ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত; উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত সৰ্বাধিক ভোটদান - Lok Sabha Election 2024

author img

By ANI

Published : Apr 27, 2024, 8:17 AM IST

Lok Sabha Election 2024
LS Polls 2024

LS Polls 2024: ৬০.৯৬ শতাংশ ভোটদানেৰে সমাপ্ত হ'ল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । শুকুৰবাৰে মুঠ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৮৮ টা সংসদীয় সমষ্টিত ভোটদান কৰা হয় ।

নিউজ ডেস্ক, ২৭ এপ্ৰিল: ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, সন্ধিয়া ৭ বজালৈকে ৬০.৯৬ শতাংশ ভোটাৰৰ ভোটৰ হাৰেৰে শুকুৰবাৰে ৮৮টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সামৰণি পৰে । শুকুৰবাৰে মুঠ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৮৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হয় ।

দ্বিতীয় পৰ্যায়ৰ বাবে কেৰালাৰ ২০ টা, কৰ্ণাটকৰ ১৪ টা, ৰাজস্থানৰ ১৩ টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮ টা, মধ্যপ্ৰদেশৰ ৭ টা, অসম আৰু বিহাৰৰ ৫ টা, বংগ আৰু ছত্তীশগড়ৰ ৩ টা সমষ্টি আৰু জম্মু-কাশ্মীৰ, মণিপুৰ আৰু ত্ৰিপুৰাৰ ১ টাকৈ সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় ।

ইয়াৰ পূৰ্বে এই পৰ্যায়ত ৮৯টা সমষ্টিত ভোটদানৰ কথা আছিল । কিন্তু মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ এজন প্ৰাৰ্থীৰ মৃত্যুৰ পিছত মধ্যপ্ৰদেশৰ বেতুলত ভোটগ্ৰহণৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হয় । এতিয়া বেতুলত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'ব অহা ৭ মে’ত ।

এই ৰাউণ্ডৰ মূল প্ৰাৰ্থীৰ ভিতৰত আছিল কংগ্ৰেছৰ ৰাহুল গান্ধী, কে চি ভেনুগোপাল, ভূপেশ বাঘেল, শশী থাৰুৰ আৰু অশোক গেহলটৰ পুত্ৰ বৈভৱ গেহলট । বিজেপিৰ অভিনেত্ৰী হেমা মালিনী আৰু ১৯৮০ চনৰ আইকনিক ধাৰাবাহিক ৰামায়ণৰ অৰুণ গোভিল, বিজেপিৰ জ্যেষ্ঠ নেতা তেজস্বী সূৰ্য, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।

নৱবিবাহিতৰ পৰা জ্যেষ্ঠ নাগৰিক, জনজাতীয়ৰ পৰা আৰম্ভ কৰি আই টি পেছাদাৰী, পি ডব্লিউ ডি, মহিলা আৰু যুৱক-যুৱতীলৈকে সকলোকে ভোটদানৰ বাবে শাৰী পাতি ৰৈ থকা দেখা গৈছিল । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণিৰ লগে লগে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদান সম্পূৰ্ণ হৈছে । পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচন অহা ৭ মে’ত হ’ব । ১ জুনত সপ্তম তথা শেষ পৰ্যায়ৰ নিৰ্বাচনৰ তিনিদিন পিছত ৪ জুনত ভোটগণনা হ’ব ।

বিহাৰৰ বাংকা, মাধেপুৰা, খগড়িয়া আৰু মুংগেৰ সমষ্টিৰ বহু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হয় যাতে গৰম বতৰত ভোটাৰক সুবিধা প্ৰদান কৰা হয় । গৰমৰ পৰা ৰেহাই পাবলৈ চামিয়ানা, খোৱাপানী, মেডিকেল কিট, ফেনৰ ব্যৱস্থাকে ধৰি বিশেষ ব্যৱস্থা কৰা হয় ভোটাৰৰ সুবিধা বাবে ।

দ্বিতীয় পৰ্যায়ত বাষ্টাৰ আৰু ছত্তীশগড়ৰ কংকৰ পিচিৰ ৪৬ খন গাঁৱৰ ভোটাৰে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত নিজৰ গাঁৱত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে । এইদৰে প্ৰথম পৰ্যায়কে ধৰি সামগ্ৰিকভাৱে গাঁওবাসীৰ সুবিধাৰ্থে এই পিচিসমূহত প্ৰথমবাৰৰ বাবে ১০২টা নতুন ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল ।

আয়োগে বিশেষভাৱে দুৰ্বল জনজাতি গোট (পিভিটিজি), বৃদ্ধ, যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা, মহিলা, আৰু হিজড়াৰ মাজত ভোটদানৰ সুবিধাৰ বাবে বিশেষ প্ৰচেষ্টা চলাইছিল । ক্ৰিকেটৰ ছুপাৰষ্টাৰ অনিল কুম্বলে, ৰাহুল দ্ৰাবিড় আৰু জাভাগল শ্ৰীনাথকে ধৰি অন্যান্য খেলুৱৈয়ে বেংগালুৰুৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা দেখা গৈছিল । আঙুলিৰ চিয়াঁহীৰে ভংগীমা কৰি তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ গুৰুত্বৰ বাৰ্তা যুৱক-যুৱতীসকলৰ মাজলৈ প্ৰেৰণ কৰে ।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সন্ধিয়া ৫ বজালৈকে ৭৭.৯৫ শতাংশ ভোটদানৰে ত্ৰিপুৰা আগবাঢ়ি আছে, আনহাতে উত্তৰ প্ৰদেশত সৰ্বনিম্ন ভোটদানৰ হাৰ ৫২.৭৪ শতাংশ ভোটদান হয় শুকুৰবাৰে ।

১৪টা সমষ্টিত ভোটগ্ৰহণ হোৱা কৰ্ণাটকত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া ৭ বজাৰ ভিতৰত ভোটদানৰ হাৰ ৬৪.৪৬ শতাংশ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত অনুষ্ঠিত হৈ সন্ধিয়া ৬ বজাত সমাপ্ত হয় ।

মণিপুৰ (৭৬.০৬ শতাংশ), আৰু পশ্চিম বংগ (৭১.৮৪ শতাংশ), ছত্তীশগড় (৭২.১৩ শতাংশ) আৰু অসমত (৭০.৬৬ শতাংশ) সন্ধিয়া ৫ বজালৈকে সুকলমে ভোটদান সম্পূৰ্ণ হয় । মণিপুৰ বাহিৰ সংসদীয় সমষ্টিৰ বাবে শুকুৰবাৰে বিয়লি ৪ বজালৈকে ৭৬.০৫ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ প্ৰদান কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচন সমাপ্ত কৰে ।

পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ আঠখন পাহাৰীয়া জিলাৰ ১৩ টা বিধানসভা খণ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হয় । ভোটদান বহুলাংশে শান্তিপূৰ্ণ আছিল যদিও ইভিএম আৰু অন্যান্য ভোটগ্ৰহণ সামগ্ৰী ধ্বংস হোৱাৰ পিছত উখৰুল জিলাৰ তিনিটা কেন্দ্ৰৰ সন্দৰ্ভত ভোটগ্ৰহণ ব্যাহত হৈ পৰে ।

মহাৰাষ্ট্ৰ (৫৩.৫১ শতাংশ), বিহাৰ (৫৩.০৩ শতাংশ), মধ্যপ্ৰদেশ (৫৪.৮৩ শতাংশ) আৰু ৰাজস্থান (৫৯.১৯ শতাংশ)ত তুলনামূলকভাৱে কম ভোটদান হোৱা ৰাজ্য ।

আন ৰাজ্যৰ ভোটাৰৰ হাৰ তলত দিয়া ধৰণৰ: কেৰালা (৬৩.৯৭ শতাংশ), কৰ্ণাটক (৬৩.৯০ শতাংশ), আৰু জম্মু-কাশ্মীৰ (৬৭.২২ শতাংশ)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বিচাৰিছে, আনহাতে সাধাৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গঠিত বিৰোধী ঐক্য INDI মিত্ৰজোঁটে তেওঁক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে চকু ৰাখিছে ।

১০৯৮ জন পুৰুষ আৰু ১০২ জন মহিলাকে ধৰি ১২০২ জন প্ৰাৰ্থীয়ে এই যুঁজত অংশগ্ৰহণ কৰিছিল । প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব পৰা ভোটাৰৰ ভিতৰত ৮.০৮ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ আছিল । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫,৯২৯ জন তৃতীয় লিংগৰ নিৰ্বাচকেও নিজৰ অধিকাৰ ব্যৱহাৰ কৰি ভোটদান কৰে । এপেক্স প’ল বডিয়ে আৰু কয় যে প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰৰ সংখ্যা ৩৪.৮ লাখ ।

৮৫+ বছৰ বয়সৰ ১৪.৭৮ লাখৰো অধিক ভোটাৰ, ১০০ বছৰৰ ওপৰৰ ৪২,২২৬ জন আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১৪.৭ লাখ পিডব্লিউডি ভোটাৰক ঘৰৰ পৰাই ভোটদানৰ বিকল্প প্ৰদান কৰা হৈছে ।

বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী অনুশীলন সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যোৱা ১৯ এপ্ৰিলত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্জীয়ন হোৱা ভোটাৰৰ হাৰ ৬২ শতাংশৰ ওপৰত । অহা ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ।

লগতে পঢ়ক: নিশা 9 বজালৈকে অসমৰ পাঁচ সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ 71.04 % - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.