ETV Bharat / bharat

অন্তৱৰ্তীকালীন বাজেট কি ? এইবাৰ কিয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:03 PM IST

Updated : Jan 31, 2024, 2:50 PM IST

Interim Budget 2024: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে সদনত বাজেট দাখিল কৰিব । কিন্তু এইবাৰ বাজেট হ’ব অন্তৱৰ্তীকালীন বাজেট । এই অন্তৱৰ্তীকালীন বাজেট কি ? জানি লওক অন্তৱৰ্তীকালীন বাজেটৰ অ আ ক খ...

Interim Budget 2024
What is budget

নিউজ ডেস্ক, 30 জানুৱাৰী: জানুৱাৰী মাহৰ 31 তাৰিখৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন ৷ 1 ফেব্ৰুৱাৰীতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বিত্তীয় বাজেট ৷ কিন্তু এইবাৰৰ বাজেট যোৱা পাঁচবছৰৰ বাজেটতকৈ কিছু পৃথক হ’ব ৷ কিয়নো এইখন বাজেট হ’ব অন্তৱৰ্তীকালীন বাজেট ৷ এই অন্তৱৰ্তীকালীন বাজেট কি ? কিয় এইবাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিবলৈ ওলাইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ? সাধাৰণ বাজেট আৰু অন্তৱৰ্তীকালীন বাজেটৰ মাজত পাৰ্থক্য কি ? এই সকলো কথা সৰলভাৱে ব্যাখ্যা কৰা হৈছে এই প্ৰতিবেদনত ৷

বাজেট কি ?

প্ৰতিবছৰে দেশৰ বিত্তমন্ত্ৰীয়ে আগন্তুক বিত্তীয় বৰ্ষৰ আয় আৰু ব্যয়ৰ হিচাপ দাখিল কৰে সংসদত ৷ আমাৰ দেশত বিত্তীয় বৰ্ষ আৰম্ভ হয় এপ্ৰিল মাহৰ 1 তাৰিখে আৰু অন্ত পৰে মাৰ্চ মাহৰ 31 তাৰিখে ৷ বেলেগ বেলেগ দেশে এই ক্ষেত্ৰত পৃথক তাৰিখ নিৰ্ধাৰণ কৰে ৷ উদাহৰণ স্বৰূপে অষ্ট্ৰেলিয়াত বিত্তীয় বৰ্ষ আৰম্ভ হয় 1 জুলাইত আৰু অন্ত পৰে 30 জুনত ৷ সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰত 1 অক্টোবৰত আৰম্ভ হৈ 30 ছেপ্টেম্বৰত অন্ত পৰে বিত্তীয় বৰ্ষ ৷ আন কিছুমান দেশত 1 জানুৱাৰীত বিত্তীয় বৰ্ষ আৰম্ভ হৈ 31 ডিচেম্বৰত শেষ হয় ৷ এই সকলো নিৰ্ভৰ কৰে দেশ এখনৰ চৰকাৰৰ ওপৰত ৷

এটা বিত্তীয় বৰ্ষত চৰকাৰ কি কি উৎসৰ পৰা কিমান ধন আয় হ’ব আৰু কোন শিতানত কিমান ব্যয় কৰা হ’ব, তাৰ হিচাপ-নিকাজেই হৈছে সৰল অৰ্থত বাজেট ৷ এই বাজেটৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে নতুন আঁচনি, কৰৰ হ্ৰাস-বৃদ্ধি আদি নিৰ্ণয় কৰে ৷ বিত্ত মন্ত্ৰণালয়ত নিযুক্ত বিষয়া সকলে সকলো মন্ত্ৰণালয়, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিভাগসমূহৰ পৰা তথ্য সংগ্ৰহ কৰে ৷ মন্ত্ৰণালয় আৰু বিভাগৰ মাজত আলোচনা-বিলোচনা তথা কেবা লানিও বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত বাজেট প্ৰস্তুত কৰা হয় ৷ সেই বাজেট কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে লোকসভাত উত্থাপন কৰে ৷

অন্তৱৰ্তীকালীন বাজেট কি ?

আচলতে শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকাল এইবাৰ অন্ত পৰিব ৷ এপ্ৰিল বা মে’ মাহত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ তাৰ পিচত কেন্দ্ৰত নতুন চৰকাৰ গঠন হ’ব ৷ সেইবাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ পৰিৱৰ্তে কেইমাহমানৰ বাবেহে বাজেট দাখিল কৰিব ৷ যাক অন্তৱৰ্তীকালীন বাজেট বা ভোট অন একাউন্ট বুলি কোৱা হয় ৷ নিৰ্বাচনৰ পিচত যেতিয়া দেশত নতুন চৰকাৰ গঠন হ’ব, তেতিয়া নৱ নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰে সংসদৰ অধিবেশন অনুষ্ঠিত কৰিব আৰু বিত্তমন্ত্ৰীয়ে পূৰ্ণাংগ বাজেট দাখিল কৰিব ৷ জুন বা জুলাই মাহত যেতিয়া নতুন চৰকাৰ অধিবেশন অনুষ্ঠিত হ’ব, তেতিয়া বিত্তমন্ত্ৰীয়ে পুনৰ বাজেট দাখিল কৰিব ৷ সেই বাজেট হ’ব 2024-25 বৰ্ষৰ পূৰ্ণাংগ বিত্তীয় বজেট ৷

অন্তৱৰ্তীকালীন বাজেট সন্দৰ্ভত আৰু অলপ সহজভাৱে বুজি লওক:

যোৱা বৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2023-24 বৰ্ষৰ বাজেট দাখিল কৰিছিল ৷ সেই বিত্তীয় বৰ্ষ আৰম্ভ হৈছিল 1 এপ্ৰিল 2023 ত আৰু অন্ত পৰিব 2024 চনৰ 31 মাৰ্চত ৷ অৰ্থাৎ তেতিয়া এটা পূৰ্ণাংগ বিত্তীয় বৰ্ষৰ বাবেই প্ৰস্তুত কৰা হৈছিল বাজেট ৷ কিন্তু এতিয়া 31 মাৰ্চৰ পিচত দেশত আৰম্ভ হ’ব সাধাৰণ নিৰ্বাচন আৰু গঠন হ’ব নতুন চৰকাৰ ৷ নিৰ্বাচনী প্ৰক্ৰিয়া অন্ত পৰি নতুন চৰকাৰে শপত গ্ৰহণ কৰা লৈকে মে’ মাহ পাবগৈ ৷ তাৰ পিচত জুন বা জুলাই মাহত চৰকাৰে সংসদৰ অধিবেশন অনুষ্ঠিত কৰিব ৷ ভাবকচোন তেতিয়ালৈকে দেশৰ খৰচ-পাতি কিদৰে চলিব ? এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হয় ৷ অন্তৱৰ্তীকালীন বাজেটৰ জৰিয়তে চৰকাৰে আগন্তুক কেইমাহমানৰ বাবে আয় আৰু ব্যয়ৰ হিচাপ অৰ্থাৎ বাজেট দাখিল কৰে ৷ যাতে নতুন চৰকাৰ গঠনলৈকে বিত্তীয় ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷

সাধাৰণ বাজেট আৰু অন্তৱৰ্তীকালীন বাজেটৰ মাজত পাৰ্থক্য:

যদি এতিয়াও আপোনাৰ মনত অন্তৱৰ্তীকালীন বাজেট সন্দৰ্ভত কিছু আসোৱাঁহ ৰৈ গৈছে তেন্তে সাধাৰণ বাজেট আৰু অন্তৱৰ্তীকালীন বাজেটৰ প্ৰভেদ বুজি লওক ৷ ই আপোনাক সহায় কৰিব ৷ প্ৰতিবছৰে দাখিল কৰা সাধাৰণ বাজেট আৰু এইবাৰ দাখিল হ’ব লগীয়া অন্তৱৰ্তীকালীন বাজেটৰ মাজত মুখ্য পাৰ্থক্য হৈছে সময় ৷ পূৰ্ণাংগ বাজেট এটা বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা হয় ৷ আনহাতে অন্তৱৰ্তীকালীন বাজেট কেইমাহমানৰ বাবেহে দাখিল কৰা হয় ৷

চৰকাৰে অন্তৱৰ্তীকালীন বাজেটত কোনো নীতিগত তথা কৰৰ হাৰ বৃদ্ধিৰ কথা ঘোষণা নকৰে ৷ কিয়নো ই নতুন চৰকাৰৰ বাবে বোজা হ’ব পাৰে ৷ আনকি ইয়াৰ কোনো বাধ্য-বাধকতাও নাই ৷ কিন্তু আগন্তুক নিৰ্বাচনত ই শাসকীয় দলৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৷ সাধাৰণ বাজেটতহে চৰকাৰে নতুন নীতিৰ পৰা আৰম্ভ কৰি নতুন আঁচনি আৰু কৰৰ ক্ষেত্ৰত সাল-সলনি কৰে ৷

সাধাৰণ বাজেটৰ বিপৰীতে অন্তৱৰ্তীকালীন বাজেটত নতুন আঁচনি ঘোষণা নকৰি প্ৰচলিত চৰকাৰী আঁচনিৰ বাবে পুঁজি অনুমোদন জনোৱা হয় ৷ অন্তৱৰ্তীকালীন বাজেট এক প্ৰকাৰ আগন্তুক কিছুমাহৰ বাবে চৰকাৰী ব্যয়ৰ দৰে ৷ যাৰ বাবে সংসদৰ পৰা অনুমতি লোৱা হয় ৷ ইয়াৰ ওপৰত কোনো চৰ্চা নহয় ৷ কিন্তু সাধাৰণ বাজেট যেতিয়া দাখিল কৰা হয়, তেতিয়া সদনৰ মজিয়াৰ পৰা আৰম্ভ কৰি টিভি চেনেলৰ টক্ শ্ব’লৈকে ব্যাপক চৰ্চা হয় ৷

ইয়াৰ পূৰ্বে কেতিয়া অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল ?

যি বছৰত দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, সেই বছৰত কেন্দ্ৰীয় চৰকাৰে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে । ২০১৯ চনত এনেকুৱা হৈছিল । ২০১৯ চনৰ ১ ফেব্ৰুৱাৰীত তদানীন্তন বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল । ইয়াৰ পিছত এপ্ৰিল-মে’ত লোকসভা নিৰ্বাচনৰ পিছত কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হয় আৰু নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰে । নিৰ্মলা সীতাৰমণ দেশৰ প্ৰথম পূৰ্ণকালীন বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু তাৰ পিছত ২০১৯ চনৰ ৫ জুলাইত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰে, সেয়া আছিল ২০১৯-২০ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব CAA !

Last Updated :Jan 31, 2024, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.