ETV Bharat / politics

INDI মিত্ৰজোঁটত বিশৃংখলতাৰ সৃষ্টি হৈছে: ৰিপুণ বৰা

Ripun Bora press meet : INDI মিত্ৰজোঁটৰ ২৪ টা ৰাজনৈতিক দলৰ মাজত বিশৃঙ্খল লাগিছে । কোনোবাই প্ৰাৰ্থী পাব নাপাব সেইটো পিছৰ কথা এইবাৰ দেশ বচোৱাৰ যুদ্ধ, সংবিধান বচোৱাৰ যুদ্ধ । ৰাইজেই একত্ৰিত হৈ দেশ বচাব বিচাৰিছে গতিকে শেষলৈ সকলো ঠিক হৈ যাব, এই মন্তব্য ৰিপুণ বৰাৰ ।

Ripun bora press meet
ৰিপুণ বৰাৰ সংবাদ মেল
author img

By ETV Bharat Assamese Team

Published : February 10, 2024 at 10:31 PM IST

3 Min Read
Choose ETV Bharat
ৰিপুণ বৰাৰ মন্তব্য

চিৰাং, 10 ফেব্ৰুৱাৰী : চিৰাঙৰ বিজনীস্থিত সমন্বয় হোটেলৰ সভাগৃহত শনিবাৰে দিনৰ ভাগত অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এখন সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত ইণ্ডিয়া এলায়েন্সৰ ২৮ টা ৰাজনৈতিক দলৰ মাজত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিছু পৰিমাণে বিশৃংখল হোৱা বুলি মন্তব্য কৰে ৰিপুণ বৰাই । নিতিশ কুমাৰ ওলাই যোৱাৰ কথাও তেওঁ উল্লেখ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘অসমত আম আদমি পাৰ্টীয়ে তিনিটা সমষ্টি ঘোষণা কৰিছে । পশ্চিম বংগত মমতা বেনাৰ্জীয়ে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম বুলি কৈছে । কিন্তু এইবোৰ আমি চূড়ান্ত বুলি ল’ব নোৱাৰোঁ । আমাৰ মাজত মত বিৰোধ হৈছে । কোনোবাই প্ৰাৰ্থী দিয়াৰ পিচতো বিবেচনা কৰিব পাৰে । নমিনেশ্যন দিয়াৰ পৰা নমিনেশ্যন উঠাই লোৱা লৈকে সময় থাকে সালসলনি হ'বলৈ । এইবাৰৰ নিৰ্বাচন দেশ, সংবিধান, গণতন্ত্ৰ বচোৱাৰ যুদ্ধ । গতিকে শেষ মুহূৰ্তত সকলোৱে মত বিৰোধ পৰিহাৰ কৰি একত্ৰিত হ’ব । কাৰণ সকলো বিৰোধী দল একত্ৰিত হৈ বিজেপিক পৰাভূত কৰাটো ৰাইজে বিচাৰিছে । ৰাইজৰ ইচ্ছা বিৰোধী দলে পুৰণ কৰিব লাগিব । এয়া সময়ৰ আহ্বান’- সংবাদমেলত এই মন্তব্য অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ।

উক্ত সংবাদমেলত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বান সেন, জিলা তত্বাৱধায়ক ঘনকান্ত চুতীয়া, বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি লাইফুং নাৰ্জাৰীসহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে । ইফালে এই সংবাদমেলৰ পূৰ্বে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ যুৱ, মহিলা আৰু জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় । চিৰাং জিলা কাৰ্যনিৰ্বাহক সভাত সভাপিত্বত কৰে অনিৰ্বাণ সেনে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । লগতে অংশগ্ৰহণ কৰে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ তত্বাৱধায়ক ঘনকান্ত চুতীয়া, চিৰাং জিলা মহিলা তৃণমূল কংগ্ৰেছৰ তত্বাৱধায়ক পূৰবী শিকদাৰ, যুৱ তৃণমূল কংগ্ৰেছৰ উপ সভানেত্ৰী পলাক্ষী দাসকে ধৰি বহু লোক ।

আজিৰ সভাত আগন্তক লোকসভা নিৰ্বাচন সন্দৰ্ভত বিতংকৈ আলোচনা কৰাৰ লগতে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেটি হিচাপে বুথ কমিটী, VCDC কমিটী, MCLA কমিটী, ব্লক কমিটীৰ মূল বিষয়ববীয়াসকলৰ লগত ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ নেতৃত্বই মত বিনিময় কৰে । অসমত তৃণমূল কংগ্ৰেছে মুঠ ৪ টা কৈ সমষ্টি দাবী কৰিলেও ইণ্ডিয়া এলাইন্সৰ তৰফৰ পৰা এটা সমষ্টি যদি তৃণমূল কংগ্ৰেছক দিয়ে সেই সমষ্টিটো হ’ব ১নং কোকৰাঝাৰ লোকসভা সমষ্টি, এই মন্তব্য আগবঢ়ায় অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক আদৰিবলৈ উদুলি মুদুলি ৰজাপুখুৰী শ্যাম গাঁও