ETV Bharat / politics

লখিমপুৰত প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:58 PM IST

CM Himanta Biswa Sarma in Lakhimpur:একাধিক কাৰ্যসূচী লৈ ধেমাজিলৈ যোৱা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত অনুষ্ঠিতব্য এক সভাৰ স্থান পৰিদৰ্শন কৰে । লখিমপুৰৰ লীলাবাৰীৰ বাইপাছৰ সমীপত অনুষ্ঠিত হ'বলগীয়া এক বিশাল জনসভাত প্ৰধানমন্ত্ৰীয়ে অংশগ্রহণ কৰিব।

CM Himanta Biswa Sarma in Lakhimpur
লখিমপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

লখিমপুৰ, ৭ ফেব্ৰুৱাৰী: লখিমপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৰ্তমানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ তাৰিখ নিৰ্দিষ্ট কৰা হৈৱা নাই যদিও সভাৰ প্ৰস্তুতি আৰম্ভ হৈছে । লখিমপুৰত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে ফেব্ৰুৱাৰীৰ শেষৰ ফালে লখিমপুৰৰ লীলাবাৰীৰ বাইপাছৰ সমীপত এখন বিশাল জনসভাৰ আয়োজন কৰা হৈছে । এই সভাতেই অংশগ্রহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

আজি ধেমাজি জিলাৰ গোগামুখত কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ অহাৰ পথত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ লীলাবাৰীৰ বাইপাছৰ সমীপৰ উক্ত স্থান পৰিদৰ্শন কৰে । উল্লেখ্য যে আজি পুৱা মুখ্যমন্ত্রীগৰাকীয়ে হেলিকপ্টাৰৰে গুৱাহাটীৰ পৰা আহি লখিমপুৰৰ লীলাবাৰী বিমান কোঠত অৱতৰণ কৰে । তাৰ পাছত তেওঁ ধেমাজিলৈ বুলি ৰাওনা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই পৰিদৰ্শন কালত বিধায়ক মানৱ ডেকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা আদিয়ে সংগ দিয়ে । সভাৰ স্থান পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লখিমপুৰ পৌৰসভাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ।

উল্লেখ্য় যে আজি গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গ্ৰাম্য জীৱন জীৱিকা গৱেষণা কেন্দ্ৰৰ চৌহদত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নিৰ্মাণ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ ৷ প্ৰতিমাহে চাৰি শতাধিক যুৱকে পাঁচটা বিভাগত প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপনৰ বাট মোকলাব পাৰিব ভাৰতৰ প্ৰতিষ্ঠিত নিৰ্মাণকাৰী সংস্থা এল এণ্ড টিত ৷ পকা মিস্ত্ৰি, পাইপ, ষ্ট্ৰীল বেণ্ডিং, টাইলছকে ধৰি মুঠ পাঁচটা শিতানত তিনিমহীয়া প্ৰশিক্ষণ ল'ব পাৰিব প্ৰশিক্ষাৰ্থীসকলে ৷ অসম চৰকাৰৰ দক্ষতা বিভাগ, শ্ৰম বিভাগ আৰু এল এণ্ড টিৰ মাজত ইতিমধ্যে বুজাবুজিৰ এক চুক্তি সম্পাদন হৈছে ৷ য'ত এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰিব এল এণ্ড টিয়ে ৷

লগতে পঢ়ক:গোগামুখত কাইলৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নিৰ্মাণ দক্ষতা বিকাশ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.