ETV Bharat / politics

কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হ’লে ত্ৰিশ লাখ খালী পদত হ’ব নিযুক্তি: পৰিয়ালৰ এগৰাকী মহিলাক বছৰি ১ লাখকৈ টকা - Priyanka Gandhi Assam Roadshow

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 8:08 PM IST

Priyanka Gandhi Assam Roadshow
অসমত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

Priyanka Gandhi Assam Roadshow: যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ ৷ তিতাবৰত ৰোড শ্ব’ত অংশ লৈ শাসকীয় বিজেপি তথা প্ৰধানমন্ত্ৰীক সমালোচনা প্ৰিয়ংকাৰ ৷ কংগ্ৰেছ চৰকাৰ হ’লে দেশত খালী হৈ থকা ত্ৰিশ লাখ পদত প্ৰথমতে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত মহিলা বাবে সংৰক্ষণ বিষয়ে উল্লেখ কৰে প্ৰিয়ংকাই ।

অসমত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

যোৰহাট, ১৬ এপ্ৰিল: কেন্দ্ৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে খালী হৈ থকা ত্ৰিশ লাখ পদত নিযুক্তি ব্যৱস্থা কৰা হ’ব ৷ পৰিয়ালৰ এগৰাকী মহিলাক বছেৰকত ১ লাখ টকা প্ৰদান কৰা হ’ব ৷ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি তিতাবৰত বিৰোধীৰ উমৈহতীয়া তথা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই কথা ঘোষণা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিমানযোগে যোৰহাটত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিত এক ৰোড শ্ব’ৰ জৰিয়তে গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । উক্ত প্ৰচাৰ কাৰ্যসূচীত প্ৰিয়ংকাই ভোটাৰ ৰাইজক তেওঁলোকৰ সমস্যাসমূহ সংসদত উত্থাপন কৰি সমাধানৰ ব্যৱস্থা কৰাৰ বাবে গৌৰৱ গগৈক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।

তেওঁ কংগ্ৰেছে চৰকাৰ গঠন কৰিলে খালী হৈ থকা ত্ৰিশ লাখ পদৰ নিযুক্তি ব্যৱস্থা কৰাৰ লগতে এটা পৰিয়ালৰ এগৰাকী মহিলাক বছেৰকত ১ লাখ টকা কৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰে । তেওঁ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰো প্ৰতিশ্ৰুতি দিয়ে । শাসকীয় বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ লগতে কয়, বিজেপিয়ে চৰকাৰী পদ বিলুপ্তি সাধন কৰাৰ ফলত দেশত নিৱনুৱা সমস্যা বৃদ্ধি হোৱাৰ উপৰিও খাদ্য সামগ্ৰী মূল্য আকাশলংঘী হৈ পৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত মহিলাৰ বাবে সংৰক্ষণৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

ইফালে কা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, মোৰ পিতৃয়ে অসম চুক্তি সম্পন্ন কৰিলে, কিন্তু কাৰ জৰিয়তে সেই চুক্তিক অৱমাননা কৰা হ’ল । বহু কষ্ট আৰু ত্যাগ বিনিময়ত দেশবাসীয়ে লাভ কৰা সংবিধানক বিজেপিয়ে দূৰ্বল কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । যোৰহাটত নিৰ্বাচনী প্ৰচাৰ সামৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ত্ৰিপুৰাত এক নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক: ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ বেতন বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰিয়ংকাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.