ETV Bharat / politics

তিনিগৰাকী বিত্তমন্ত্ৰীয়ে দাখিল কৰা নাছিল বাজেট, কিন্তু কিয়?

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:25 PM IST

Union Budget: 1 ফেব্ৰুৱাৰীত দেশৰ বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰিব বাজেট ৷ দেশত পূৰ্বে কেইগৰাকীমান বিত্তমন্ত্ৰী যিসকলে পাঠ কৰা নাছিল বাজেট ভাষণ । উক্ত বিত্তমন্ত্ৰীসকল কোন কোন আছিল আৰু কিয় বাজেট দাখিল কৰা নাছিল ?

Union Finance Minister
কেন্দ্ৰীয় বিত্তমন্ত্ৰী

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত দাখিল কৰিব 2024ৰ অন্তৱৰ্তীকালীন বাজেট ৷ নিৰ্মলা সীতাৰমণে ষষ্ঠবাৰৰ বাবে দাখিল কৰিব উক্ত বাজেট । উল্লেখ্য যে আটাইতকৈ বেছিবাৰ বাজেট দাখিল কৰাৰ অভিলেখ গঢ়ি থৈছে দেশৰ চতুৰ্থগৰাকী প্ৰধানমন্ত্ৰী তথা ইন্দিৰা গান্ধী কেবিনেটৰ বিত্তমন্ত্ৰী মোৰাৰজী দেশায়ে । তেওঁ বিত্তমন্ত্ৰী হিচাপে ১০ বাৰ বাজেট দাখিল কৰিছিল ।

মোৰাৰজী দেশাইৰ পিচতে উক্ত তালিকাত আহে পি চিদাম্বৰমৰ নাম ৷ চিদাম্বৰমে 9 বাৰ দাখিল কৰিছিল বাজেট ৷ কিন্তু দেশত এনে তিনিগৰাকী বিত্তমন্ত্ৰী আছিল, যি তিনিগৰাকীয়ে এবাৰো বাজেট কৰা নাছিল ৷ তিনিওগৰাকী ভূতপূৰ্ব বিত্তমন্ত্ৰীয়ে বাজেট দাখিল নকৰাৰ কাৰণ আছিল ভিন্ন আৰু আকৰ্ষণীয় ৷

ক্ষিতীশ চন্দ্ৰ নেওগী: স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী বিত্তমন্ত্ৰী আছিল ক্ষিতীশ চন্দ্ৰ নেওগী ৷ পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা নেওগীক দেশৰ প্ৰথম বিত্ত আয়োগৰ অধ্যক্ষ হিচাপেও দায়িত্ব দিয়া হৈছিল । ১৯৫১ চনত বিত্ত আয়োগৰ অধ্যক্ষ হোৱাৰ পূৰ্বে তেওঁ ১৯৪৮ চনৰ আগষ্টত দেশৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী আৰ.কে. শানমুখমৰ স্থান লৈছিল । কিন্তু কেৱল 35 দিনৰ বাবেহে ক্ষিতীশ চন্দ্ৰ নেওগী বিত্তমন্ত্ৰীৰ আসনত আছিল ৷

সেয়েহে তেওঁ বাজেট দাখিলৰ সুযোগ লাভ কৰা নাছিল আৰু পৰৱৰ্তী পৰ্যায়ত ১৯৪৮ চনৰ ছেপ্টেম্বৰত তেওঁৰ স্থান লয় জন মাথায়ে ৷ সেয়েহে ক্ষিতীশ চন্দ্ৰ নেওগী দেশৰ প্ৰথম বিত্তমন্ত্ৰী হৈয়ো বাজেট দাখিল কৰিব নোৱাৰিলে । উল্লেখ্য যে ক্ষিতীশ চন্দ্ৰ নেওগী সংবিধান সভাৰ সদস্য আছিল ৷ দেশৰ প্ৰথমখন চৰকাৰত তেওঁ স্থান লাভ কৰিছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁক কেবিনেট মন্ত্ৰী হিচাবে দায়িত্বভাৰ দিছিল ।

হেমৱতী নন্দন বহুগুণা: উত্তৰ প্ৰদেশৰ দুবাৰৰ মুখ্যমন্ত্ৰী আছিল হেমৱতী নন্দন বহুগুণা আৰু তেওঁ আছিল চাৰিবাৰকৈ লোকসভাৰ সাংসদ ৷ ১৯৭৯ চনত তেওঁ চৌধুৰী চৰণ সিঙৰ চৰকাৰত দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰে ৷ কিন্তু ত্ৰয়োদশ বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল আছিল ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৭৯ চনৰ ২৫ অক্টোবৰলৈকেহে ৷ ইমান কম সময়ৰ কাৰ্যকাল হোৱাৰ বাবে তেওঁ বাজেট ভাষণ দিয়াৰ সুযোগ লাভ নকৰিলে ।

উল্লেখ্য যে ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত হেমৱটি নন্দন বহুগুণা পৰাজিত হৈছিল ৷ তেওঁ আছিল এলাহাবাদ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু বলীউড অভিনেতা অমিতাভ বচ্চনে বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰে হেমৱটি নন্দন বহুগোণাক ।

এন ডি তিৱাৰী: নন্দন বহুগুণা আৰু কেচি নেওগীয়ে বাজেট দাখিল কৰিবপৰা নাছিল চমু কাৰ্যকালৰ বাবে ৷ কিন্তু এন ডি তিৱাৰীৰ কাৰ্যকাল তেওঁলোকতকৈ দীঘলীয়া আছিল যদিও বাজেট ভাষণ পাঠ কৰিব নোৱাৰি এই তালিকাত তৃতীয়গৰাকী বিত্তমন্ত্ৰীৰ স্থান লাভ কৰিছে ৷

ভাৰতীয় ৰাজনীতিত নাৰায়ণ দত্ত তিৱাৰী এটা গুৰুত্বপূৰ্ণ নাম ৷ দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখো গঢ়ি থৈছে নাৰায়ণ দত্ত তিৱাৰীয়ে ৷ তেওঁ তিনিবাৰ উত্তৰ প্ৰদেশৰ আৰু এবাৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আছিল । ১৯৫২ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা এন ডি তিৱাৰীৰ ৰাজনৈতিক কেৰিয়াৰ আছিল দীঘলীয়া ৷ কেৱল প্ৰধানমন্ত্ৰীৰ বাহিৰে এন ডি তিৱাৰীয়ে প্ৰায় প্ৰতিটো মুখ্য পদতে অধিষ্ঠিত আছিল । তেওঁ বিধায়ক, সাংসদ, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপালো আছিল । কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈ তেওঁ কংগ্ৰেছ(তিৱাৰী) নামৰে পৃথক ৰাজনৈতিক দলো গঠন কৰিছিল ৷

এন ডি তিৱাৰীয়ে ৰাজীৱ গান্ধী চৰকাৰত বৈদেশিক মন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল । বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল কেচি নেওগী আৰু হেমৱাটি নন্দন বহুগোণাতকৈ দীঘল আছিল যদিও স্বাধীন ভাৰতৰ তৃতীয়গৰাকী বাজেট দাখিল নকৰা বিত্তমন্ত্ৰী আছিল ৷

1987 চনত এন ডি তিৱাৰীয়ে ৰাজীৱ গান্ধী চৰকাৰত বিত্তমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল আছিল ১৯৮৭ চনৰ ২৫ জুলাইৰ পৰা ১৯৮৮ চনৰ ২৫ জুনলৈকে প্ৰায় এবছৰ । কিন্তু তেওঁ বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰিব পৰা নাছিল, কাৰণ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দাখিল কৰিছিল সেই বৰ্ষৰ বাজেট ।

সেয়েহে, এতিয়ালৈকে দেশৰ বিত্তমন্ত্ৰীসকলৰ ভিতৰত কেচি নেওগী, হেমৱাতি নন্দন বহুগোণা আৰু এন ডি তিৱাৰী হৈছে সংসদত বাজেট ভাষণ নিদিয়া বিত্তমন্ত্ৰী ।

লগতে পঢ়ক: অন্তৱৰ্তীকালীন বাজেট কি ? এইবাৰ কিয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.