ETV Bharat / politics

নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে পুনৰ প্ৰধানমন্ত্রী হ'ব: কেন্দ্ৰীয় মন্ত্রী সোণোৱাল

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:32 PM IST

Sarbananda Sonowal: গুৱাহাটীৰ জ্যোতিকুছিত জনসভা সম্বোধন কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ । কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰি ভাৰতক বিশ্বৰ বুকুত এখন দুর্বল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল বুলি কোৱাৰ লগতে বিগত ১০ বছৰ দেশৰ বাবে সোণালী সময় বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Sarbananda Sonowal
পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হ'ব বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীৰ জ্যোতিকুছিত জনসভা সম্বোধন সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, 11 ফেব্ৰুৱাৰী : "পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হ'ব ৷ আমাৰ দেশৰ আদৰ্শবাদী-সুযোগ্য-বলিষ্ঠ নেতা তথা বিশ্বৰ সবাতোকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ৷" এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ দেওবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত ভাগ লোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক পাঁচবছৰীয়া কাৰ্যকালত ভাৰতবৰ্ষই বিশ্বৰ তিনিখন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰৰ ভিতৰত এখন হিচাপে খ্যাতি লাভ কৰিব ৷ এইখন চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত অগ্ৰগতি হোৱাতো সকলোৱে দেখিছে বুলি তেওঁ কয় ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত তেওঁ কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে যি নিৰ্দেশ দিব সেই নিৰ্দেশেই তেওঁ নিষ্ঠা সহকাৰে পালন কৰিব ৷

ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ জ্যোতিকুছিস্থিত 22 নং ৱাৰ্ডৰ 203 নং বুথত স্থানীয় ৰাইজৰ সৈতে "আকৌ এবাৰ মোদী চৰকাৰ" অভিযানত অংশগ্ৰহণ কৰাৰ লগতে এখন জনসভা সম্বোধন কৰে ৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 10 বছৰ হৈছে দেশৰ বাবে সোণালী সময় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত দেশৰ শাসনভাৰ লোৱাৰ পৰাই দেশৰ বুকুত উন্নয়নৰ এক নৱজাগৰণৰ সূচনা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত ভাৰতবৰ্ষত সুশাসন, সমতা আৰু সমন্বয়ৰ এক নতুন যুগৰ সৃষ্টি হৈছে, য'ত সৰ্বস্তৰৰ লোকেই সম-মর্যাদা আৰু সম-বিকাশৰ সাক্ষী হৈছে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত কৃষক, যুৱপ্ৰজন্ম, মহিলা শক্তি, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী সকলোৰে আশা-আকাংক্ষা পূৰণ হৈছে ৷

তেওঁ কয় যে কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰি ভাৰতক বিশ্বৰ বুকুত এখন দুৰ্বল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল ৷ কংগ্ৰেছে গণতন্ত্ৰক মর্যাদা দিয়া নাছিল, দেশবাসীৰ ওপৰত জাপি দিছিল জৰুৰীকালীন অৱস্থা ৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত বিজেপি চৰকাৰে দেশৰ সৰ্বাংগীণ উন্নয়নৰ নতুন ধাৰা বোৱাই আনিলে ৷ প্ৰধানমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণে প্ৰত্যক্ষ কৰিছে সৰ্বাংগীণ উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন যুগ ৷

তেওঁ কয় যে আমাৰ সকলোৰে লক্ষ্য হৈছে 2047 চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত দেশ হিচাপে উজলাই তোলা ৷ বিগত 10 বছৰত উত্তৰ-পূবত হোৱা আমূল পৰিৱৰ্তনৰ ফলত সমগ্ৰ অঞ্চলটো এতিয়া বাণিজ্যৰ সম্ভাব্য 'হটস্পট' হৈ পৰিছে ৷ বিগত 10 বছৰত প্ৰধানমন্ত্ৰীয়ে নিজে 60 বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীসকলে প্ৰায় 900 বাৰ উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে ৷

তেওঁ কয় যে সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক সঁহাৰি, আস্থা আৰু উৎসাহ-উদ্দীপনাই তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ গঠনৰ সম্ভাৱনা ক্ৰমাৎ শক্তিশালী কৰিছে ৷ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়কে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত আছিল ৷

লগতে পঢ়ক : ১৪ ফেব্ৰুৱাৰীতহে ৰজাপুখুৰী শ্যাম গাঁৱলৈ যাব মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.