ETV Bharat / politics

কংগ্ৰেছে তেওঁলোকৰ যুৱৰাজ'ৰ বাবে ষ্টাৰ্টআপ নিৰ্মাণ কৰিছিল : ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ANI

Published : Feb 7, 2024, 7:07 PM IST

PM Modi mocks Rahul Gandhi : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নন-ষ্টাৰ্টাৰ বুলি সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ ৷ কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলটো এটা ভাল বিৰোধী হিচাপে ওলাই অহাৰ সুযোগ আছে কিন্তু তেওঁলোক ব্যৰ্থ হৈছে ৷

PM Modi mocks Rahul Gandhi
ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে কংগ্ৰেছে তেওঁলোকৰ 'যুৱৰাজ'ৰ বাবে "ষ্টাৰ্ট-আপ" নিৰ্মাণ কৰিছে, কিন্তু তেওঁ এজন "নন-ষ্টাৰ্টাৰ" ৷ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক 'যুৱৰাজ' বুলি উল্লেখ কৰি কয়, "যুৱৰাজক ষ্টাৰ্ট-আপ হিচাপে উপস্থাপন কৰা হৈছিল, কিন্তু তেওঁ এজন ষ্টাৰ্টাৰ নহয় ৷"

ইয়াৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি কয় যে বাৰে বাৰে প্ৰডাক্টটো (ৰাহুল গান্ধী) পুনৰ মুকলি কৰাৰ বাধ্যবাধকতাৰ বাবেই গ্ৰেণ্ড অল্ড পাৰ্টিৰ দোকানখন বন্ধ হৈ পৰিছে ৷ কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলটো এটা ভাল বিৰোধী হিচাপে ওলাই অহাৰ সুযোগ আছে কিন্তু সেয়া কৰিবলৈ তেওঁলোক ব্যৰ্থ হৈছে ৷ লগতে কোনো নাম নোলোৱাকৈয়ে তেওঁ অভিযোগ কৰে যে যুৱ নেতাসকলক দলত গুৰুত্ব দিয়া হোৱা নাছিল যাতে তেওঁলোকে ৰাহুল গান্ধীক ক্ষতি কৰিব নোৱাৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কংগ্ৰেছত বহুতো প্ৰতিভাশালী লোক আছে কিন্তু দলটোৱে তেওঁলোকক থিয় হ'বলৈ নিদিলে ৷ মই সদায় কামনা কৰিছিলো যে দেশখনক এটা ভাল বিৰোধীৰ প্ৰয়োজন ৷ আমি অধীৰ বাবুৰ পৰিস্থিতি দেখিবলৈ পাওঁ ৷ পৰিস্থিতি টো হ'ল যে (মল্লিকাৰ্জুন) খাৰ্গে এই সদনৰ পৰা সেই সদনলৈ (ৰাজ্যসভা) স্থানান্তৰিত হৈছে আৰু গুলাম নবী আজাদ দলৰ পৰা আঁতৰি গৈছে ৷ তেওঁলোক সকলোৱে 'পৰিয়ালবাদ'ৰ ভুক্তভোগী হৈছিল ৷"

তেওঁ লগতে কয় যে, একেটা প্ৰডাক্ট বাৰে বাৰে মুকলি কৰাৰ ফলত কংগ্ৰেছৰ দোকানত তলা লগাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ এটা পৰিয়ালৰ ভিতৰত আৱদ্ধ হৈ আছে আৰু কয় ‘‘পৰিয়ালৰ পৰা ওলাই অহাৰ প্ৰয়োজন আছে ৷’’

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "কংগ্ৰেছে দেশৰ কোটি কোটি পৰিয়ালৰ আশা-আকাংক্ষা আৰু সাফল্য দেখিবলৈ অক্ষম, তেওঁলোকে ইয়াক চাবলৈ সাজু নহয় ৷" উল্লেখ্য যে, 31 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিবেশন 9 ফেব্ৰুৱাৰীত সমাপ্ত হ’ব ৷

লগতে পঢ়ক : লখিমপুৰত প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.