ETV Bharat / politics

প্ৰত্যাহ্বানৰে ভৰা জিলা পৰিষদ অগপলৈ এৰিছে নেকি বিজেপিয়ে ? - PANCHAYAT ELECTIONS 2025

তেজপুৰত বিজেপিয়ে অগপক এৰি দিবনে আসন ? কোনখন আসন অগপৰ বাবে ৰাখিছে বিজেপিয়ে ?

Which are the seats that BJP will give to AGP in Tezpur constituency
প্ৰত্যাহ্বানৰে ভৰা জিলা পৰিষদ অগপলৈ এৰিছে নেকি বিজেপিয়ে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 7:57 PM IST

7 Min Read

তেজপুৰ: তেজপুৰ বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিচৰামতে অগপক জিলা পৰিষদৰ আসন নিদিয়ে বিজেপিয়ে । যাৰ বাবে মঙলবাৰে নিশা তেজপুৰ জিলা অগপৰ কাৰ্যালয়ত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ । শতাধিক অগপ কৰ্মী-প্ৰতিনিধিয়ে কাৰ্যালয়ত আহি জবাবদিহি কৰিলেহি বিষয়ববীয়াসকলক । একমাত্ৰ ভোমোৰাগুৰি আসনখন এৰি দি বিজেপিয়ে যেন একপ্ৰকাৰ মাধমাৰ দিলে অগপৰ নিজা বিধায়ক থকা তেজপুৰ সমষ্টিত ।

আনহাতে জিলাখনৰ বৰচলা, ঢেকীয়াজুলি আৰু ৰঙাপৰাত অগপক দিয়া নহয় জিলা পৰিষদৰ আসন । এই সন্দৰ্ভত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক বিষয়টোৰ সন্দৰ্ভত জানিবলৈ বিচৰাত তেওঁ কয়- "ইতিমধ্যে এই বিষয়ে আলোচনা অব্যাহত আছে আৰু আজি সন্ধিয়াৰ ভিতৰত সমগ্ৰ বিষয় স্পষ্ট হ'ব । অগপ বিধায়ক থকা তেজপুৰ বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনক লৈ দুই মিত্ৰদল বিজেপি আৰু অগপৰ মাজত আসনৰ মীমাংসা এতিয়ালৈকে হোৱা নাই ।"

প্ৰত্যাহ্বানৰে ভৰা জিলা পৰিষদ অগপলৈ এৰিছে নেকি বিজেপিয়ে ? (ETV Bharat Assam)

উল্লেখযোগ্য যে, সমষ্টিটোত মুঠ চাৰিখন জিলা পৰিষদৰ আসনৰ ভিতৰত অগপ দলে দুখন বিচাৰিছে যদিও ইয়াৰে মাত্ৰ এখনহে দিবলৈ সন্মতি জনাইছে জিলা বিজেপিয়ে । তাকো অগপক বিজেপিয়ে দিবলৈ ওলাইছে ভোমোৰাগুৰি জিলা পৰিষদৰ আসনখন য’ত অগপ দল তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক । অগপ দলে ভোমোৰাগুৰি জিলা পৰিষদৰ লগতে অসমীয়া ভোটাৰ অধ্যুষিত হলেশ্বৰ জিলা পৰিষদৰ আসনখনো বিচাৰিছে ।

কিন্তু বিজেপি দলে হলেশ্বৰ জিলা পৰিষদৰ আসনখন এৰি নিদিয়ে অগপক । অগপই দাবী কৰা অনুসৰি, হলেশ্বৰ জিলা পৰিষদীয় অঞ্চলত অগপ দলৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত । ইয়াৰ বিপৰীতে বিজেপিয়ে হলেশ্বৰ জিলা পৰিষদৰ পৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰিছে । একেদৰে অগপ দলে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো তেজপুৰত মুঠ ছখন আসন বিচাৰিছিল মিত্ৰদল বিজেপিক ।

কিন্তু বিজেপিয়ে অগপক আঞ্চলিক পঞ্চায়তৰ চাৰিখন আসনহে এৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছে । তদুপৰি এই আসন চাৰিখনো আকৌ ভোমোৰাগুৰি জিলা পৰিষদৰ অন্তৰ্গত চাৰিখন আঞ্চলিক পঞ্চায়তহে । ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা এই চাৰিখন আসনৰ বিপৰীতে অগপ দলে বিন্দুকুৰি, পৰ্বতীয়া আৰু ঊষাপুৰ আঞ্চলিক পঞ্চায়তৰ আসন বিচাৰিছে যদিও বিজেপি দলে এইকেখন আসনৰ ভিতৰত এখন আসনো অগপক এৰি দিবলৈ ৰাজী নহয় ।

তেজপুৰ বিধানসভা সমষ্টিত অগপ দলক দুখন জিলা পৰিষদৰ আসন দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্বৰে পৰাই বিজেপি দলৰ নেতৃত্বই দিছিল বুলি প্ৰকাশ কৰি অগপৰ তেজপুৰ জিলা সমিতিৰ এক সূত্ৰই কয় যে, কিন্তু এতিয়া বিজেপিৰ জিলা পৰ্যায়ৰ একাংশ নেতাই কেৱল ভোমোৰাগুৰি জিলা পৰিষদৰ আসনখনৰ লগতে ইয়াৰ চাৰিখন আঞ্চলিক পঞ্চায়তৰ আসনহে এৰি দিবলৈ বিচাৰিছে অগপক ।

প্ৰকৃততে ভোমোৰাগুৰি জিলা পৰিষদীয় এলেকাত বিজেপি আৰু অগপৰ সাংগঠনিক ভেটি পূৰ্বৰে পৰাই শক্তিশালী নহয় আৰু সেয়ে এই প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপিয়ে হ’বলৈ নিবিচাৰি অগপ দলক ঠেলি দি আসনৰ নামত দলটোক এক সান্ত্বনা দিয়াৰহে চেষ্টা কৰিছে । ইপিনে তেজপুৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অগপক জিলা পৰিষদৰ দুখন আসন এৰি দিব বুলি কৈ আছে যদিও অগপই বিচৰা হলেশ্বৰ জিলা পৰিষদৰ আসনখন দিবলৈ জিলা বিজেপি আগ্ৰহী নহয় ।

ইপিনে অগপই আকৌ হলেশ্বৰ জিলা পৰিষদৰ বাবে দলীয় প্ৰাৰ্থীও প্ৰায় নিশ্চিত কৰি ৰাখিছে । লক্ষ্যণীয়ভাৱে, জিলা পৰিষদৰ নিৰ্বাচনত পূৰ্বে অগপ দলৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ নজিৰ থকা ডেকাৰগাঁও আৰু পৰ্বতীয়া জিলা পৰিষদৰ আসন অগপই এইবাৰ বিচৰা নাই । দলটোৱে বিপদজনক ভোমোৰাগুৰি জিলা পৰিষদৰ আসনখন গ্ৰহণ কৰাৰ পিছত এতিয়া হলেশ্বৰ জিলা পৰিষদৰ আসনখনক লৈহে ব্যস্ত আছে ।

কিন্তু এইখন আসনৰ নিশ্চয়তা নথকাত এতিয়া অগপ দলৰ বিধায়ক থকাৰ পিছতো তেজপুৰত দলটোৱে দ্বিতীয়খন জিলা পৰিষদৰ আসন লাভ নকৰাৰ আশংকাত ভোগা অগপ কৰ্মীসকল ক্ষুন্ন হোৱাৰ লগতে এইদৰে মিত্ৰতা ৰক্ষা নহয় বুলিও একাংশই মন্তব্য কৰিছে । ইপিনে পঞ্চায়ত নিৰ্বাচনত এইবাৰ ঢেকীয়াজুলি, বৰচলা আৰু ৰঙাপৰাত অগপ দলৰ চিনমোকামেই নোপোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

এই তিনিটা বিধানসভা সমষ্টিত অগপ দলক বিজেপিয়ে এখনো জিলা পৰিষদৰ আসন এৰি নিদিয়ে । অগপই বৰছলাত এখন জিলা পৰিষদৰ আসন বিচাৰিছিল যদিও বিজেপিয়ে ইয়াত এখনো আসন নিদিয়ে বুলি স্পষ্ট কৰি দিছে । মনকৰিবলগীয়া যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে শোণিতপুৰত ৰাজনৈতিক দল তথা ভালেসংখ্যক প্ৰাৰ্থী তৎপৰ হৈ উঠিছে ।

নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি শোণিতপুৰত মুঠ ভোটাৰৰ সংখ্যা ৭,৯৯,৬৪০ জন । ইয়াৰে ভিতৰত ৩,৯৮,৯০৬ গৰাকী পুৰুষ, ৪,০০,৭১৬ গৰাকী মহিলা আৰু ১৮ গৰাকী অন্য শ্ৰেণীভুক্ত । মানচিত্ৰ অনুসৰি মুঠ ২০ খন জিলা পৰিষদ সমষ্টি, আঠখন আঞ্চলিক পঞ্চায়ত সমষ্টি, ৮৮ খন গাঁও পঞ্চায়ত, ৮৮০ টা ৱার্ড আৰু ১,০৭০ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ।

ইপিনে, নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি, তিনি এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ লগতে ১১ এপ্ৰিলৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব সকলো প্ৰাৰ্থীয়ে । যদিও বৰ্তমানলৈকে আঞ্চলিক পঞ্চায়তৰ ৪৩ খন মনোনয়ন পত্ৰ দাখিল কৰাৰ তথ্য পোৱা গৈছে । আনহাতে, মনোনয়ন পৰীক্ষা তথা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগতে যি সকলে মনোনয়ন উঠাই ল'ব বিচাৰে তেওঁলোকে ১৭ এপ্ৰিলৰ ভিতৰত মনোনয়ন উঠাই ল'ব পাৰিব ।

ইফালে, শোণিতপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে জিলা আয়ুক্ত অংকুৰ ভৰালীৰ অধ্যক্ষতাত ৰাজনৈতিক দলসমূহৰ স’তে এক বৈঠকও অনুষ্ঠিত হয় । উক্ত বৈঠকত জিলাখনৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, জিলা উন্নয়ন আয়ুক্ত লক্ষীনন্দন চহৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত টৱাহিৰ আলম, নিৰ্বাচনী বিষয়া আহমদুল্লাহ ঠাকুৰীয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ।

বৈঠকত বিষয়ববীয়াসকলে নিৰ্বাচনৰ প্ৰাৰম্ভিক সময়সূচীৰ বিৱৰণ দিয়ে আৰু মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া, মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ আৰু শপতনামাৰ সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰা আৰু নিৰ্বাচনী প্ৰতীক আবণ্টনৰ পদ্ধতি সন্দৰ্ভতো আলোচনা কৰে । আৰক্ষী অধীক্ষক পূৰকায়স্থই আৰ্হি আচৰণ বিধিৰ সন্দৰ্ভত বৰ্ণনা কৰাৰ লগতে নিৰ্দেশনাসমূহ মানি চলিবলৈ ৰাজনৈতিক দলসমূহৰ প্ৰতি আহ্বান জনায় ।

বৈঠকত জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত অনুমোদিত কৰ্মচাৰীসকলৰ নামৰ তালিকাও প্ৰদান কৰে । ৰাজনৈতিক দলসমূহক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰীৰ অনুমোদিত মুল্যৰ বিষয়ে জনোৱা হয়, যাৰ আধাৰত প্ৰাৰ্থীসকলৰ ব্যয় পৰ্যবেক্ষণ কৰা হ’ব । তদুপৰি সকলো ৰাজনৈতিক দলকে ভোটগ্ৰহণ কেন্দ্ৰৰ তালিকা প্ৰদান কৰা হয় যাতে তেওঁলোকৰ নিৰ্বাচনী প্ৰস্তুতিৰ ব্যৱস্থা কৰিব পাৰে আৰু জনোৱা হয় যে চৰকাৰী নিৰ্দেশনা অনুসৰি পঞ্চায়ত নিৰ্বাচন ২০২৫ সম-জিলাসমূহৰ বাবে সম-জিলা আয়ুক্ত পৰ্যায়ত অনুষ্ঠিত হ’ব ।

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত শোণিতপুৰৰ তেজপুৰ বিধানসভা সমষ্টি, ৰঙাপৰা বিধানসভা সমষ্টি আৰু বৰচলা বিধানসভা সমষ্টি অন্তৰ্গত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত গাঁও পঞ্চায়তৰ ভোটাৰসকলৰ বাবে পোষ্টেল বেলট পেপাৰ আৰু ই.ডি.চি. কোষ আৰু পোষ্টেল বেলট পেপাৰ ড্ৰপ বক্স সুবিধা কেন্দ্ৰ শোণিতপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ বাকিজাই শাখা ৩২ নম্বৰ কোঠাত পাঁচ এপ্ৰিলৰ পৰা স্থাপন কৰা হৈছে ।

লগতে পঢ়ক: অমৃতপাল সিঙৰ আৰু এজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ নিয়াৰ প্ৰস্তুতি - DIBRUGARH CENTRAL JAIL

উজনিৰ পৰা গুৱাহাটীলৈ আহিব খুজিছে ? তেন্তে এই বাতৰি আপুনি পঢ়ি লোৱাটো খুব জৰুৰী - ROAD DIRECTION TO GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.