ETV Bharat / sports

ইতিহাস : অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষ ডাবলছৰ খিতাপ দখল বোপান্নাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:41 PM IST

Australian Open : গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল ৰোহন বোপান্নাৰ ৷ এই খিতাপ দখল কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হয় বোপান্না ৷ মেথিউ এবডেনৰ সৈতে এই খিতাপ দখল কৰে তেওঁ ৷

Australian Open
অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষ ডাবলছৰ খিতাপ দখল বোপান্নাৰ

স্পৰ্টছ ডেস্ক, 27 জানুৱাৰী : ইতিহাস সৃষ্টিৰে শনিবাৰে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে ৰোহন বোপান্নাই ৷ এই খিতাপ দখল কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হয় ৰোহন বোপান্না ৷ ফাইনেলত ইটালীৰ ছিমন বলেলি আৰু আন্দ্ৰেয়া ভাভাছ’ৰীৰ যুটীক 7-6(0) 7-5 ব্যৱধানত পৰাস্ত কৰি তেওঁ মেথিউ এবডেনৰ সৈতে এই খিতাপ দখল কৰে ৷

43 বছৰ 329 দিন বয়সত ভাৰতীয় তাৰকাগৰাকীয়ে গ্ৰেণ্ড শ্লেম ডাবলছৰ খিতাপ দখল কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হয় ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল 2022 চনৰ ফ্ৰেন্স অ’পেন পুৰুষৰ ডাবলছ খিতাপত মাৰ্চেলো আৰেভালোৰ সৈতে 40 বছৰ 284 দিন বয়সত বিজয়ী হৈ আত্মপ্ৰকাশ কৰা জিন জুলিয়েন ৰ’জাৰৰ ৷

মেচখনৰ প্ৰথম ছেটটোত প্ৰৱল যুঁজ চলিছিল কাৰণ দুয়োটা দলে নিজৰ চাৰ্ভিছ অক্ষত ৰাখিছিল আৰু ই টাইব্ৰেকাৰত প্ৰৱেশ কৰিছিল ৷ ভাৰত-অষ্ট্ৰেলিয়ান যুটিটোৱে প্ৰথম ছেটত 7-6 ব্যৱধানত জয়লাভ কৰে ৷ দ্বিতীয় ছেটত 11 সংখ্যক খেলখন টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়, কাৰণ বোপান্না আৰু এবডেনে বিপক্ষৰ চাৰ্ভ তচনচ কৰে ৷ ইয়াৰ পিছতে যুটিটোৱে 6-5 ব্যৱধানত অগ্ৰগতি লাভ কৰে আৰু তেওঁলোকৰ চাৰ্ভত পৰৱৰ্তী খেলখনত জয়লাভ কৰি যুটিটোৱে খিতাপ নিশ্চিত কৰে ৷

এই খিতাপ দখলে বোপান্নাৰ বাবে এটা স্মৰণীয় সপ্তাহৰ উপহাৰ দিয়ে ৷ বৃহস্পতিবাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰ বাবে নিৰ্বাচিত হয় প্ৰবীণ টেনিছ খেলুৱৈগৰাকী ৷ 43 বছৰীয়া খেলুৱৈগৰাকীয়ে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে পুৰুষৰ ডাবলছত বিশ্বৰ 1 নং স্থান দখল কৰিবলৈ সাজু হৈছে ৷ 2017 চনৰ ফ্ৰেন্স অ’পেনতো বোপান্নাই মিক্সড ডাবলছৰ খিতাপ লাভ কৰিছে য’ত তেওঁ কানাডাৰ গেব্ৰিয়েলা ডাব্ৰ’স্কিৰ সৈতে জয়লাভ কৰিছিল ৷

লগতে পঢ়ক : অলি পোপৰ দৰ্শনীয় শতকেৰে তৃতীয় দিনা ইংলেণ্ডৰ সংগ্ৰহ 316/6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.