ETV Bharat / sports

ভাৰতৰ দ্বিতীয় আইচিচি এদিনীয়া বিশ্বকাপ খিতাপ জয়, ১৩ বছৰৰ পিচতো সতেজ বিজয়ৰ সেই মুহূৰ্ত - ICC World Cup 2011 Final

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 2:09 PM IST

ICC World Cup 2011 Final
ভাৰতৰ দ্বিতীয় আইচিচি এদিনীয়া বিশ্বকাপ খিতাপ

ICC World Cup 2011 Final: প্ৰায় ১৩ বছৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতে আইচিচি এদিনীয়া বিশ্বকাপৰ খিতাপ লাভ কৰিছিল । ধোনীয়ে ছিক্সাৰ কোবাই ভাৰতক জয়ী কৰোৱা মুহূৰ্ত আজিও পাহৰিব পৰা নাই ভাৰতীয় অনুৰাগীয়ে। খেলখনৰ বিভিন্ন মুহূৰ্ত কেমেৰাত বন্দী কৰি ৰখা ফটো সাংবাদিক শিৰিষ শ্বেতে তেওঁ অভিজ্ঞতা বৰ্ণনা কৰিছে ।

স্পৰ্টছ ডেস্ক,২ এপ্ৰিল : আজিৰ দিনটোতে ২০১১ চনত ভাৰতীয় ক্ৰিকেট দলে দ্বিতীয় আইচিচি এদিনীয়া বিশ্বকাপৰ খিতাপ লাভ কৰিছিল । আজি দেশবাসীয়ে সেই মুহূৰ্তটো স্মৰণ কৰিছে । লগতে এটা ভিডিঅ' পুনৰ এবাৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে । ফাইনেলৰ ভাৰতৰ বিজয় সেই মুহূৰ্তত ৰবি শাস্ত্ৰীয়ে কমেণ্ট্ৰী কৰি আছিল । শ্ৰীলংকাৰ পেচাৰ নুৱান কুলাচেকাৰাই ভাৰতৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক বলিং কৰি আছিল ভাৰতে আইকনিক ৱানখেড়ে ষ্টেডিয়ামত তেওঁলোকৰ দ্বিতীয় আইচিচি এদিনীয়া বিশ্বকাপ জয়ী হোৱাৰ পৰা মাত্ৰ অলপ দূৰত আছিল ।

খেলখন ধোনীয়ে নিজৰ ষ্টাইলত শেষ কৰিছিল । ভাৰতে ২৮ বছৰৰ পিচত বিশ্বকাপ দখল কৰিছিল আৰু দলটোৱে ড্ৰেছিং ৰুমত বিজয় উদযাপন আৰম্ভ কৰিছিল আৰু এগৰাকী ভাৰতীয় অধিনায়ক হিচাপে ধোনী ফাইনেলৰ নিশা একেবাৰে চমৎকাৰী আছিল ।

প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰা ভাষ্যকাৰ ৰবি শাস্ত্ৰীয়ে তেওঁৰ শৈলীত কৈছিল যে ভাৰতে ২৮ বছৰৰ দীঘলীয়া অপেক্ষাৰ পিছত আকাংক্ষিত খিতাপ অৰ্জন কৰিছে । সেই কথাখিনি এতিয়াও লাখ লাখ ভাৰতীয়ৰ হৃদয়ত প্ৰতিধ্বনিত হৈ আছে । মহেন্দ্ৰ সিং ধোনীয়ে শ্ৰীলংকাৰ পেচাৰ নুৱান কুলাচেকাৰাৰ বিৰুদ্ধে এটা ছিক্সাৰ কোৱাইছিল আৰু কেৱল ৱাংখেড়ে ষ্টেডিয়ামত থকা দৰ্শকেই নহয় সমগ্ৰ ভাৰত আনন্দত উচ্ছ্বসিত হৈ পৰিছিল আৰু গোটেই নিশা উদযাপন চলিছিল ।

এয়া আছিল ২০১১ চনৰ ২ এপ্ৰিলৰ এটা শনিবাৰ । যেতিয়া ভাৰতে চুবুৰীয়া শ্ৰীলংকাক ৬ উইকেটত আৰু ১০ টা বল বাকী থকা অৱস্থাত পৰাস্ত কৰি দ্বিতীয় এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ খিতাপ লাভ কৰিছিল । ইয়াৰ পূৰ্বে ভাৰতে কেৱল এবাৰহে এদিনীয়া বিশ্বকাপৰ খিতাপ লাভ কৰিছিল । কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলে ১৯৮৩ চনত ইংলেণ্ডৰ লৰ্ডছত সংঘৰ্ষত শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল ।

২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয় ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰক উৎসৰ্গিত কৰা হৈছিল । তেওঁ আনকি বিভিন্ন সময়ত কৈছিল যে এইটো তেওঁৰ ক্ৰিকেট কেৰিয়াৰ আৰু তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ নিশা আছিল । যাৰ বাবে ২ এপ্ৰিল হৈছে ভাৰতীয় ক্ৰিকেটৰ সকলো অনুৰাগী, প্ৰশংসকৰ বাবে এক বিশেষ দিন ।

খেলখনত শ্ৰীলংকাই ৬ উইকেটত ২৭৪ ৰাণৰ প্ৰত্যাহ্বানমূলক প্ৰদৰ্শন কৰি মাহেলা জয়বৰ্ধনেয়ে ৮৮ টা বলত ১০৩ ৰাণ অপৰাজিত দৰ্শনীয় শতক অৰ্জন কৰে । যিয়ে ৱাংখেড়েৰ জনতাক নীৰৱ কৰি তুলিছিল । কিন্তু গৌতম গম্ভীৰৰ ৯৭ ৰাণৰ আকৰ্ষণীয় ইনিংছ আৰু ৯১ ৰাণত অপৰাজিত হৈ থকা মহেন্দ্ৰ সিং ধোনীৰ বাবে ভাৰতে জয় মুখ দেখিছিল । ভাৰতৰ অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগ (০) আৰু ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ (১৮) আউট হোৱাৰ পিচত গম্ভীৰৰ ইনিংছ অধিক গুৰুত্বপূৰ্ণ আছিল ।

সেই সময়ত ৱাংখেড়েত হোৱা এই ক্ৰীড়া মহাৰণত দায়িত্ব পালন কৰা ফটো সাংবাদিক শিৰিষ শ্বেতে ইটিভি ভাৰতক কয় যে এই মুহূৰ্তটো কালিৰ দৰেই অনুভৱ হয় । তেওঁৰ মতে সেই নিশা ৱাংখেড়েৰ পৰিৱেশ শব্দত বৰ্ণনা কৰা কঠিন । তেওঁ নিজৰ কেৰিয়াৰত বহু ক্ৰিকেট মেচ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ৰাজনৈতিক অনুষ্ঠান কভাৰ কৰিছে কিন্তু ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলখন ব্যতিক্ৰম । তাৰ পিচত তেওঁ শান্ত মেৰিন ড্ৰাইভৰ ফটো শ্বুট কৰিছিল য'ত মানুহেৰে ভৰি আছিল ।

তেওঁৰ মতে সেই নিশা মুম্বাই চহৰ উজাগৰে আছিল । বলীউডৰ তাৰকাসকলৰ পৰা মুম্বাইৰ সাধাৰণ নাগৰিকলৈ সকলোৱে ভাৰতীয় দলৰ এই বিজয় উদযাপন কৰিছিল । তেওঁ খেলৰ মুহূৰ্তবোৰ স্মৰণ কৰি কয় যে তেওঁৰ এতিয়াও মনত আছে গম্ভীৰ আউট হোৱাৰ পিচত অহা নীৰৱতা আৰু ধোনীৰ সেই অন্তিম মুহূৰ্তৰ শ্বটটোত সৃষ্টি হোৱা হৰ্ষোল্লাস ।

শ্বেতেৰ মতে, ৱানখেড়ে ষ্টেডিয়ামত ১৯৯০-৯১ ৰঞ্জী ট্ৰফীৰ ফাইনেলকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈছে । কিন্তু সম্ভৱতঃ সৰ্বশ্ৰেষ্ঠ খেল আছিল ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল ।

তেণ্ডুলকাৰে তেওঁৰ দলৰ সদস্যসকলৰ কান্ধত উঠি আহি বিজয় উদযাপন কৰা । ধোনী আৰু ট্ৰফী উত্তোলন কৰা দলৰ সদস্যসকলৰ স্মৃতি এতিয়াও ক্ৰিকেট প্ৰেমীসকলৰ মনত সতেজ হৈ আছে আনকি ১৩ বছৰৰ পিচতো ক্ৰিকেট অনুৰাগীসকলৰ মাজত ই সতেজ হৈ আছে । ২০১১ চনৰ পিচত ভাৰতে ২০১৩ চনত আইচিচি ট্ৰফী, চেম্পিয়নছ ট্ৰফী জয়ী হ'বলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :আই পি এল 2024 ত অপ্ৰতিৰোধ্য ৰিয়ান, পইণ্ট তালিকাৰ শীৰ্ষত ৰাজস্থান - MI Vs RR IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.