ETV Bharat / politics

তুলিৰাম ৰংহাঙৰ নেতৃত্বত কার্বি আংলঙত চলিছে কোম্পানীৰাজ: জগতছিং ইংতি - Congress joining programme in Diphu

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:35 PM IST

Congress joining programme : ৰাজ্যিক বিজেপিত খহনীয়া ৷ ডিফুত জ্যেষ্ঠ বিজেপি নেতা প্রদীপ ৰংপি, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পিটাৰ তিছ'সহ বহু নেতাৰ কংগ্ৰেছত যোগদান ৷ তুলিৰাম ৰংহাঙৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা প্রাক্তন বিধায়ক জগতছিং ইংতিৰ ৷ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ ইংতিৰ ৷

veteran bjp leader PRADIP RONGPI and MANY congress workers JOIN CONGRESS
তুলিৰাম ৰংহাঙৰ নেতৃত্বত কার্বি আংলঙত চলিছে কোম্পানীৰাজ: জগতছিং ইংতি

ডিফু, 17 এপ্রিল: নির্বাচনৰ প্রাকমুহূৰ্তত বিজেপি দলত সৃষ্টি হৈছে খহনীয়াৰ । চিন্ঠং পৰিষদীয় সমষ্টিৰ পৰা চাৰিবাৰকৈ নিৰ্বাচিত হৈ পৰিষদত দীর্ঘকাল ধৰি কাৰ্যবাহী সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰদীপ ৰংপি, বিজেপি দলৰ আইটি চেলৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য পিটৰ তিছ', হামৰেণ নগৰ সমিতিৰ বিজেপিৰ ৱাৰ্ড কমিছনাৰ দিলীপ হাঞ্চে, মণ্ডল বিজেপিৰ প্রাক্তন সভাপতি তথা বৰ্তমানৰ অনুসূচিত জনজাতি মৰ্চাৰ উপ-সভাপতি জয়ছিং বংৰুং, বিজেপি দলৰ প্ৰাক্তন সম্পাদক বাছিন ইংতি, মহিলা বিজেপিৰ নেত্ৰী সংগীতা বে'পীৰ নেতৃত্বত 21 গৰাকী মহিলাই বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে মঙলবাৰে কংগ্ৰেছ দলত যোগদান কৰে ।

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি বিদ্যাছিং ৰংপিৰ সভাপতিত্বত জিলা কংগ্রেছ কার্যালয়ত অনুষ্ঠিত যোগদান কার্যসূচীত এনপিপি দলৰ হৈ বিগত বিধানসভাৰ নিৰ্বাচনৰ প্রার্থী ডেভিড ৰেংমা, ৰাজেন তিমুং, এপিএইচএলচি দল আৰু এএছডিচি দলৰ শতাধিক কর্মীয়ে কংগ্রেছ দলত যোগদান কৰে । এই যোগদান কাৰ্যসূচীত দলৰ ডিফু লোকসভা সমষ্টিৰ দলীয় প্রার্থী জয়ৰাম ইংলেংসহ আন বহু জ্যেষ্ঠ নেতাও উপস্থিত থাকে ।

কংগ্ৰেছ দলত আনুষ্ঠানিকভাবে যোগদান কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত প্রদীপ ৰংপিয়ে কয়, "ৰাজ্যিক অথবা জিলা পর্যায়ত বিজেপি দলত এতিয়া জ্যেষ্ঠজনৰ প্রতি সম্মান নাই । 2016 চনত তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপিত যোগদান কৰিছিলো যদিও বিজেপি দলত জ্যেষ্ঠজনৰ প্রতি কোনো সন্মান নথকাৰ প্রতি লক্ষ্য ৰাখি আজি পুনৰ ঘৰলৈ ঘূৰি আহিলো ।"

আনহাতে, যোগদান কাৰ্যসূচীৰ পূৰ্বে দলৰ তিনি জ্যেষ্ঠ নেতা প্রাক্তন বিধায়ক জগতছিং ইংতি, প্রাক্তন কাৰ্যবাহী সদস্য ৰতন ইংতি, দলৰ জ্যেষ্ঠ নেতা ছেমছনছিং ইংতিয়ে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলযোগে নেতা তিনিগৰাকীয়ে পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক সমালোচনা কৰে । জগতছিং ইংতিয়ে তুলিৰাম ৰংহাঙক একনায়কত্ববাদী শাসন চলোৱা বুলি সমালোচনা কৰি স্বায়ত্ত শাসনৰ নামত জিলাবাসীক আভুৱা ভৰা বুলি তীব্র সমালোচনা কৰে ।

বিগত এটা বছৰ ধৰি পৰিষদৰ অধীনত সৰু সৰু ঠিকাদাৰ ক্ৰমে নাইকিয়া হৈ যোৱা বুলি উল্লেখ কৰি বিগত এটা বছৰ ধৰি পৰিষদে সৰু সৰু ঠিকাদাৰক বিলৰ ধনো মোকলাই নিদিয়া বুলি তীব্র সমালোচনা কৰে । তুলিৰাম ৰংহাঙে নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ ওচৰত স্বায়ত্ত শাসন সন্দৰ্ভত এটা বাক্যও উচ্চাৰণ কৰিব নোৱাৰে বুলি সমালোচনা কৰি তুলিৰাম ৰংহাঙে মুখ্যমন্ত্রীৰ লগ লাগি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত কোম্পানীৰাজ চলাইছে বুলি সমালোচনা কৰে ।

ৰতন ইংতিয়ে দেশৰ বিত্তমন্ত্ৰী নির্মলা সীতাৰমণৰ স্বামীয়ে বিজেপি চৰকাৰক সমালোচনা কৰাৰ কথা উল্লেখ কৰি ইয়াতকৈ ডাঙৰ সমালোচনা আৰু কি হ'ব পাৰে বুলি প্রশ্নৰ অৱতাৰণা কৰে । তুলিৰাম ৰংহাং আৰু কোম্পানীৰ লুণ্ঠনৰ জবাব পাহাৰৰ জনতাই এইবাৰ বেলটেৰে দিব বুলিও সংবাদমেলত নেতা তিনিগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক: এই নিৰ্বাচনত বি জে পি জয়ী হ'লে গণতন্ত্ৰ শেষ কৰি দিব: পৱন খেৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.