ETV Bharat / sports

অসমৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ দুই বেটছমেনৰ দ্বিশতক

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 9:57 AM IST

ASM vs UP Ranji Trophy 2024: অসম আৰু উত্তৰ প্ৰদেশৰ মাজত ৰঞ্জী ট্ৰফীৰ মেচ । অসম এতিয়াও ৪৩২ ৰাণত পিছপৰি আছে । উত্তৰ প্ৰদেশৰ কৰণ শৰ্মা আৰু আৰিয়ান জুয়েলৰ দ্বিশতক ।

ASM vs UP Ranji Trophy 2024
অসমৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ দুই বেটছমেনৰ দ্বিশতক

স্পৰ্টছ ডেস্ক, ৪ ফেব্ৰুৱাৰী : কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অসম আৰু উত্তৰ প্ৰদেশৰ মাজত ৰঞ্জী ট্ৰফীৰ গুৰুত্ব মেচ অনুষ্ঠিত হৈছে । খেলখনত শক্তিশালী স্থিতিত আছে উত্তৰ প্ৰদেশ । প্ৰথমে বেটিং কৰি ইউপি দলটোৱে বিশাল স্ক'ৰ কৰিবলৈ সক্ষম হয় । শুকুৰবাৰে অপৰাজিত হৈ থকা বেটছমেন কৰণ শৰ্মা আৰু আৰিয়ান জুয়েলে শনিবাৰেও খেলপথাৰত আক্ৰমণাত্মক ৰূপ দেখুৱায় । ফলস্বৰূপে দলটোৱে ৫৪৮ ৰাণ সংগ্ৰহ কৰে । ইউপি দলটোৱে ৮ টা উইকেট হেৰুৱায় ।

উত্তৰ প্ৰদেশৰ হৈ দুগৰাকী বেটছমেন ক্ৰমে কৰণ শৰ্মা আৰু আৰিয়ান জুয়েলে দ্বিশতক কৰি অভিলেখ সৃষ্টি কৰে । জুয়েলে ২০১ ৰাণ কৰি আউট হয় আৰু কৰণ শৰ্মাইও ৩১০ টা বলত ২০৮ ৰাণ কৰে । মিডল অৰ্ডাৰত বেটিং কৰিবলৈ অহা অক্ষদীপ নাথেও অৰ্ধশতক কৰে আৰু তেওঁ ৫৩ ৰাণত আউট হয় ।

উত্তৰ প্ৰদেশ দলৰ এই পাহাৰসম স্ক'ৰ দেখি অসমৰ খেলুৱৈসকলৰ এসময়ত মনোবল নিশ্চিতভাৱে হ্ৰাস পাইছিল । কিন্তু যেতিয়া অপেনাৰ বেটছমেন পাৰভেজ আৰু ৰাহুল ক্ৰীজত সুন্দৰ বেটিং কৰিবলৈ আৰম্ভ কৰি তেতিয়া দলটোৰ খেলুৱৈসকলৰ মাজত কিছু আনন্দ দেখিবলৈ পোৱা যায় । দুয়োগৰাকী বেটছমেনে অৰ্ধশতক কৰিছে । এই দুজন বেটছমেনৰ বলত অসমে ৩৯ অভাৰত ১১৬ ৰাণ সংগ্ৰহ কৰিছে ।

আনহাতে এতিয়ালৈ অসমৰ এটাও উইকেটৰ পতন হোৱা নাই । দেওবাৰে পুনৰ দুয়োগৰাকী বেটছমেনে খেলৰ আৰম্ভণি কৰিব । ইউপিচিএৰ মিডিয়া ভাৰপ্ৰাপ্ত মহম্মদ ফাহিমে কয় যে শনিবাৰেও বতৰে খেলুৱৈসকলক সহায় কৰিছিল । যাৰ বাবে খেলখন সময়মতে আৰম্ভ হৈছিল । তেওঁ কয় যে এতিয়াও দুদিন খেল বাকী আছে, সেয়েহে আশা কৰা হৈছে যে এই খেলখনৰ ফলাফল প্ৰকাশ পাব । দেওবাৰে খেলখন ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :অসমৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ ৰঞ্জী দলৰ দুই ক্ৰিকেটাৰৰ শতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.