ETV Bharat / sports

আই চি চিৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট টেবুলৰ শীৰ্ষত টীম ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 4:04 PM IST

WTC Points Table
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট টেবুলৰ শীৰ্ষত ভাৰত

WTC Points Table : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট টেবুলত প্ৰথম স্থান দখল ভাৰতৰ ৷ ৱেলিংটনত অনুষ্ঠিত প্ৰথমখন টেষ্টত নিউজীলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়লাভৰ পিচতে ভাৰতৰ এই স্থান দখল পথ প্ৰশস্ত হয় ৷

স্পৰ্টছ ডেস্ক, 3 মাৰ্চ : প্ৰথমখন টেষ্টত নিউজীলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই 172 ৰানত জয়লাভ কৰাৰ পিচতে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট টেবুলত প্ৰথম স্থান দখল কৰিছে ৷ অষ্ট্ৰেলিয়াৰ এই জয়ৰ ফলত ভাৰতীয় দলটোৱে এতিয়ালৈকে 8 খন মেচৰ পাঁচখনত জয়লাভ কৰাৰ ফলত 64.58 ৰ জয়ৰ শতাংশৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰাৰ পথ প্ৰশস্ত কৰে ৷ দলটোৱে দুখন মেচত পৰাস্ত হোৱাৰ বিপৰীতে এখন মেচ ড্ৰ’ হৈছিল ৷

60 শতাংশ জয়েৰে তালিকাৰ দ্বিতীয় স্থানত আছে নিউজীলেণ্ড ৷ তেওঁলোকে পাঁচখন খেলত তিনিখন জয় আৰু দুখন মেচত পৰাজয়ৰ সৈতে এতিয়ালৈকে 36 পইণ্ট লাভ কৰিছে ৷ 11 খন মেচত 7 খনত জয় আৰু 59 শতাংশ জয়েৰে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া ৷

অষ্ট্ৰেলিয়াৰ হৈ কেমেৰুন গ্ৰীণ আৰু নাথান লায়নে এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ কেমেৰুণ গ্ৰীণে 174 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নাথান লায়নে মেচখনত 10 টা উইকেট দখল কৰে ৷ লায়নে স্পীন ফ্ৰেণ্ডলী ছাৰ্ফেচৰ মূলধন হিচাপে কাম কৰিছিল আৰু ই তেওঁক নিজৰ দলটোক জয়ৰ দিশত আগুৱাই নিয়াত সহায় কৰিছিল ৷

ইফালে 7 মাৰ্চৰ পৰা ধৰমশালাত ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া পঞ্চমখন টেষ্টত জয়লাভ কৰিলে ভাৰতীয় দলটোৱে পইণ্ট তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিব পাৰিব ৷ অৱশ্যে যদিহে খেলখন ড্ৰ’ হয় বা ইংলেণ্ডে মেচখনত জয়লাভ কৰে তেন্তে অষ্ট্ৰেলিয়া অথবা নিউজীলেণ্ডে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ পাব ৷ আনহাতে 8 মাৰ্চৰ পৰা আৰম্ভ হ’ব অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ মাজৰ দ্বিতীয়খন টেষ্ট ৷

লগতে পঢ়ক : বিচিচিআইৰ বাৰ্ষিক চুক্তিৰ পৰা বাহিৰ হ'ল শ্ৰেয়স আয়াৰ আৰু ঈশান কিষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.