ETV Bharat / politics

আগতে বিজেপিয়ে 200 পাৰ কৰক : শিলচৰত মমতাৰ হুংকাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 6:28 PM IST

শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ ৷ বিজেপিয়ে দেশ ভাঙিব জানে, বিজেপিয়ে দেশ জ্বলাব জানে- বিজেপিক আক্ৰমণ মমতা বেনাৰ্জীৰ ৷

MAMATA BANERJEE SILCHAR VISIT
বিজেপিক আক্ৰমণ মমতা বেনাৰ্জীৰ
শিলচৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

শিলচৰ, 17 এপ্ৰিল : "বিজেপিয়ে 400 পাৰ কৰাৰ কথা কৈ আছে ৷ আগতে বিজেপিয়ে 200 পাৰ কৰক ৷" শিলচৰত বিজেপিক উৎখাত কৰাৰ হুংকাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ বুধবাৰে শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সভাত বিজেপিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰে তেওঁ ৷

মমতা বেনাৰ্জীয়ে নিজৰ ভাষণ প্ৰসংগত কয়- "বিজেপিয়ে দেশ ভাঙিব জানে, বিজেপিয়ে দেশ জ্বলাব জানে ৷ বিজেপিয়ে ভাৰতৰ গণতন্ত্ৰক লজ্জিত কৰিছে, সমগ্ৰ ভাৰতক জেললৈ ৰূপান্তৰ কৰিছে ৷ আজি কোনো লোকে স্বাধীনভাৱে কথা কব নোৱাৰে, কোনেওৱে ভাল কাম কৰিব নোৱাৰে, ক’লেই প্ৰশাসনৰ জৰিয়তে জেলত ভৰাই থয় ৷ মণিপুৰ জ্বলি শেষ হ'ল কিন্তু বিজেপিৰ এটোপাল চকুপানী নোলাল ৷ বিজেপিয়ে ক্ষমতাৰ স্বাৰ্থত মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰি দেশ ধ্বংস কৰিব বিচাৰিছে ৷ এই লোকসভা নিৰ্বাচন কেৱল সাধাৰণ নিৰ্বাচন নহয় ৷ এই নিৰ্বাচন দেশ, গণতন্ত্ৰ, স্বাধীনতা ৰক্ষাৰ যুঁজ ৷ এই যুঁজ কেৱল বিজেপিৰ বিৰুদ্ধে নহয়, এই যুঁজ স্বৈৰাচাৰী, অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে ৷"

বিজেপিক কটাক্ষ কৰি মমতা বেনাৰ্জীয়ে কয়-" বিজেপিয়ে 400 পাৰ কৰাৰ কথা কৈ আছে ৷ আগতে বিজেপিয়ে 200 পাৰ কৰক ৷ এইবাৰ নিৰ্বাচনত বিজেপি হাৰিব ৷" তেওঁ লগতে কয়- "আজি মই পৰীক্ষণলৈ আহিছো, ফাইনেল এতিয়াও বাকী আছে ৷" ইফালে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত শক্তিশালী যো-জাৰ বাবে ইংগিত দিলে মমতা বেনাৰ্জীয়ে ৷ 2026ৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি কয় ৷

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বুধবাৰে শিলচৰত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মমতা বেনাৰ্জীয়ে ৷ শিলচৰ টাউন ক্লাব খেলপথাৰত তৃণমূল কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে তেওঁ ৷ দুপৰীয়া 12 বজাত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈ তেওঁ শিলচৰ টাউন ক্লাবত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৷ এই বিশাল জনসভাত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ সুস্মিতা দেৱকে ধৰি কেইবা হাজাৰ লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : আজি অসমত মোদী-মমতাৰ মেজিক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.