ETV Bharat / politics

এই মাহতে আকৌ আহিব মোদী: আহিব অমিত শ্বাহ, ৰাজনাথ সিং, গাডকাৰীও

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:53 PM IST

Lok Sabha Election 2024: এই মাহৰ ভিতৰতে অসমলৈ আকৌ আহিব নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰিও লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব বিজেপিৰ ৰাজনাথ সিং, অমিত শ্বাহ আৰু নীতিন গাডকাৰীও ৷

Lok Sabha Election
লোকসভা নিৰ্বাচন
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচনক লৈ অসমত বিৰাট আয়োজন শাসনাধিষ্ঠিত বিজেপিৰ । ফেব্ৰুৱাৰী মাহৰ ভিতৰতে অসমলৈ আকৌ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লগতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু নীতিন গাডকাৰী ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি সদৰী কৰে এই কথা ৷

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে অসমৰ ১৪ টা সমষ্টিক মুঠ পাঁচটা ক্লাষ্টাৰত ভাগ কৰি নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে । এই পাঁচটা ক্লাষ্টাৰৰ প্ৰতিটোতে থাকিব এজনকৈ তত্বাৱধায়ক । কাছাৰ, ডিফু আৰু শিলচৰ লোকসভা সমষ্টিক লৈ গঠন কৰি ক্লাষ্টাৰটোৰ তত্বাৱধায়ক বিধায়ক কৌশিক ৰায় ৷

আনহাতে লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিক লৈ গঠন কৰা ক্লাষ্টাৰৰ তত্বাৱধায়কৰ দায়িত্ব দিছে মন্ত্ৰী বিমল বড়াক ৷ কাজিৰঙা, নগাঁও আৰু শোণিতপুৰৰ তত্বাৱধায়কৰূপে থাকিব মন্ত্ৰী পীযুষ হাজৰীকা ৷ একদৰে গুৱাহাটী, দৰং-ওদালগুৰি আৰু বৰপেটাৰ দায়িত্ব দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৷ কোকৰাঝাৰ আৰু ধুবুৰীৰ দায়িত্ব দিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ।

প্ৰতিটো ক্লাষ্টাৰতে ফেব্ৰুৱাৰীৰ ভিতৰতে একোজনকৈ শীৰ্ষ ৰাষ্ট্ৰীয় নেতাই প্ৰচাৰ চলাব, ভাগ ল’ব একো একোখনকৈ বিশাল জন সমাৱেশত ৷ তিনি তৰপীয়াকৈ সভা অনুষ্ঠিত কৰি শেষত জনসমাৱেশ অনুষ্ঠিত কৰিব বুলি মন্তব্য ভৱেশ কলিতাৰ ৷

অহা ১৭ ফেব্ৰুৱাৰীত নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰচাৰৰ ৰূপৰেখা নিৰ্ধাৰণ হোৱাৰ পিচতেই কোন কোন নেতাই ক’ত প্ৰচাৰ চলাব সেয়া নিৰ্ধাৰণ হ’ব বুলিও লগতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে ফেব্ৰুৱাৰীতে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ পিচতে অসমত বিজেপিৰ যি ১২+ পৰিকল্পনা সেয়া সাকাৰ হ’ব ।

লগতে পঢ়ক: কংগ্ৰেছে তেওঁলোকৰ যুৱৰাজ'ৰ বাবে ষ্টাৰ্টআপ নিৰ্মাণ কৰিছিল : ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.