতে তেওঁক অভিযুক্ত কৰিছিল । লেবেল ১ উলংঘনৰ বাবে চৰকাৰী ভৰ্ৎসনা বা মেচখনৰ পঞ্চাশ শতাংশ জৰিমনা আৰু এটা বা দুটা ডিমেৰিট থাকে ।

বুমৰাহক এটা ডিমেৰিট পইণ্ট আৰু এটা অফিচিয়েল ভৰ্ৎসনা দিয়া হৈছে । বুমৰাহে তেওঁৰ ভুল স্বীকাৰ কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন টেষ্ট মেচত যশপ্ৰীত বুমৰাহে সুন্দৰ প্ৰদৰ্শন কৰি প্ৰথম ইনিংছত ২ টা উইকেট দখল কৰে আৰু দ্বিতীয় ইনিংছত ৪ টা উইকেট দখল কৰে । অৱশ্যে, ভাৰতীয় দলটোৱে মেচখন ২৮ ৰাণত পৰাস্ত হয় ।

লগতে পঢ়ক :ডব্লিউ টি চি পইণ্ট তালিকাত অৱনমিত হ’ল টিম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.