ETV Bharat / politics

কংগ্ৰেছৰ দিনতে আটাইতকৈ বেছি জে’ললৈ গৈছিলো- কিয় ক’লে অখিল গগৈয়ে - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 3:42 PM IST

MLA Akhil Gogoi : বিজেপিতকৈও বেছি বাৰ জেল’লৈ পঠিয়াইছিল কংগ্ৰেছ চৰকাৰে ৷ তথাপিতো কংগ্ৰেছৰ হৈ কিয় ব্যাপক প্ৰচাৰ বিধায়ক অখিল গগৈৰ ? কংগ্ৰেছৰ প্ৰচাৰ সভাতে জে’ল যাত্ৰাৰ ৰাজহুৱা হিচাপ দিলে গগৈয়ে ৷ কংগ্ৰেছ আৰু বিজেপিৰ দিনত কিমানবাৰ জে’ললৈ গৈছিল অখিল গগৈ, চাওক এই প্ৰতিবেদনত ৷

MLA Akhil Gogoi
অখিল গগৈ (ইটিভি ভাৰত অসম)
অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ (ইটিভি ভাৰত অসম)

গুৱাহাটী, 5 মে’ : বিজেপিক কঠোৰ সমালোচনাৰে কংগ্ৰেছৰ হৈ লোকসভা নিৰ্বাচনত ব্যাপক প্ৰচাৰ অভিযান চলালে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী সভাবোৰত উপস্থিত থাকে অখিল গগৈ ৷ হুছেইনৰ সমৰ্থনত সভাবোৰত দেখা গ’ল বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতি ।

কংগ্ৰেছৰ হৈ অন্তঃকৰণেৰে প্ৰচাৰ চলালেও অখিল গগৈয়ে পাহৰা নাই কংগ্ৰেছৰ দিনত কিমানবাৰ জে’ললৈ যাব লগা হৈছিল ৷ এতিয়ালৈকে বিভিন্ন আন্দোলন আৰু প্ৰতিবাদজনিত গোচৰৰ বাবে মুঠ 36 বাৰ জে’ললৈ যাব লগা হৈছে অখিল গগৈ ৷ পিছে এতিয়ালৈ কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ দিনত কিমানবাৰ জে’ললৈ অখিল গগৈ যাবলগীয়া হৈছে জানেনে ? এই হিচাপ নিজেই দিছে গগৈয়ে ৷

কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি বিধায়ক গগৈয়ে কয় যে, মাত্ৰ এবাৰ বা দুবাৰ নহয়, 20 বাৰকৈ তেওঁক জে’ললৈ পঠিয়াইছিল কংগ্ৰেছ চৰকাৰে ৷ আনহাতে, এতিয়ালৈ 16 বাৰ বিজেপি চৰকাৰৰ দিনত জে’ললৈ যাবলগীয়া হৈছে গগৈয়ে ৷

শনিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিৰ গৌৰনগৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই দিয়া ভাষণত এই তথ্য সদৰী কৰে অখিল গগৈয়ে ৷ উল্লেখযোগ্য যে, 2021 চনত বিধায়ক হোৱাৰ আগলৈকে জে’ললৈ যোৱাতো অখিল গগৈৰ এক নৈমিত্তিক ৰুটিন আছিল ৷ আনকি জে’লৰ পৰাই নিৰ্বাচন খেলি তেওঁ বিধায়ক হৈছিল ৷

স্বাভাৱিকতে প্ৰশ্ন উঠে, অখিল গগৈয়ে কংগ্ৰেছৰ দিনত ইমানবাৰ জে’ললৈ যাবলগীয়া হোৱাৰ পিছতো কিয় এতিয়া কংগ্ৰেছৰ হৈ ইমান দেহে-কেহে লাগি নিৰ্বাচনী প্ৰচাৰ চলাইছে ?

ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতেই শিৱসাগৰ বিধায়কগৰাকীয়ে এইদৰে নিৰ্বাচনত বিৰোধী ঐক্যৰ হৈ প্ৰচাৰ চলোৱাৰ কথাও সদৰী কৰে ৷ সেয়ে উপস্থিত ৰাইজক বিজেপি-অগপ মিত্ৰজোঁট আৰু এ আই ইউ ডি এফ-ক পৰাস্ত কৰি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ অখিল গগৈয়ে আহ্বান জনোৱাৰ লগতে ৰাইজক ভোট দিবলৈ শপত গ্ৰহণ কৰোৱায় ৷

সি যিয়েই নহওক 36 বাৰৰ 20 বাৰেই কংগ্ৰেছ চৰকাৰৰ দিনত জে’ললৈ যাবলগীয়া হোৱাৰ পিছতো, অখিল গগৈয়ে চলোৱা নিৰ্বাচনী প্ৰচাৰে চৌদিশে ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত বিশাল বাইক ৰেলী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.