ETV Bharat / sports

গুজৰাট টাইটানছৰ আশাত চেঁচাপানী; কেকেআৰ-জিটি মেচ পৰিত্যক্ত ঘোষণা - Indian Premier League

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:45 PM IST

Updated : May 13, 2024, 10:58 PM IST

IPL 2024 : যুৱ ক্ৰিকেটাৰ শুভমন গিলৰ নেতৃত্বত গুজৰাট টাইটানছে তেওঁলোকৰ জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগা আছিল । লগতে এই মেচখনত জয়লাভেৰে প্লে-অফত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিব বিচাৰিছিল ।

IPL 2024
কেকেআৰ-জিটি মেচত বৰষুণৰ বিধিপথালি (AP and IANS)

স্পৰ্টছ ডেস্ক, ১৩ মে' : চলিত আইপিএলত প্লে-অফলৈ আগবঢ়াৰ আশাত চেঁচাপানী বিগত বৰ্ষৰ ৰাণাৰ্ছ-আপ গুজৰাট টাইটাইনছৰ । কিয়নো বৰষুণৰ বাবে জিটি আৰু কেকেআৰৰ মাজৰ মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । যাৰ বাবে জিটিৰ শিবিৰত এক মোক্ষম আঘাত পৰে । কিয়নো সোমবাৰে আহমেদাবাদত অনুষ্ঠিত হ'বলগা ২০২৪ বৰ্ষৰ গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ৬৩ নম্বৰ মেচখনত বৰষুণে বিধিপথালি দিয়াৰ বাবে জিটিৰ প্লেঃঅফত প্ৰৱেশৰ সকলো আশা নিৰ্বাপিত হয় । বৰষুণৰ বাবে টছ অনুষ্ঠিত নোহোৱাকৈয়ে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা হোৱাত দুয়োটা দলে ১-১ পইণ্ট লাভ কৰে, যিটো জিটি শিবিৰৰ বাবে এক মোক্ষম আঘাত ।

উল্লেখ্য, ইতিমধ্যে শুভমন গিলৰ ফৰ্মলৈ উভতি অহাটোৱে গুজৰাট টাইটানছক এক ডাঙৰ উৎসাহ প্ৰদান কৰিব । কিয়নো দলটোৱে সোমবাৰে তেওঁলোকৰ 'ম'ষ্ট-উইন আইপিএল' মেচত তালিকাৰ শীৰ্ষত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

উল্লেখ্য যে গিলে ইতিমধ্যে তেওঁৰ চতুৰ্থ আইপিএল শতকেৰে ফৰ্মলৈ উভতি অহাৰ গৰ্জন দিছে আৰু জিটিৰ প্লে-অফৰ ক্ষীণ আশা এতিয়াও সজীৱ কৰি ৰাখিছে । আনহাতে, জিটিয়ে ঘৰুৱা খেলপথাৰৰ বাহিৰত অন্তিমখন মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে এক আৰামদায়ক জয় লাভ কৰিছিল । কিন্তু নিগেটিভ নেট ৰাণ ৰেটৰ বাবে জিটিৰ সুযোগ আটাইতকৈ কম আৰু প্ৰাক্তন চেম্পিয়নদলটোৰ বাবে অন্তিম চাৰিত প্ৰৱেশ কৰিবলৈ এক অলৌকিক ঘটনা লাগিব ।

আনহাতে, বৰ্ষাবিঘ্নিত মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৮ ৰাণৰ জয়েৰে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছত কেকেআৰে তেওঁলোকৰ বাকী দুখন মেচত মাত্ৰ এটা জয়ৰ প্ৰয়োজন ।

এতিয়ালৈকে মেচৰ লাইভ আপডেট

সন্ধিয়া 7.55 বজা

ফ্লাডলাইটবোৰ কেৱল আংশিকভাৱে জ্বলোৱা হৈছে । কভাৰবোৰো পিটচ আৰু খেলপথাৰৰ ওপৰত ৰখা হৈছে ।

সন্ধিয়া 7.30 বজা

টছত বিলম্ব হোৱাৰ কাৰণ হৈছে কভাৰবোৰ খেলপথাৰত থকাটো ।

সন্ধিয়া 7.05 বজা

বেয়া বতৰৰ পৰিস্থিতিৰ বাবে টছত বিলম্ব হৈছে । মূল কভাৰ এতিয়াও আছে আৰু চাৰিওফালে কিছু লাইট জ্বলোৱা হৈছে ।

লগতে পঢ়ক :আই পি এল 2024ৰ প্লে’ অফ: আৰ চি বিৰ আশা সজীৱ, দৌৰত চেন্নাই, লক্ষ্ণৌ - IPL Playoff Scenario

Last Updated : May 13, 2024, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.