ETV Bharat / sports

অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়শ্বীপৰ বিজয়ৰ মুকুট পিন্ধিলে অৰুণোদয় সংঘই

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 9:30 AM IST

Assam premier club championship : অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়শ্বীপৰ বিজয়ৰ মুকুট পিন্ধিলে অৰুণোদয় সংঘই ৷ সন্মিলন সংঘক দহ উইকেটৰ পৰাস্ত কৰি অৰুণোদয় সংঘই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷

assam premier club cricket championship final match
অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়শ্বীপৰ বিজয়ৰ মুকুট পিন্ধিলে অৰুণোদয় সংঘই

কলিয়াবৰ, 30 জানুৱাৰী : কলিয়াবৰত অনুষ্ঠিত অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বীপৰ চূড়ান্ত মেচখন সোমবাৰে অনুষ্ঠিত হয় ৷ উক্ত মেচখনত সন্মিলন সংঘ আৰু অৰুণোদয় সংঘৰ মাজত অনুষ্ঠিত হয় ৷ সন্মিলন সংঘক দহ উইকেটৰ পৰাস্ত কৰি অৰুণোদয় সংঘই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷

সন্মিলন সংঘই টচত জয়লাভ কৰি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় ৷ কিন্তু অৰুণোদয় সংঘৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত 38.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 148 ৰান কৰিবলৈ সক্ষম হয় সন্মিলন সংঘই । দলটোৰ হৈ সৰ্বাধিক কৃষ্ণ বাহাদুৰে 26 ৰান সংগ্ৰহ কৰে ৷ অৰুণোদয় সংঘৰ হৈ গৌতম মজুমদাৰে তিনিটা, লিকুমণি দাস আৰু সঞ্জীৱ বৰ্মনে দুটাকৈ উইকেট দখল কৰে ।

সন্মিলন সংঘই বান্ধি দিয়া 148 ৰানৰ লক্ষ্য অনুসৰণ কৰি অৰুণোদয় সংঘই মাত্ৰ 22.4 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৷ পল্লৱ সেনৰ অপৰাজিত 66 ৰান আৰু মৃগাংক শেখৰ ভৰালী হাজৰিকাৰ 55 ৰানৰ সহায়ত সহজে জয়লাভ কৰে অৰুণোদয় সংঘই ৷

আনহাতে, প্লেয়াৰ অব দ্যা ফাইনেল মেচৰ সন্মান লাভ কৰে পল্লৱ সেনে আৰু ভেল্যুৱেবু'ল প্লেয়াৰ অব দ্যা চেম্পিয়নশ্বীপৰ সন্মান লাভ কৰে অৰুণোদয় সংঘৰ বলিং অলৰাউণ্ডাৰ আৰিফ আহমেদে । চাৰিখন মেচত 18 টা উইকেট দখল কৰি শ্ৰেষ্ঠ ব'লাৰৰ সন্মান লাভ কৰে মৰ্ণিং ষ্টাৰ ক্লাবৰ সৌৰভ সৰকাৰে । ইফালে শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে সন্মিলন সংঘৰ অজন্তা সিঙে ।

ফাইনেল মেচখনৰ পাচত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত আছিল কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্ত ৷ অসম ক্ৰিকেট সন্থাৰ সহায়-সহযোগিতাৰ লগতে খেলুৱৈ তথা খেল পৰিচালনাৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে সভাপতি মণিমাধৱ মহন্তই ।

উল্লেখ্য যে, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ‍্যোগত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়শ্বীপৰ জিলা পৰ্য‍ায়ৰ খেলসমূহ নাগশংকৰস্থিত ডা৹ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগনত 24 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল ৷

লগতে পঢ়ক : আইচিচিৰ আচৰণ বিধি উলংঘন, ভুল স্বীকাৰ বুমৰাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.