এফ আই এইচ হকী ৫এছৰ ফাইনেলত ভাৰতীয় মহিলা হকী দল
FIH Hockey 5s Semifinal : এফ আই এইচ হকী 5এছ মহিলা বিশ্বকাপ, 2024-ৰ ফাইনেলত ভাৰত । ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক 6-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় মহিলা হকী দলে ফাইনেলৰ পথ প্ৰশস্ত কৰে ।

Published : January 27, 2024 at 10:29 AM IST
স্পৰ্টছ ডেস্ক, ২৭ জানুৱাৰী : ওমানত চলি থকা এফ আই এইচ হকী ৫এছ মহিলা বিশ্বকাপ, ২০২৪-ৰ ফাইলেত উপনীত হৈছে ভাৰতীয় মহিলা হকী দল । শুকুৰবাৰে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক ৬-৩ গ'লৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় দলটো ফাইনেলত প্ৰৱেশ কৰে । ভাৰতৰ হৈ অক্ষতা এবাচো ধেকালে (৭ মিনিট), মাৰিয়ানা কুজুৰ (১১ মিনিট), মুমতাজ খান (২১ মিনিট), ৰুতুজা দাদাচো পিচাল (২৩ মিনিট), জ্যোতি ছত্ৰী (২৫ মিনিট) আৰু আজিমা কুজুৰে (২৬ মিনিট) গ'ল কৰে ।
আনহাতে, দক্ষিণ আফ্ৰিকাৰ হৈ টেশ্বন ডি লা ৰে (৫ মিনিট), কেপ্টেইন টনি মাৰ্ক্স (৮ মিনিট) আৰু ডিৰ্কি চেম্বাৰলেইনে (২৯ মিনিট) গ'ল কৰে । দক্ষিণ আফ্ৰিকাই প্ৰথমাৰ্ধ এক শৃংখলাবদ্ধ প্ৰতিৰক্ষাৰে আৰম্ভ কৰে । আনহাতে, ভাৰতৰ গ'ল পোষ্টত লক্ষ্যভেদ কৰাৰ বাবে সুযোগৰ অপেক্ষা কৰে । মেচখনৰ প্ৰথম সুযোগ দক্ষিণ আফ্ৰিকাৰ হাতলৈ আহে । কিন্তু ভাৰতীয় গ'লৰক্ষক ৰজনী ইটিমাৰপু নিজৰ দায়িত্বত সতৰ্ক হৈ আছিল । ইফালে ভাৰতে সুযোগ সৃষ্টি কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে দক্ষিণ আফ্ৰিকাৰ টেশ্বন ডি লা ৰেৰ এটা ৰিভাৰ্ছ শ্বটে দলটোক অগ্ৰগতি প্ৰদান কৰে ।
ইফালে ৰুতুজা দাদাচো পিচালে সোনকালেই সমতা স্থাপনৰ সুযোগ লাভ কৰে যদিও তেওঁৰ বলে নেটত আশ্ৰয় লোৱাত বিফল হয় । অৱশ্যে তাৰ পিছত অক্ষতা আবাচো ধেকালে অন্তিম কোৱাৰ্টাৰত দক্ষিণ আফ্ৰিকাৰ গ'লৰক্ষক গ্ৰেছ কোচৰেনক পৰাস্ত কৰে আৰু ভাৰতক সমতা অৰ্জন কৰাত সহায় কৰে । অৱশ্যে তাৰ ঠিক পিছ মুহূৰ্ততে দক্ষিণ আফ্ৰিকাৰ কেপ্টেইন টনি মাৰ্ক্সে দলক পুনৰ অগ্ৰগতি প্ৰদান কৰে ।
ইয়াৰ পিছত মাৰিয়ানা কুজুৰে পুনৰ গ'লৰ সংখ্যা ২-২ ব্যৱধানত কৰি সমতা স্থাপন কৰে । দ্বিতীয়াৰ্ধত দক্ষিণ আফ্ৰিকাই শক্তিশালী আৰম্ভণি কৰাত ভাৰতে প্ৰতিৰক্ষাত বেছি মনোযোগ দিবলগা হয় ।
কিন্তু ৰুতুজাই দক্ষিণ আফ্ৰিকাৰ গ'লপোষ্টৰ সন্মুখত মুমতাজ খানক দিয়া এটা পাছ গ'ললৈ ৰূপান্তৰ কৰি ভাৰতক অগ্ৰগতি প্ৰদান কৰে । আনহাতে, ৰুতুজাই নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখি গ'লৰক্ষকক পৰাস্ত কৰে আৰু অগ্ৰগতি দুই গ'ললৈ বৃদ্ধি কৰে । মেচখনত পাঁচ মিনিট বাকী থকা অৱস্থাত জ্যোতি ছত্ৰীয়ে লোৱা এটা শ্বটত দক্ষিণ আফ্ৰিকাৰ গ'লৰক্ষক গ্ৰেছ কোচৰেনক পৰাস্ত হয় আৰু দলৰ অগ্ৰগতি বৃদ্ধি কৰে ।
আনহাতে, মেচখন শেষ হোৱাৰ ঠিক পূৰ্বে আজমিনা কুজুৰে হাফ লাইনৰ ওচৰৰ পৰা লোৱা এটা আত্মবিশ্বাসী শ্বটেৰে ভাৰতক ৬-২ ব্যৱধানত অগ্ৰগতি প্ৰদান কৰে । কিন্তু এক মিনিট বাকী থকা অৱস্থাত ডিৰ্কি চেম্বাৰলেনে দক্ষিণ আফ্ৰিকাৰ হৈ তৃতীয়টো গ'ল কৰে । ভাৰতে এতিয়া ২৮ জানুৱাৰীত ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।
লগতে পঢ়ক :প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম ত্ৰিশতক; তন্ময় আগৰৱালৰ বিশ্ব অভিলেখ

