ETV Bharat / sports

প্লে’ অফলৈ এখোজ, ৰাজস্থানক 5 উইকেটত পৰাস্ত চেন্নাই চুপাৰ কিংছৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 6:21 PM IST

Updated : May 12, 2024, 8:14 PM IST

TODAY IPL MATCH : প্লে’ অফৰ সম্ভাৱনা উজ্জীৱিত ৰাখি চেন্নাই ছুপাৰ কিংছে আৰু ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে ৷ 18.2 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় চেন্নাই ৷

TODAY IPL MATCH
চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ যুঁজ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 12 মে’ : চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা আই পি এল 2024ৰ 61 সংখ্যক মেচখনত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে ৷ 142 ৰাণৰ লক্ষ্য খেদি চেন্নাই দলটোৱে 18.2 অভাৰত 5 টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৷ ৰোমাঞ্চকৰ মেচখনত জয়লাভ কৰি চলিত ছিজনৰ আই পি এলত প্লে’ অফৰ সম্ভাৱনা উজ্জীৱিত কৰি ৰাখিছে চেন্নাই দলটোৱে ৷

চেন্নাইৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে সৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ৰাচিন ৰবীন্দ্ৰই 27 ৰাণ সংগ্ৰহ কৰে ৷ ৰাজস্থানৰ হৈ ৰবিশ্বন্দ্ৰন অশ্বিনে 2টা উইকেট, নান্দ্ৰে বাৰ্গাৰ, যুজবেন্দ্ৰ চাহালে 1 টাকৈ উইকেট দখল কৰে ৷ চিমাৰজীত সিং প্লেয়াৰ অৱ দ্য মেচ বিবেচিত হয় ৷

এই পৰ্যন্ত ৰাজস্থান আৰু চেন্নাইৰ মাজত মুঠ 28 খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত চি এছ কে দলে 15 খন মেচত জয়লাভ কৰিছে আৰু ৰাজস্থানে 13 খন মেচত জয়লাভ কৰিছে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 141 ৰাণ ৷

ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক 47 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ পৰাগে 35 টা বলত 3 টা ছয় আৰু 1 টা চাৰিৰে 47 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ধ্ৰুব জুৰেলে 18 টা বলত 28 ৰাণ সংগ্ৰহ কৰে ৷ অ‘পেনাৰ যশস্বী জয়ছোৱালে 24 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জ’ছ বাটলাৰে সংগ্ৰহ কৰে 21 ৰাণ ৷ চেন্নাইৰ হৈ চিমাৰজীত সিঙে 3 টা আৰু তুষাৰ দেশপাণ্ডেই 2 টা উইকেট দখল কৰে ৷

লগতে পঢ়ক : আজি চেন্নাই পৰাস্ত হ’লে কঠিন হ’ব প্লে’ অফৰ পথ, কোন দলৰ সম্ভাৱনা বৃদ্ধি পাব জানক - IPL 2024

Last Updated : May 12, 2024, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.