ETV Bharat / politics

আগন্তুক পঞ্চদশ পৰিকল্পনাৰ অন্তত দেশবাসী অধিক লাভান্বিত হ'ব: কৌশল কিশোৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:04 PM IST

Kaushal Kishore: বুধবাৰে তেজপুৰত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰ ৷ মন্ত্ৰীগৰাকীয়ে তেজপুৰত জীৱন মিছন আঁচনিৰ পৰ্যবেক্ষণ কৰাৰ লগতে সৌৰশক্তিচালিত বৈদ্যুতিক ব্যৱস্থাৰো তদাৰক কৰে ৷

Kaushal Kishore
তেজপুৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰ

তেজপুৰ, ৭ ফেব্ৰুৱাৰী : ‘‘আগন্তুক পঞ্চদশ পৰিকল্পনাৰ অন্তত দেশবাসী অধিক লাভান্বিত হ'ব ৷ প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব চৰকাৰী সুবিধা ৷’’ বুধবাৰে তেজপুৰত এই কথা ক’লে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰে ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ স্ব-নিধি নিয়োজন আঁচনিৰ অধীনত দেশৰ ৭৮ লাখ লোকক স্ব-নিৰ্ভৰশীল কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ ‘বিকশিত ভাৰত, আত্মনিৰ্ভৰ ভাৰত’ গঢ়াৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ন-ন পৰিকল্পনা ৷

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা নগৰ, গৃহ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰ বুধবাৰে উপস্থিত হয় তেজপুৰত ৷ তেজপুৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছন আঁচনিৰ পৰ্যবেক্ষণ কৰাৰ লগতে সৌৰশক্তিচালিত বৈদ্যুতিক ব্যৱস্থাৰো তদাৰক কৰে ৷

তাৰোপৰি তেজপুৰৰ পৰোৱাত নিৰ্মিত প্ৰেক্ষাগৃহ, দোলাবাৰীৰ নিচামুক্তি কেন্দ্ৰ আদি পৰ্যবেক্ষণ কৰাৰ অন্তত তেজপুৰ পৌৰসভা পৰিচালিত শৃংখলাৱদ্ধ পদপথৰ দোকানত উপস্থিত হৈ দোকানীসকলৰ সৈতে কথা পাতি বুজ লয় তেওঁলোকে লাভ কৰা সা-সুবিধা সম্পৰ্কে ৷

মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ স্ব-নিধি নিয়োজন আঁচনিৰ অধীনত তেজপুৰ চহৰৰ এনে ১৪৪৪ গৰাকী পদপথৰ দোকানীয়ে ১০ ৰ পৰা ৫০ টকালৈকে ঋণ লাভ কৰি আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত চৰকাৰী আৱাসগৃহ লাভ নকৰা ২ কোটি লোকক পুনৰ গৃহ প্ৰদান কৰা হ'ব বুলি সদৰী কৰি ৩ কোটি মহিলাক লাখপতি বাইদেউ বনোৱাৰ কথা জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি, ১৫০০০ আত্মসহায়ক গোটসমূহকো চৰকাৰী আঁচনিৰ অধীনত সামৰি লোৱা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেজপুৰত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যম বিতৰ্ক, তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.