ETV Bharat / politics

কংগ্ৰেছ শূন্য হোৱাৰ দিশে বঙাইগাঁও জিলা; বিজেপিত যোগদানৰ বাবে সাজু 15 হেজাৰ কংগ্ৰেছ কৰ্মী !

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:47 AM IST

Updated : Feb 21, 2024, 9:27 AM IST

Shankar Prasad Ray joining Bjp: কংগ্ৰেছ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ৰ সৈতে আন বহু কংগ্ৰেছ নেতাই যোগদান কৰিব বিজেপি দলত ৷ কংগ্ৰেছ দললৈ পদত্যাগ পত্ৰ প্ৰেৰণৰ পাচত সংবাদ মাধ্যমৰ আগত এই মন্তব্য ৰায়ৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে জিলাখনৰ পৰা প্ৰায় 15 হেজাৰ কংগ্ৰেছীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদানৰ সম্ভাৱনা ৷

শূন্য হোৱাৰ দিশে নেকি বঙাইগাঁও জিলা কংগ্ৰেছ ?

বঙাইগাঁও, 21 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ ৰাজনৈতিক খহনীয়াৰ সন্মুখীন হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ দলটো । এজনৰ পাচত আনজনকৈ কংগ্ৰেছ বিধায়কে শাসকীয় দল তথা চৰকাৰৰ প্ৰতি আনুগত্য স্বীকাৰ কৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছ আৰু হাইকামাণ্ড সন্মুখীন হৈছে সমস্যাৰ ।

শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কংগ্ৰেছ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ৰ পদত্যাগ পত্ৰই কঁপাইছে ৰাজীৱ ভৱনৰ ভিতৰচ’ৰা । কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ পিছত এইবাৰ নেতাগৰাকী বিজেপি দলৰ শৰণাপন্ন হ’ব বুলি সদ্য পদত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ৷

With  many other Congress leaders Shankar Prasad Ray will joined BJP by on 22 nd February
কংগ্ৰেছ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ৰ পদত্যাগ পত্ৰ

অহা 22 ফেব্ৰুৱাৰীৰ দিনা বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীত নেতাগৰাকীয়ে পুনৰ বিজেপি দলত যোগদান কৰিব বুলি জনায় । আনকি আৱেগৰ বশৱৰ্তী হৈহে একালৰ আছু কৰ্মীগৰাকীয়ে কংগ্ৰেছ দলত যোগদান কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । নেতাগৰাকীয়ে 22 ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ সৈতে আন বহু কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে । আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও জিলাৰ পৰা প্ৰায় ১৫ হেজাৰ কংগ্ৰেছীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব বুলিও ৰায়ে জনায় ।

সদ্য দলত্যাগী নেতাজনে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰতিশ্ৰুতি পূৰণত কংগ্ৰেছ দল সদায়ে ব্যৰ্থ হৈ আহিছে বুলি উল্লেখ কৰে ৷ টিকট অথবা ৰাজনৈতিক মুনাফাৰ বিপৰীতে এগৰাকী সাধাৰণ কৰ্মী হিচাবে কাম কৰি যাবলৈহে ৰায়ে পুনৰ বিজেপি দলত যোগদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত কয় ৷

লগতে পঢ়ক: আকৌ খহনীয়াৰ ইংগিত ! বিজেপি-অগপলৈ যাব ৩ কংগ্ৰেছী নেতা

Last Updated : Feb 21, 2024, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.